• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ৰাতি বিছনাত বাগৰ সলাই উজাগৰে কটায় নেকি? সুনিদ্ৰাৰ বাবে চিকিৎসকৰ কেইটামান ফলপ্ৰসূ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 10:46 am
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতি বিছনাত শুই দীৰ্ঘ সময় ধৰি ইকাটি-সিকাটি কৰি থাকে নেকি? মাজৰাতি হঠাতে সাৰ পাই যোৱা আৰু ৰাতিপুৱা শুই উঠাৰ পিছতো শৰীৰত ভাগৰ অনুভৱ হোৱাটো আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে নেকি? বৰ্তমান সময়ত বহু লোকৰ নিশাবোৰ এইদৰেই পাৰ হয়।

ব্যস্ত জীৱনশৈলী, অনিয়মীয়া খাদ্যাভ্যাস, বহু নিশালৈকে সাৰে থকাৰ অভ্যাস, ম’বাইলৰ অত্যধিক ব্যৱহাৰ আৰু মানসিক চাপৰ বাবে সাম্প্ৰতিক প্ৰজন্মৰ মানুহৰ টোপনিৰ স্বাভাৱিক ছন্দ একেবাৰেই ব্যাহত হৈছে। এই দুৰ্বিষহ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে, নতুন দিল্লীৰ এইমছৰ (AIIMS) পৰা প্ৰশিক্ষণপ্ৰাপ্ত তথা বৰ্তমান কেলিফৰ্নিয়া নিবাসী চিকিৎসক ডাঃ সৌৰভ শ্বেট্টীয়ে সুনিদ্ৰাৰ বাবে কেইটামান বিশেষ আৰু কাৰ্যকৰী উপায় আগবঢ়াইছে।

Apply Now

ভাল টোপনিৰ বাবে চিকিৎসকৰ ১০ টা গুৰুত্বপূৰ্ণ পৰামৰ্শ:

  • ৰাতিৰ আহাৰ সোনকালে গ্ৰহণ কৰক: চিকিৎসকগৰাকীৰ মতে, নিদ্ৰালৈ যোৱাৰ কমেও তিনি ঘণ্টা পূৰ্বে নিশাৰ আহাৰ গ্ৰহণ কৰা উচিত। নিশা টোপনিৰ সময়ত আমাৰ শৰীৰ আৰু পাচন তন্ত্ৰই নিজকে মেৰামতি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। কিন্তু পলমকৈ আহাৰ গ্ৰহণ কৰিলে শৰীৰে পাচন কাৰ্য চলাই থাকিবলগীয়া হয়, যাৰ ফলত টোপনিৰ মানদণ্ড বিঘ্নিত হ’ব পাৰে।
  • শোৱনি কোঠাৰ সঠিক তাপমাত্ৰা: শোৱনি কোঠাৰ তাপমাত্ৰা সদায় আৰামদায়ক আৰু শীতল কৰি ৰাখিব লাগে। গৰমৰ দিনত কোঠাটো ঠাণ্ডা কৰি ৰাখিলে প্ৰশান্তিদায়ক টোপনি আহে, কিয়নো নিদ্ৰাৰ সময়ত শৰীৰৰ তাপমাত্ৰা হ্ৰাস পোৱাটো বাঞ্ছনীয়।
  • পুৱাৰ সূৰ্যৰ পোহৰ লওক: ৰাতিপুৱা সোনকালে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাটো অতিশয় জৰুৰী। ই শৰীৰৰ জৈৱিক ঘড়ী বা ‘চাৰ্কেডিয়ান ৰিদম’ (Circadian Rhythm) সঠিক কৰি ৰখাত সহায় কৰে, যাৰ ফলত নিশা নিৰ্দিষ্ট সময়ত সহজে টোপনি আহে।
  • টোপনি নাহিলে বিছনাত পৰি নাথাকিব: বহুতে টোপনি নাহিলোঁ দীৰ্ঘ সময় ধৰি বিছনাত শুই থাকে। কিন্তু এনে কৰিলে মগজুৱে বিছনাখনক জিৰণিৰ পৰিৱৰ্তে সাৰে থকাৰ ঠাই বুলি ধৰি লয়। সেয়েহে, টোপনি নাহিলোঁ বিছনাৰ পৰা উঠি গৈ কোনো শান্তিপূৰ্ণ কামত মনোনিৱেশ কৰিব লাগে আৰু কেৱল টোপনি অনুভৱ কৰিলেহে বিছনালৈ উভতি যাব লাগে।
  • মদ্যপানৰ পৰা বিৰত থাকক: বহুতো লোকৰ ভ্ৰান্ত ধাৰণা আছে যে মদ্যপান কৰিলে সোনকালে টোপনি আহে। কিন্তু প্ৰকৃতপক্ষে, ই টোপনিৰ মানদণ্ড বেয়াকৈ নষ্ট কৰে। সেয়েহে, মদ্যপান পৰিহাৰ কৰিলেহে ক্ৰমান্বয়ে সুনিদ্ৰা লাভ কৰিব পাৰি।
  • উষ্ম পানীৰে স্নান: শোৱাৰ প্ৰায় এঘণ্টা পূৰ্বে কুহুমীয়া গৰম পানীৰে গা ধুলে ভাল টোপনি আহে। ইয়াৰ ফলত শৰীৰৰ তাপমাত্ৰা লাহে লাহে কম হ’বলৈ ধৰে আৰু এই প্ৰক্ৰিয়াই মগজুক বিশ্ৰামৰ সংকেত প্ৰেৰণ কৰে।
  • কোঠাৰ পোহৰ নিয়ন্ত্ৰণ কৰক: শোৱাৰ সময়ত কোঠাৰ উজ্জ্বল লাইটসমূহ নুমুৱাই থোৱাটো অতি আৱশ্যক। পোহৰ বেছি থাকিলে শৰীৰত ‘মেলাটনিন’ (Melatonin) হৰমনৰ উৎপাদন কমি যায়, যাৰ ফলত মগজুৱে ভাবে যে এতিয়াও শোৱাৰ সময় হোৱা নাই।
  • পিছদিনাৰ কৰ্ম-তালিকা প্ৰস্তুত কৰক: শোৱাৰ আগতে পিছদিনা কৰিবলগীয়া কামবোৰৰ এখন তালিকা ডায়েৰী বা বহীত লিখি ল’ব পাৰে। বহুতে শোৱাৰ সময়ত বিভিন্ন দুশ্চিন্তা কৰি থাকে, সেয়েহে এই পদ্ধতিয়ে মগজুক শান্ত কৰাত আৰু নিশ্চিন্তে জিৰণি লোৱাত সহায় কৰে।
  • ম‘বাইল ফোন আঁতৰত ৰাখক: বিছনাৰ কাষত ফোন থাকিলে বাৰে বাৰে ফোনটো চোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। ফোনৰ পৰা নিৰ্গত নীলা পোহৰ (Blue light) আৰু মানসিক অস্থিৰতা— এই দুয়োটাই টোপনিত ব্যাঘাত জন্মায়। সেয়েহে, ম’বাইলত এলাৰ্ম দিয়াৰ সলনি এটা সাধাৰণ এলাৰ্ম ঘড়ী ব্যৱহাৰ কৰক, যাতে ফোনটো শোৱাৰ সময়ত আঁতৰত ৰাখিব পাৰি।
  • সাৰ পোৱাৰ নিৰ্দিষ্ট সময়: শেষত চিকিৎসকগৰাকীয়ে পৰামৰ্শ দিয়ে যে, কেৱল কেতিয়া শুবলৈ যাব সেয়া নিৰ্ধাৰণ কৰাই নহয়, বৰঞ্চ প্ৰতিদিনে একে সময়তে সাৰ পোৱাৰ অভ্যাস গঢ়ি তোলাটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। বন্ধৰ দিনতো একে সময়তে শুই উঠাৰ অভ্যাস কৰিলে লাহে লাহে শৰীৰৰ টোপনিৰ সম্পূৰ্ণ ছন্দ সুশৃংখল হৈ পৰে।
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd