• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

মৰমৰ দেউতা- চিত্ৰায়ন সফল হৈ নুঠা উপন্যাসখন

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
June 2, 2026 3:28 pm
85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস মৰমৰ দেউতা। এই উপন্যাসখনকেই আধাৰ হিচাপে লৈ হিমজ্যোতি তালুকদাৰৰ দ্বাৰা পৰিচালিত নৱতম ছবি মৰমৰ দেউতা। সমন্বিতভাৱে ছবিখনৰ চিত্ৰনাট্য লিখিছে হিমজ্যোতি তালুকদাৰ,শান্তনু ৰৌমূৰীয়া আৰু অভিষেক দত্তই। গত ১৫ মে’ তাৰিখে মুক্তি লাভ কৰা এই ছবিখন বৰ্তমানেও অসমৰ ভিন্ন ছবিগৃহত চলি আছে। ছবিখনৰ প্ৰযোজনা মমতা মোহিলাৰীৰ।

ছবিৰ আৰম্ভণি হয় উত্তেজনা মিশ্ৰিত দৃশ্যৰে। পৰৱৰ্তী সময়ত ফ্লেছবেকত গতি কৰে চিনেমাই। এটি সৰু পৰিয়াল,পৰিয়ালটিত মাক,দেউতাক,পুতেক আৰু জীয়েক। দেউতাক কৰ্মসূত্ৰে দূৰৈত থাকে। ঘৰতো আৰম্ভণিৰে পৰাই এক উদ্বিগ্নতাৰ পৰিবেশ দেখুওৱা হয়। সকলো অশান্তিৰ মূল কাৰণ পুত্ৰ পাৰ্থ। পাৰ্থই সৰু এটি কথাতে মাকক মানসিক আৰু বায়েকক শাৰিৰীক অত্যাচাৰ পৰ্যন্ত চলাই। এনে সৰু-বৰ ঘটনাৰেই তেওঁলোকৰ সংসাৰখন চলি গৈছিল। এদিন বেছি অশান্তিৰ উমান পাই,দেউতাক ঘৰলৈ বুলি আহে। অহাৰ পিছত কি হয়-পৰিস্থিতি কোনফালে ধাৱমান হয়,তাক লৈয়েই ছবিখনৰ পৰৱৰ্তী অংশ। খুব ধুনীয়া কাহিনী এটা। আৰম্ভণিৰ কিছু অংশ কাহিনীৰ গতি সাৱলীল। ঠিক ছবিখনলৈ দেউতাকৰ চৰিত্ৰটো অহাৰ পৰাই,চিত্ৰনাট্যৰ গতি অতি মন্থৰ হৈ পৰে। চিত্ৰনাট্যখনৰ এই দুৰ্বলতাৰ বাবে ছবিখন উপভোগ্য হৈয়ো উপভোগ্য হৈ নুঠে। মনোগ্ৰাহী হৈ নুঠে প্ৰচুৰ সম্ভাৱনা থকা ছবিখনো। ছবিখনৰ কোনো অংশতেই কোনোধৰণৰ আৱেগৰ উদ্ৰেক নহয়। ছবিখনৰ এটা শক্তিশালী অংশ হ’ব পাৰিলেহেঁতেন অভিনয়। পিছে অভিনয়শিল্পীসকলে নিজৰ দক্ষতা প্ৰকাশ কৰাৰ বিশেষ সুযোগ নেপালে। পাৰ্থৰ ভূমিকাত অভিনয় কৰা বোধিসত্ত্ব শৰ্মাৰ অভিনয় স্বাভাৱিক,যদিও আৰু ভাল হোৱাৰ থল আছিল। ঠিক তেনেদৰেই মিন্তু বৰুৱাৰ চৰিত্ৰটিও। অপৰ্ণা দত্ত চৌধুৰী আৰু মিন্তু বৰুৱাৰ লগত পুত্ৰ পাৰ্থৰ সম্পৰ্ক আৰু সম্পৰ্কৰ জটিলতাক কেন্দ্ৰ কৰি সৃষ্ট উদ্বেগ-আৱেগক আৰু অধিক গুৰুত্ব দিব পাৰিলেহেঁতেন। তেতিয়া অন্তিম অংশলৈ আৰু অধিক মনোগ্ৰাহী হৈ উঠিলেহেঁ‌তেন। আৱহ-সংগীতে ভালদৰে লগ নিদিলে ছবিখনক। সম্পাদনাৰ দিশ দুৰ্বল।

Apply Now

মুঠতে এক কথাত ক’বলৈ গ’লে মৰমৰ দেউতা উপন্যাসখনৰ চিত্ৰায়ণ সফল হৈ নুঠিল।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd