মালৱীয় নগৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কমেও ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত দিল্লী চৰকাৰে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে বৃহৎ অভিযান ঘোষণা কৰিছে। শুকুৰবাৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ পৌৰোহিত্যত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত ১৭.৫ মিটাৰতকৈ ওখ আৰু চাৰি মহলাতকৈ অধিক উচ্চতাৰ সকলো অবৈধ অট্টালিকা ছীল কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। লগতে, নিয়ম উলংঘা কৰা নিৰ্মাতা, মালিক আৰু দায়ী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে।
দিল্লীৰ নগৰ উন্নয়ন মন্ত্ৰী আশীষ ছুদে জানিবলৈ দিয়া মতে, অবৈধ নিৰ্মাণ চিনাক্ত কৰি তাৎক্ষণিক ব্যৱস্থা ল’বলৈ বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নিয়ম উলংঘা কৰা অট্টালিকাসমূহৰ কাম বন্ধ কৰা, এজাহাৰ ৰুজু কৰা আৰু দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে। পুৰণি ওখ অট্টালিকাসমূহৰ সুৰক্ষা ব্যৱস্থা পৰীক্ষা কৰাৰ লগতে দিল্লী পৌৰ নিগমক নিৰ্মাণ বিধি কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। অগ্নিনিৰ্বাপক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলো অট্টালিকাতে খুলিব পৰা খিৰিকী আৰু বেলকনি থকাটো বাধ্যতামূলক কৰা হৈছে।
বৈধ সম্পূৰ্ণতাৰ প্ৰমাণপত্ৰ নথকা অট্টালিকাক পানী বা বিদ্যুতৰ সংযোগ দিয়া নহ’ব। বিষয়াসকলৰ জবাবদিহিতা নিশ্চিত কৰিবলৈ ১৮৯০ চনৰ ৰাজহ আদায় আইনৰ অধীনত কৰ্তব্যত গাফিলতি কৰা বিষয়াসকলৰ দৰমহা, পেঞ্চন আৰু সম্পত্তিৰ পৰা চৰকাৰৰ ক্ষতিপূৰণ আদায় কৰা হ’ব। নিয়ম উলংঘাকাৰীৰ বেংক একাউণ্ট আৰু সা-সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে দোষী বিষয়াৰ বাৰ্ষিক মূল্যায়ন প্ৰতিবেদনত (APAR) বিৰূপ মন্তব্য লিপিবদ্ধ কৰা হ’ব।
জিলা দণ্ডাধীশসকলৰ ক্ষমতা বৃদ্ধি কৰি তেওঁলোকক দোষী বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা আৰু এজাহাৰ ৰুজু কৰাৰ অধিকাৰ দিয়া হৈছে। ইয়াৰ লগতে, নিৰ্মাণ কাৰ্য নিৰীক্ষণ কৰিবলৈ প্ৰতি তিনিমাহৰ মূৰে মূৰে ড্ৰোণ জৰীপ, উপগ্ৰহীয় চিত্ৰ আৰু ডিজিটেল মেপিং ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।
জনসাধাৰণে অবৈধ নিৰ্মাণৰ অভিযোগ দাখিল কৰিবলৈ চৰকাৰে এক অনলাইন পৰ্টেল মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে নিৰন্তৰ নিৰীক্ষণৰ বাবে এটা বিশেষ ড্ৰোণ কোষ গঠনৰ প্ৰস্তাৱ দিয়াৰ লগতে আদালতত আইনী প্ৰতিনিধিত্ব শক্তিশালী কৰিবলৈ আইন বিভাগক নিৰ্দেশ দিছে, যিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোক এক নিৰ্ণায়ক দিশলৈ লৈ যাব।





