মধ্যপ্ৰাচ্যৰ যুদ্ধ বন্ধ কৰি বিশ্ব অৰ্থনীতি আৰু তেলৰ বজাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী মুকলি কৰাৰ যি আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা চলি আছিল, সি হঠাতে এক জটিল ৰূপ ধাৰণ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে যে ইৰাণে যাতে কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে, সেই সন্দৰ্ভত তেওঁ তেহৰাণৰ পৰা নিশ্চয়তা লাভ কৰিছে। কিন্তু এই সকাহৰ খবৰৰ পিছতেই আমেৰিকাৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ট্ৰাম্পে চুক্তি চূড়ান্ত কৰাৰ পৰিৱৰ্তে কিছুমান অধিক কঠোৰ চৰ্ত আৰোপ কৰি ইৰাণলৈ এক নতুন প্ৰস্তাৱ প্ৰেৰণ কৰিছে। আমেৰিকা প্ৰশাসনৰ এই নতুন পদক্ষেপৰ ফলত যুদ্ধবিৰতি চুক্তি পুনৰ পিছুৱাই যোৱাৰ আশংকা কৰা হৈছে।
আমেৰিকাৰ নিউ ইয়ৰ্ক টাইমছ আৰু এক্সিঅছৰ দৰে আগশাৰীৰ সংবাদ মাধ্যমে জনাইছে যে শনিবাৰে ট্ৰাম্পে ইৰাণলৈ বিবেচনাৰ বাবে যি নতুন খচৰা প্ৰেৰণ কৰিছে, তাত আগতকৈ বহুত বেছি কঠোৰ চৰ্ত আৰোপ কৰা হৈছে। অৱশ্যে সেই চৰ্তসমূহ আচলতে কি, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ফক্স নিউজত নিজৰ বোৱাৰী লাৰা ট্ৰাম্পক দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে স্পষ্টকৈ কয় যে তেওঁৰ একমাত্ৰ চৰ্তটো হ’ল ইৰাণৰ হাতত কোনো পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰিব। তেওঁ লগতে কয় যে ইৰাণ এই চৰ্তত সন্মত হৈছে, যিটো যথেষ্ট আকৰ্ষণীয়। পিছে ট্ৰাম্পৰ এই দাবীক ইৰাণে কিমান গুৰুত্ব দিছে, তাক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ পূৰ্বেও ইৰাণে ট্ৰাম্পৰ এনে ধৰণৰ বহু দাবী নাকচ কৰিছে।
প্ৰকৃততে আলোচনাৰ মেজত বহাৰ আগতেই দুয়োপক্ষৰ দাবী আৰু প্ৰত্যাশাৰ মাজত আকাশ-পাতাল পাৰ্থক্য স্পষ্ট হৈ পৰিছে। ইৰাণে স্পষ্ট কৰি দিছে যে মূল বিষয়ত কোনো গুৰুত্বপূৰ্ণ আলোচনা আৰম্ভ কৰাৰ পূৰ্বে আমেৰিকাই তেওঁলোকৰ আৱদ্ধ কৰি ৰখা ১২ বিলিয়ন ডলাৰৰ পুঁজি মুকলি কৰি দিব লাগিব। কেৱল সেয়াই নহয়, ট্ৰাম্পে ইয়াৰ পূৰ্বে ইৰাণৰ ইউৰেনিয়াম ধ্বংস কৰাৰ যি কথা কৈছিল, তাকো তেহৰাণৰ সংবাদ মাধ্যমে ভিত্তিহীন বুলি উৰুৱাই দিছে। ইয়াৰ সমান্তৰালকৈ ইৰাণে দাবী কৰিছে যে এই যুদ্ধ বন্ধ কৰাৰ চুক্তিত লেবাননকো অন্তৰ্ভুক্ত কৰিব লাগিব।
আনহাতে, যি সময়ত কিছুদিন আগলৈকে আমেৰিকাৰ বিষয়াসকলে দাবী কৰিছিল যে চুক্তি প্ৰায় হোৱাৰ পথত, সেই সময়তে সাক্ষাৎকাৰত ট্ৰাম্পৰ মাতত এতিয়া ওলোটা সুৰ শুনা গৈছে। কিছু শিথিল অথচ পৰোক্ষ ভাবুকিৰ সুৰত তেওঁ কয় যে তেওঁৰ কোনো খৰখেদা নাই। তেওঁলোকে লাহে ধীৰে আগবাঢ়িছে আৰু তেওঁৰ মতে তেওঁলোকে যি বিচাৰিছে সেয়া পাব। আৰু যদি নাপায়, তেন্তে তেওঁলোকে আন পথ ল’ব। পেণ্টাগনৰ প্ৰধান পিট হেগছেটেও এছিয়াৰ এখন প্ৰতিৰক্ষা সন্মিলনত ট্ৰাম্পৰ সুৰতে সুৰ মিলাই কয় যে প্ৰয়োজন হ’লে আমেৰিকা পুনৰ সম্পূৰ্ণৰূপে যুদ্ধ আৰম্ভ কৰিবলৈ এশ শতাংশই সক্ষম।
যোৱা এপ্ৰিল মাহত পাকিস্তানৰ মধ্যস্থতাত অনুষ্ঠিত ঐতিহাসিক বৈঠকৰ পিছত ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত এক সাময়িক যুদ্ধবিৰতিৰ ফলত ডাঙৰ আক্ৰমণ বন্ধ আছিল। কিন্তু তাৰ মাজতো সৰু-সুৰা সংঘৰ্ষ চলিয়েই আছে। শেহতীয়াকৈ ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডছে দাবী কৰিছে যে তেওঁলোকে নিজৰ জলসীমাত প্ৰৱেশ কৰিবলৈ বিচৰা এখন আমেৰিকাৰ সামৰিক ড্ৰোন গুলীয়াই ভূপতিত কৰিছে, অৱশ্যে আমেৰিকাই এই কথা স্বীকাৰ কৰা নাই। আনকি চলিত সপ্তাহৰ আৰম্ভণিতে ইৰাণৰ বন্দৰ আব্বাছত আমেৰিকান সেনা আৰু ইৰাণী বাহিনীৰ মাজত যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত সৰ্ববৃহৎ সংঘৰ্ষৰ সৃষ্টি হয়। কিন্তু বিশ্বৰ বজাৰত তেলৰ যোগান স্বাভাৱিক কৰি ৰাখিবলৈ আৰু বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থা ৰোধ কৰিবলৈ হৰমুজ প্ৰণালীৰ পৰা দুয়োখন দেশৰ অৱৰোধ আঁতৰাবলৈ ট্ৰাম্পৰ ওপৰত তীব্ৰ আন্তঃৰাষ্ট্ৰীয় হেঁচা পৰিছে।
আনহাতে, লেবাননৰ পৰিস্থিতি দিনে দিনে অধিক ভয়াবহ হৈ পৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে দাবী কৰিছে যে তেওঁলোকৰ সেনা লেবাননৰ ভিতৰত প্ৰায় ত্ৰিশ কিলোমিটাৰ গভীৰলৈ সোমাই গৈছে। ইজৰাইলৰ সেনাই ইতিমধ্যে দক্ষিণ লেবাননৰ আন কেইবাখনো গাঁও খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে। লেবাননৰ প্ৰধানমন্ত্ৰী নাৱাফ চালামে ইজৰাইলৰ বিৰুদ্ধে পোৰামাটি নীতি আৰু সাধাৰণ জনতাৰ ওপৰত শাস্তি জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি অতি সোনকালে প্ৰকৃত যুদ্ধবিৰতিৰ দাবী জনাইছে।
ইজৰাইলৰ সেনাই নিশ্চিত কৰিছে যে তেওঁলোকে লিটানি নদী পাৰ হৈ ঐতিহাসিক বউফোৰ্ট দুৰ্গ আৰু ৱাদি আল-ছালুকি অঞ্চলত হিজবুল্লাহৰ বিৰুদ্ধে সামৰিক অভিযান অধিক জোৰদাৰ কৰিছে। যোৱা সোতৰ এপ্ৰিলত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত কাগজে-কলমে এক যুদ্ধবিৰতি আৰম্ভ হৈছিল যদিও বাস্তৱত দুয়োপক্ষই ইটোৱে সিটোৰ বিৰুদ্ধে নিয়ম ভংগৰ অভিযোগ তুলি অহৰহ যুঁজ চলাই আছে। মাৰ্চ মাহত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ হিজবুল্লাহৰ ৰকেট আক্ৰমণৰ পিছতেই ইজৰাইলী সেনাই লেবাননত স্থল অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত অহা সপ্তাহত ইজৰাইল আৰু লেবাননৰ মাজত চতুৰ্থ পৰ্যায়ৰ প্ৰত্যক্ষ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও, ট্ৰাম্পৰ নতুন চৰ্ত আৰু ক্ৰমবৰ্ধমান সামৰিক উত্তেজনাই মধ্যপ্ৰাচ্যত স্থায়ী শান্তিৰ পথত এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন থিয় কৰাইছে।





