• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত বিদ্ৰোহী অধ্যুষিত অঞ্চলত হোৱা প্ৰচণ্ড বিস্ফোৰণত কমেও ৫৫ জন লোকৰ মৃত্যু, আহত বহু লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 9:44 am
114
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেলিগনাইট ভৰ্তি এটা গুদামত সংঘটিত বিস্ফোৰণত কমেও ৫৫ জন লোকৰ মৃত্যু ঘটিছে। বহু আহত হয়। ম্যানমাৰৰ শ্বান ৰাজ্যৰ কাউংটুপ গাঁৱত দেওবাৰে সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰিছে বহু লোক। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে। এতিয়াও চলি আছে উদ্ধাৰৰ কাম। স্থানীয় প্ৰশাসনে বিস্ফোৰণ কেনেদৰে সংঘটিত হ’ল তাৰ তদন্ত অব্যাহত ৰাখিছে।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি কাউংটুপ গাঁৱৰ কাষতে নামখাম টাউনশ্বিপ। সমগ্ৰ অঞ্চলটো জনবসতিপূৰ্ণ। ইয়াত এটা ডাঙৰ শিলৰ কুৱেৰী ​​আছে। ইয়াৰ কাষতে এটা গুদাম। তাত শিল ভাঙিবলৈ বৃহৎ পৰিমাণৰ জেলিগনাইট বিস্ফোৰক জমা কৰি ৰখা হৈছিল। দুপৰীয়াৰ সময়ত হঠাতে সংঘটিত হয় এই বিস্ফোৰণ। প্ৰথমে এটা জুইৰ গোলক ছিটিকি পৰে। ইয়াৰ পিছতে এক প্ৰচণ্ড শব্দত সমগ্ৰ অঞ্চলটো কঁপি উঠে। নিমিষতে চৌপাশৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে।

Apply Now

বিস্ফোৰণৰ ফলত কাষৰ বহু ঘৰ-দুৱাৰ ভাঙি যায়। কেইবাটাও চুবুৰী একেবাৰে ধ্বংসাৱশেষলৈ পৰিণত হয়। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সন্ধিয়ালৈকে শতাধিক গাঁওবাসীক উদ্ধাৰ কৰা হৈছে।

ম্যানমাৰৰ কেইবাটাও সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে গাঁওবাসীয়ে ভাবিছিল যে বিমান আক্ৰমণ হৈছে। লগে লগে আত্মীয়ক উদ্ধাৰৰ বাবে ততাতৈয়াকৈ আগবাঢ়ি যায়।

চৌদিশে ধ্বংসপ্ৰাপ্ত ঘৰ, তেজৰ ডোঙা আৰু মৃতদেহ। এনে ভয়ংকৰ পৰিস্থিতি দেখি বহু লোকে আতংকিত হৈ ভাগি পৰে। কিছু সময়ৰ ভিতৰতে দুৰ্যোগ সঁহাৰি বাহিনী ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ কৰে।

স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত ২৫গৰাকী মহিলা আৰু ৩০জন পুৰুষ আছে। এতিয়াও চলি আছে উদ্ধাৰৰ কাম। প্ৰাথমিক অনুসন্ধানৰ পৰা দেখা গৈছে যে জেলিগনাইট দীৰ্ঘদিন ধৰি ৰখাৰ ফলত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ ফলতে এই বিস্ফোৰণ ঘটিছিল।

বৰ্তমান কাউংটুপ গাঁওখন টা-আউং ৰাষ্ট্ৰীয় মুক্তি সেনাৰ নিয়ন্ত্ৰণত আছে। ২০২১ চনত সামৰিক জুন্টাই আউং ছান ছু কিক উৎখাত কৰিছিল। তেতিয়াৰ পৰা সমগ্ৰ দেশখন বাস্তৱিকতে গৃহযুদ্ধত লিপ্ত হৈছে।

২০২৩ চনৰ শেষৰ ফালে টা-আউং নেচনেল লিবাৰেশ্যন আৰ্মীয়ে পুনৰ ম্যানমাৰৰ সেনাবাহিনীৰ বিৰুদ্ধে যুঁজ দি নামখামকে ধৰি আশে-পাশে থকা কেইবাটাও অঞ্চল নিয়ন্ত্ৰণ কৰে। পিছত দুয়োপক্ষই চীনৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে যদিও উত্তেজনা সম্পূৰ্ণৰূপে হ্ৰাস পোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd