ব্ৰিটেইনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত সংঘটিত হোৱা বিশৃংখলাক লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই তীব্ৰ গৰিহণা দিছে। বৰ্তমান ছদিনীয়া ব্ৰিটেইন ভ্ৰমণত আছে ভাৰতৰ মুখ্য় ন্য়ায়াধীশ সূৰ্য্য কান্ত, য’ত তেওঁ বিভিন্ন আইনী আৰু প্ৰযুক্তিগত বিষয়ত নিজৰ মতামত ব্যক্ত কৰিছে।
বৃহস্পতিবাৰে লণ্ডনৰ বাৰ্কবেক বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা আৰু আন্তঃৰাষ্ট্ৰীয় আইন বিষয়ত মুখ্য ন্যায়াধীশৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল এ আই, আইনী ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্ক আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা।
ভাষণৰ পিছত দৰ্শকৰ সৈতে যেতিয়া প্ৰশ্নোত্তৰ পৰ্ব চলি আছিল তেতিয়া উপস্থিত এজন ব্যক্তিয়ে অনুষ্ঠানটোত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছিল। তেওঁ এজন ছাত্ৰ বুলি জানিব পৰা গৈছে।
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এক ভিডিঅ’ অনুসৰি ভাৰতত মতানৈক্যৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা অসহিষ্ণুতা সম্পৰ্কে এজন ছাত্ৰই প্ৰশ্ন কৰাৰ চেষ্টা চলায়। তাৰপিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়।
কিন্তু কাৰ্যসূচীৰ আঁতধৰোতাই লগে লগে হস্তক্ষেপ কৰি প্ৰশ্নটো বন্ধ কৰি দিয়ে আৰু স্পষ্ট কৰি দিয়ে যে বিষয়টো এআই আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নিৰ্দিষ্ট বিষয়ৰ সম্পূৰ্ণ বাহিৰত।
এই ঘটনাৰ পিছতে ভাৰতীয় উচ্চায়ুক্তই শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি এনে আচৰণক সম্পূৰ্ণ অগ্ৰহণীয় বুলি অভিহিত কৰে। গণতান্ত্ৰিক সমাজত মতানৈক্য স্বাভাৱিক বুলিও উচ্চ আয়োগে উল্লেখ কৰে।
অৱশ্যে এইবোৰ সদায় সভ্য আৰু সন্মানজনকভাৱে প্ৰকাশ কৰা উচিত। দৰ্শকৰ এই অভদ্ৰ আচৰণ ৰাজহুৱা বক্তৃতাৰ মৰ্যাদাৰ সম্পূৰ্ণ বিৰোধী।
ভাষণৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে কয়। তেওঁ স্পষ্ট কৰি দিয়ে যে প্ৰযুক্তি নিজৰ মাজতে সম্পূৰ্ণৰূপে উপকাৰী বা ক্ষতিকাৰক নহয়। ইয়াৰ প্ৰকৃত প্ৰভাৱ নিৰ্ভৰ কৰে সমাজে ইয়াক প্ৰয়োগ কৰা আইনী, ৰাজনৈতিক আৰু নৈতিক মানদণ্ডৰ ওপৰত।
আইনৰ ভূমিকা প্ৰযুক্তিগত অগ্ৰগতি প্ৰতিহত বা অন্ধভাৱে ইয়াৰ ওচৰত আত্মসমৰ্পণ কৰা নহয়। বৰঞ্চ প্ৰযুক্তিৰ শক্তিক সদায় সাংবিধানিক মূল্যবোধ, গণতান্ত্ৰিক মৰ্যাদা, মানৱ অধিকাৰৰ প্ৰতি জবাবদিহি কৰাটো নিশ্চিত কৰাহে।
শুকুৰবাৰেও ভ্ৰমণ অব্যাহত ৰাখি মুখ্য ন্যায়াধীশগৰাকীয়ে ভাৰতীয় মধ্যস্থতা পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে।
ভাৰত-ব্ৰিটেইনৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাত বিকল্প বিবাদ নিষ্পত্তিৰ ভূমিকা বিষয়ত ভাষণ দি তেওঁ দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “এই সময়ত পৃথিৱীক তুলনা কৰাৰ নহয়, একেলগে মিলি গঢ়ি তোলাৰ প্ৰয়োজন।”





