• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় ক্ৰিকেট দলত নতুন চমক: সূৰ্য-শুভমনৰ পৰিৱৰ্তে এছিয়ান গেমছৰ দলত যুৱ তাৰকা বৈভৱ সূৰ্যবংশী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 9:00 pm
2.4k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে ভাৰতীয় অলিম্পিক সন্থাৰ ওচৰত ৩০ জনীয়া প্ৰাথমিক ক্ৰিকেট দলৰ তালিকা দাখিল কৰিছে। এই তালিকাত শেহতীয়া টি-টুৱেণ্টি বিশ্বকাপ জয়ী অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু তাৰকা বেটছমেন শুভমন গিলক অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে ঘৰুৱা ক্ৰিকেটত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশীক প্ৰথমবাৰৰ বাবে ছিনিয়ৰ দলত স্থান দিয়া হৈছে। প্ৰতিযোগিতাখনৰ সময়ছোৱাতে ভাৰতীয় দলে আন এক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিবলগীয়া থকাৰ বাবেই ব’ৰ্ডে দুটা সুকীয়া দল গঠন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে সদৰী কৰিছে।

অহা ২৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজৰ মাটিত তিনিখন এদিনীয় আৰু পাঁচখন টি-টুৱেণ্টি মেচৰ শৃংখলা খেলিব। এছিয়ান গেমছ আৰু ৱেষ্ট ইণ্ডিজ ভ্ৰমণ একে সময়তে হোৱাৰ বাবে ভাৰতে দুটা পৃথক দল গঠন কৰিবলগীয়া হৈছে। ঘোষিত ৩০ জনীয়া প্ৰাথমিক দলটোৰ পৰাই নিৰ্বাচিত একাংশ খেলুৱৈ ৱেষ্ট ইণ্ডিজলৈ যোৱাৰ বিপৰীতে প্ৰায় ১৮ জনীয়া এটা দল এছিয়ান গেমছলৈ যাব। সূৰ্যকুমাৰ যাদৱ আৰু শুভমন গিলৰ দৰে তাৰকাক ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে সংৰক্ষিত কৰি ৰখাৰ সম্ভাৱনা আছে। প্ৰধান প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু নিৰ্বাচক অজিত আগৰকাৰে, শেহতীয়া আইপিএলৰ প্ৰদৰ্শনলৈ চাই ৱেষ্ট ইণ্ডিজত টি-টুৱেণ্টি দলৰ অধিনায়কত্ব শুভমন গিলৰ হাতত অৰ্পণ কৰাৰ কথা বিচাৰ কৰিছে বুলি জনাইছে। ভাৰতীয় ক্ৰিকেটত সাধাৰণতে তিনিওটা ফৰ্মেটতে একেগৰাকী অধিনায়ক ৰখাৰ যি পৰম্পৰা আছে, তাৰ ওপৰত ভিত্তি কৰিয়েই ব’ৰ্ডে শুভমনক এই দায়িত্ব দিব পাৰে।

Apply Now

এছিয়ান গেমছৰ বাবে ঘোষিত এই দলটোক নেতৃত্ব দিয়াৰ দৌৰত আটাইতকৈ আগত আছে অভিজ্ঞ বেটছমেন শ্ৰেয়স আয়াৰ। এই প্ৰতিযোগিতাত সফল হ’লে তেওঁ পুনৰ মূল টি-টুৱেণ্টি দলত নিজৰ স্থান মজবুত কৰিব পাৰিব বুলি আশা কৰা হৈছে। আনহাতে, ভাৰত ‘এ’ দলৰ হৈ উন্নত প্ৰদৰ্শন কৰা যুৱ খেলুৱৈ বৈভৱ সূৰ্যবংশীৰ অন্তৰ্ভুক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ক্ৰীড়া বিশেষজ্ঞসকলৰ মতে, ফৰ্মত থকা অৱস্থাতে যুৱ খেলুৱৈগৰাকীক ৰাষ্ট্ৰীয় দলত সুযোগ দিয়াটো ব’ৰ্ডৰ এক ইতিবাচক আৰু দূৰদৰ্শী পদক্ষেপ। ইয়াৰ উপৰিও এই প্ৰাথমিক দলটোত কলকাতা নাইট ৰাইডাৰ্ছৰ চাৰিগৰাকী খেলুৱৈ ক্ৰমে ৰিংকু সিং, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী আৰু অনুকূল ৰয়ে স্থান লাভ কৰিছে।

ব’ৰ্ডে দাখিল কৰা ঘোষিত ৩০ জনীয়া প্ৰাথমিক দলটোত যশস্বী জয়ছোৱাল, অভিষেক শৰ্মা, বৈভৱ সূৰ্যবংশী, ঈশান কিষান, সঞ্জু ছেমছন, শ্ৰেয়স আয়াৰ, ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, তিলক বাৰ্মা, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, অৰ্শদীপ সিং, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, প্ৰসিদ্ধ কৃষ্ণা, বৰুণ চক্ৰৱৰ্তী, অনুকূল ৰয়, আয়ুষ বদোনী, হৰ্ষ ডুবে, ধ্ৰুৱ জুৰেল, খলিল আহমেদ, ঋতুৰাজ গায়কোৱাড়, ৰবি বিষ্ণৈ, শ্বাহবাজ আহমেদ, শিৱম ডুবে, বিপৰাজ নিগম, হৰ্ষিত ৰাণা, যশ ঠাকুৰ আৰু ৱাশ্বিংটন সুন্দৰক অন্তৰ্ভুক্ত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd