নলবাৰীত ঘটা নৃশংস হত্যাকাণ্ড, আক্ৰমণ আৰু তাৰ পিছত তাৰ লগত জড়িত অভিযুক্ত যুৱকজনক পুলিচে এনকাউন্টাৰ কৰি হত্যা কৰাৰ সন্দৰ্ভত মই কালি চমুকৈ ‘নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদকৰ মন্তব্য’ শিতানত এটা মন্তব্য প্ৰকাশ কৰিছিলোঁ। মোৰ মন্তব্যত ঘটনাটোক মই বৰ্বৰোচিত, নৃশংস বুলি অভিহিত কৰিছিলোঁ আৰু তাক গৰিহণা দিয়া বা নিন্দা কৰাৰ কোনো ভাষা নাই বুলি কৈছিলোঁ। লগতে মই এনকাউন্টাৰ হত্যাৰো বিৰোধিতা কৰিছিলোঁ। মোৰ কথাখিনি এতিয়ালৈকে কেইবালাখো মানুহে শুনিছে বা চাইছে। এহেজাৰতকৈ বেছি লোকে ভিডিঅ’টো শ্বেয়াৰ কৰিছে। অজস্ৰজনে—মানে প্ৰায় তিনি হাজাৰতকৈ অধিক লোকে—মই কোৱা কথাখিনিক লৈ মন্তব্য দিছে।এতিয়া ডক্টৰে কৈছে যে মৃত যুৱকজনৰ বুকুত আৰু পেটৰ তলফালে গুলি লাগিছিল।যুবক জন পলাই যাব বিচাৰিলে তেওঁৰ পিঠিৰ ফালেহে আঘাতৰ চিন থাকিলেহেঁতেন।গতিকে দেখাদেখকৈ এইটো এটা শীতল মস্তিকৰে গুলি কৰি মৰাৰ ঘটনা।
এতিয়া মই মন্তব্য বোৰলৈ আহিছোঁ। এই মন্তব্যবোৰৰ সৰহখিনিতে, প্ৰায় ৮০ শতাংশতে মোক কুকুৰে কাইট নোখোৱাকৈ ককৰ্থনা কৰা হৈছে, গালি দিয়া হৈছে। ঠিক আছে। ৰাজহুৱাকৈ কিবা এটা মন্তব্য কৰিলে দৰ্শকসকলৰ একাংশই সেই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো তেনেই স্বাভাৱিক; বৰং সি কাম্য আৰু আদৰণীয়ও। কিন্তু মন্তব্য প্ৰকাশৰ ভাষা শালীন হ’লে ভাল। কিয়নো ভাষাৰ শালীনতাই যুক্তি দুৰ্বল নকৰে, সবলহে কৰে। অশালীন ভাষাৰ ব্যৱহাৰেহে যুক্তি দুৰ্বল কৰে। কোনো কোনোৱে কয় যে যাৰ যুক্তি দুৰ্বল, তেওঁহে হেনো অভব্য ভাষা ব্যৱহাৰ কৰে, গালি-গালাজ দিয়ে। অৱশ্যে গালি খোৱাৰ, সহ্য কৰাৰ ধৈৰ্য আৰু সামৰ্থ্য নাথাকিলে, বিশেষকৈ এতিয়াৰ পৰিস্থিতিত প্ৰচাৰ মাধ্যমলৈ নহাই ভাল। সি যি কি নহওক, এই মন্তব্যবোৰৰ এটা মন্তব্যই মোক বৰকৈ স্পৰ্শ কৰিছে। তেওঁ কৈছে— “এই বুঢ়া সদায় সোঁতৰ বিপৰীত, এইজনৰ পুতেক হত্যা হ’লে (মানে কোনোবাই মোৰ পুত্ৰক হত্যা কৰিলে) ভাষণটো এনে হ’লহেঁতেননে?” হয়তো মোৰ পৰিয়ালৰ কাৰোবাক এনেকৈ হত্যা কৰিলে মই কি কৰিলোঁহেঁতেন? পিছে, মোৰ পৰিয়ালত এনে ঘটনা এটা নঘটা নহয়। আজিৰ পৰা ৬০ বছৰমান আগতে মোৰ ককাৰ সৰুজন ভায়েক দণ্ডী মালীক আৰু তেওঁৰ ল’ৰা কীৰ্তন মালীক মানে মোৰ বৰদেউতাক, গৰু বিচাৰি যাওঁতে বিনা কাৰণে এনেকৈ হত্যা কৰা হৈছিল। হত্যা কৰিছিল অসমৰ নমনিৰ ফালে মুকালমুৱাৰ ওচৰৰ কোনো বংগীয় মূলৰ মুছলমান লোকে। আমাৰ সৰু আইতা নিজৰ গিৰীয়েক আৰু সন্তানক হেৰুৱাই পাগলৰ দৰে হৈছিল। ঘটনাৰ চাৰি দশকৰ পিছতো আমাক যেতিয়া এই কাহিনীটো কৈছিল, তেওঁ ফেকুৰি উঠিছিল। আমিও খঙত ফাটি পৰিছিলোঁ। কিন্তু তেতিয়াও, কোনো ক্ষেত্ৰতে তাৰ বাবে গোটেই সম্প্ৰদায়টোক আমি জগৰীয়া কৰা নাছিলোঁ। আৰু এইটো কেনে কথা—মোৰ ক্ষেত্ৰত মই এনকাউন্টাৰত বিশ্বাস কৰিম আৰু বেলেগৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰ কথা ক’ম? তেনে মানুহ মই নহওঁ।
দ্বিতীয় কথাটো হ’ল—সোঁতৰ বিপৰীতে যোৱাটো। মই নিজে যিটো কথা উচিত বুলি নাভাবোঁ, হাজাৰজনে ক’লে বুলিয়েই ময়ো সেইটো মানি ল’মনে? আজি বিজেপি চৰকাৰৰ অনীতি, অনিয়মৰ বিৰোধিতা কৰিছোঁ; কাইলৈ কংগ্ৰেছৰে বা যি দলৰেই চৰকাৰ নহওক, তেওঁলোকৰ অনীতি, অনিয়মৰো মই সমানে বিৰোধিতা আৰু সমালোচনা কৰি যাম। সোঁতৰ লগত ভঁটিয়াই উটি যোৱাটো সহজ, সোঁতৰ বিপৰীতে উজাই যোৱাটোহে কঠিন। সেই সাহস সকলোৰে নাথাকে।
এতিয়া আহিছোঁ অন্য এটা কথালৈ। কোনো কোনো মুছলমান দেশত মৌলবাদী ইছলামীয় শ্বৰীয়ত আইনৰ দ্বাৰা হুদুদ শাস্তি (Hudud Punishments) প্ৰদানৰ প্ৰথা আছে। অবৈধ যৌন সম্পৰ্ক, চুৰিকাৰ্য বা আন তেনে অপৰাধৰ বাবে অভিযুক্তক শিল দলিয়াই কষ্ট দিয়া, চাবুকেৰে কোবোৱা, হাত কাটি দিয়া আদি বিভিন্ন অমানুষিক প্ৰক্ৰিয়াৰে শাস্তি দিয়া পদ্ধতি আছে। কিন্তু মন কৰিবলগীয়া কথা: শ্বৰীয়ত আইনত হুদুদ শাস্তিসমূহ প্ৰয়োগ কৰাৰ বাবে প্ৰমাণৰ চৰ্ত আৰু সাক্ষীৰ প্ৰয়োজনীয়তা অত্যন্ত কঠিন। উদাহৰণস্বৰূপে, ব্যভিচাৰৰ অপৰাধ সাব্যস্ত কৰিবলৈ চাৰিজন বিশ্বাসযোগ্য প্ৰত্যক্ষদৰ্শী সাক্ষীৰ প্ৰয়োজন হয়। যদিহে অলপো সন্দেহ বা প্ৰমাণৰ অভাৱ থাকে, তেন্তে হুদুদ শাস্তি প্ৰয়োগ কৰা নাহয়। ঠিক একে কথাই উত্তৰ ভাৰতৰ হাৰিয়ানা আদিৰ খাপ পঞ্চায়তৰ ক্ষেত্ৰতো আমি দেখোঁ; তাতো এটা প্ৰক্ৰিয়া আৰু প্ৰমাণৰ কথা আছে। কিন্তু সমগ্ৰ আধুনিক জগতে এই কৰ্মকাণ্ড বোৰক গৰিহণা দিয়া নাইনে? আমি সকলোৱে এইবোৰক গৰিহণা নিদিওঁনে? তেন্তে অপৰাধ যিমানেই গুৰুতৰ নহওক কিয়, নিশাৰ এন্ধাৰত এনেকৈ এনকাউন্টাৰ কৰি আৰক্ষীয়ে ঠিতাতে শাস্তি প্ৰদান কৰা আইন-বহিৰ্ভূত কথাটোত আমি কেনেকৈ সমৰ্থন জনাওঁ? সমগ্ৰ দেশত নিম্ন আদালত, চেশ্বন আদালত, উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈকে আমাৰ এটা বহুস্তৰীয় আইনী ব্যৱস্থা আছে; সমগ্ৰ দেশত কিমান লাখ বিচাৰক, লাখ লাখ অধিবক্তা! এইবোৰৰ কি প্ৰয়োজন যদি পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ? তেনেহ’লে আমি এইবোৰ উঠাই দি পুলিচৰ হাততে সৰ্বশক্তি অৰ্পণ কৰোঁ! আজি একবিংশ শতিকাত, আপোনালোকে সেইটো মানি ল’বনে?





