• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিলে দক্ষিণ পূব এছিয়াৰ এইখন দেশৰ চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 7:40 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মালয়েছিয়া চৰকাৰে ১৬ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিছে।সোমবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন অনলাইন সুৰক্ষা নিয়ম। নতুন আইন অনুসৰি ১৬ বছৰৰ তলৰ কোনো লোকে ছ’চিয়েল মিডিয়া একাউণ্ট খুলিব নোৱাৰিব। একে সময়তে ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক, ইউটিউবৰ দৰে জনপ্ৰিয় প্লেটফৰ্মসমূহে ব্যৱহাৰকাৰীৰ বয়স পৰীক্ষা কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব।

সমগ্ৰ বিশ্বতে শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য, চাইবাৰ প্ৰতাৰণা, অনলাইন আসক্তি আৰু ক্ষতিকাৰক বিষয়বস্তুৰ প্ৰতি উদ্বেগ বাঢ়িছে। সেই পৰিৱেশত মালয়েছিয়াই এই পদক্ষেপ গ্ৰহণ কৰিছে। দেশত কমেও ৮০ লাখ ব্যৱহাৰকাৰী থকা সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে এই নতুন নিয়ম প্ৰযোজ্য হ’ব।

Apply Now

মালয়েছিয়াৰ যোগাযোগ আৰু মাল্টিমিডিয়া আয়োগে কয় যে ১৬ বছৰৰ তলৰ ব্যৱহাৰকাৰীয়ে আৰু নতুন ছ’চিয়েল মিডিয়া একাউণ্ট খুলিব নোৱাৰিব। একে সময়তে প্লেটফৰ্মসমূহক বয়স পৰীক্ষা কৰিবলৈ ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ, পাছপ’ৰ্ট বা চৰকাৰী নথি-পত্ৰৰ সহায় ল’বলৈ নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে এই নিয়ম কাৰ্যকৰী হ’লেও কোম্পানীসমূহক ইয়াক কাৰ্যকৰী কৰিবলৈ কিছু সময় দিয়া হ’ব। এই ‘গ্ৰেচ পিৰিয়ড’ কিমান দিন হ’ব সেয়া এতিয়াও স্পষ্ট কৰা নাই কৰ্তৃপক্ষই।

বয়স পৰীক্ষণৰ উপৰিও নতুন নিয়মত ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ ওপৰত অধিক কঠোৰ দায়িত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও কোম্পানীসমূহক ক্ষতিকাৰক বিষয়বস্তু নিয়ন্ত্ৰণ কৰাৰ বাবে সক্ৰিয় পদক্ষেপ ল’বলৈ, অভিযোগৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ, বিজ্ঞাপনদাতাৰ পৰিচয় পৰীক্ষা কৰিবলৈ আৰু প্ৰয়োজন হ’লে পৰিৱৰ্তিত বা বিভ্ৰান্তিকৰ বিষয়বস্তুৰ ওপৰত সতৰ্কবাণী লেবেল প্ৰদান কৰিবলৈ বাধ্য কৰায়।

নিয়ম মানি নচলা কোম্পানীক এক কোটি মালয়েছিয়ান ৰিংগিট পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে বুলি চৰকাৰে কয়, যিটো ভাৰতীয় মুদ্ৰাত কেইবা কোটি টকাৰ সমতুল্য।

শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণত অকলে নহয় মালয়েছিয়া। যোৱা বছৰ অষ্ট্ৰেলিয়াই বিভিন্ন প্লেটফৰ্মক ১৬ বছৰৰ তলৰ লোকৰ একাউণ্ট বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।ইণ্ডোনেছিয়াইও ইয়াক অনুসৰণ কৰিছে। মাৰ্চ মাহৰ পৰা ১৬ বছৰ অনুৰ্ধৰ বাবে কেইবাটাও জনপ্ৰিয় প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছে। ইউৰোপৰ কেইবাখনো দেশেও এনেধৰণৰ আইন ঘোষণা কৰিছে।

অৱশ্যে মালয়েছিয়াৰ এই সিদ্ধান্তইও বিতৰ্কৰ সৃষ্টি কৰিছে। মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত কাম কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু কিছুমান মানৱ অধিকাৰ সংগঠনে এই নিষেধাজ্ঞাক “ব্লেংকেট বেন’’ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, মূল লক্ষ্য হ’ব লাগে শিশুক ডিজিটেল জগতৰ পৰা আঁতৰাই দিয়া নহয়, বৰঞ্চ এক নিৰাপদ পৰিবেশ গঢ়ি তোলা।

মালয়েছিয়া চৰকাৰে স্পষ্ট কৰি দিছে যে এই নীতিৰ উদ্দেশ্য শিশুসকলক প্ৰযুক্তিৰ পৰা আঁতৰাই ৰখা নহয়, বৰঞ্চ নিৰাপদ আৰু বয়স অনুসৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ পৰিৱেশ গঢ়ি তোলা। এই নিয়ম কাৰ্যকৰী কৰাত বিশ্বৰ আন দেশৰ দৰে মালয়েছিয়াও কিমান সফল হ’ব সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd