মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ ভৱিষ্যতক লৈ যথেষ্ট অনিশ্চয়তাৰ সৃষ্টি হৈছে। চলিত আই পি এল ছিজনত ১৪খন মেচত মাত্ৰ ৪ খনত জয়েৰে নৱম স্থানত যাত্ৰাৰ অন্ত পেলাইছে। মুঠতে দলটো ছন্দত একেবাৰেই নাই। ছবছৰ ধৰি ট্ৰফী লাভ নকৰাৰ হতাশা আৰু বাঢ়িছে।
এই পৰিস্থিতিৰ পিছতে অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ ভৱিষ্যতক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে। শুনা গৈছে যে দলটোৱে এটা ডাঙৰ পৰিৱৰ্তনৰ পথেৰে আগবাঢ়িছে আৰু ইয়াৰ আৰম্ভণি হ’ব পাৰে অধিনায়কত্বৰ পৰিৱৰ্তনেৰে।
সূত্ৰ অনুসৰি, মুম্বাই ইণ্ডিয়ানছৰ ভিতৰত কমেও তিনিজন লোকৰ সৈতে কথা পতাৰ পিছত গম পোৱা গৈছে যে হাৰ্দিক পাণ্ডিয়াই অধিনায়কত্ব হেৰুৱাৰ সম্ভাৱনা অতি বেছি। কেৱল সেয়াই নহয়, দলত তেওঁৰ স্থান থাকিব নে নাই সেই সন্দৰ্ভতো আলোচনা চলি আছে। এক সূত্ৰই কয়, ‘ছিজনৰ সময়ছোৱাত বুজা গৈছিল যে তেওঁক আৰু অধিনায়ক হিচাপে ৰখাৰ বাবে দল পৰিচালনা সমিতিয়ে বিশেষ আগ্ৰহী নাছিল। এই সন্দৰ্ভত দলটোত স্পষ্ট আলোচনা চলি আছে।’
ছিজনৰ অন্তিমখন খেলৰ অন্তত দলীয় বৈঠকত জ্যেষ্ঠ খেলুৱৈসকলক স্পষ্ট বাৰ্তা প্ৰদান কৰে প্ৰশিক্ষকে। তাত কোৱা হৈছিল, ‘য’তেই নেখেলা কিয়, প্ৰশিক্ষকৰ কথা শুনা আৰু সেই অনুসৰি খেলাটো গুৰুত্বপূৰ্ণ। বহু সময়ত তথ্যৰ ভিত্তিত লোৱা সিদ্ধান্ত খেলপথাৰত খেলুৱৈসকলে মানি লোৱা নাছিল।’
এজন অভিজ্ঞ সদস্যৰ মতে অনাগত দিনত সকলো দিশৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হ’ব। হাৰ্দিক অধিনায়ক হৈ থাকিব নে কেৱল এজন খেলুৱৈ হিচাপে থাকিব – সেয়া সকলো পৰীক্ষা কৰা হৈছে।
সূত্ৰ অনুসৰি, মুম্বাই ইণ্ডিয়ানছৰ পৰৱৰ্তী অধিনায়ক হ’ব এনে এজন ব্যক্তি যিয়ে ৰোহিত শৰ্মাৰ সমৰ্থন লাভ কৰিব। কাৰণ, দলটোৱে এতিয়া উপলব্ধি কৰিছে যে ৰোহিতৰ ঠাইত হাৰ্দিকক অধিনায়ক হিচাপে লোৱা সিদ্ধান্তটো ভুল আছিল। গতিকে এইবাৰ মেনেজমেণ্টে খৰখেদাকৈ সিদ্ধান্ত ল’ব নিবিচাৰে।
দলীয় সূত্ৰ অনুসৰি, ‘মুম্বাই ইণ্ডিয়ানছৰ পৰৱৰ্তী অধিনায়ক হ’ব এনে এজন ব্যক্তি যাক ৰোহিত শৰ্মাই সহায় কৰিব। ভুলটো ক’ত হৈছিল সেয়া দলটোৱে বুজি পাইছে। কিন্তু ৰোহিত নিজেই পুনৰ অধিনায়ক নহ’ব৷’
অৰ্থাৎ এইবাৰ ৰোহিতৰ মতামত অতি গুৰুত্বপূৰ্ণ হ’ব, কিন্তু তেওঁ নিজেই নেতৃত্বলৈ ঘূৰি নাহে বুলি স্পষ্ট ইংগিত পোৱা গৈছে।
দলটোৰ ভিতৰৰ আন এক সূত্ৰই জনোৱা মতে, সমস্যা কেৱল অধিনায়কত্বতে সীমাবদ্ধ নহয়। তেওঁৰ ভাষাত, ‘আমি পাৱাৰ প্লে’ক সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা নাছিলো, যিটো সফল দলসমূহে কৰিছে। সময়ৰ লগে লগে আমি নিজকে সলনি কৰিব পৰা নাছিলো।’
এই ছিজনত প্লে অফত প্ৰৱেশ কৰা ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে টি-২০ বেটিঙৰ এক নতুন শৈলীৰ সৃষ্টি কৰিছে, য’ত অ’পেনাৰসকলে অতি দ্ৰুত ৰান কৰে। আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছ দলে অভিজ্ঞ বলাৰৰ গুৰুত্ব দেখুৱাইছে। কিন্তু মুম্বাই ইণ্ডিয়ানছৰ ডাঙৰ নাম থকাৰ পিছতো আধুনিক টি-২০ৰ লগত খাপ খাব পৰা নাছিল।
মুম্বাই ইণ্ডিয়ানছৰ কোনো খেলুৱৈয়ে এই ছিজনত অৰেঞ্জ কেপ বা পাৰ্পল কেপৰ বাবে দৌৰত নাছিল। দলটোৰ শ্ৰেষ্ঠ বেটছমেন ৰিয়ান ৰিকেলটন ৰানৰ তালিকাত ১৭ নম্বৰত আছে, আৰু উইকেট তালিকাত ১৪ নম্বৰত আছে লেগ স্পিনাৰ আল্লাহ গাজানফৰ। প্ৰশ্ন উত্থাপন হৈছে যে ইমানবোৰ ডাঙৰ তাৰকা থকাৰ পিছতো এই প্ৰদৰ্শন কিয়?
হাৰ্দিক পাণ্ডিয়াৰ সৈতে মুম্বাইৰ সম্পৰ্ক সদায় জটিল হৈ আহিছে। পূৰ্বে তেওঁ এই দলৰ অংশ আছিল। অৱশ্যে ২০২২ চনত এম আই এৰি গুজৰাট টাইটানছলৈ যায়। তাত অধিনায়ক হিচাপে আই পি এল জিকিছিল। ইয়াৰ পিছত ২০২৪ চনত পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহে। ৰোহিত শৰ্মাৰ ঠাইত তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। তাৰ পিছৰ পৰা অনুৰাগীৰ এটা অংশই তেওঁক সহজে গ্ৰহণ কৰিব পৰা নাই।
সূত্ৰ অনুসৰি, দলটো এতিয়া ছুটীত আছে যদিও কেইসপ্তাহমানৰ পিছত যেতিয়া সকলোৱে একেলগে ঘূৰি আহিব তেতিয়া ডাঙৰ আলোচনা হ’ব, হয়তো কিছুমান কঠিন সিদ্ধান্ত লোৱা হ’ব। হাৰ্দিক অধিনায়ক হৈ থাকিব নে নাথাকিব, দলত খেলিব নে নাই, বা তেওঁৰ ভৱিষ্যত কি হ’ব, এইবোৰ এতিয়াও চূড়ান্ত হোৱা নাই।





