• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 5:10 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ চিৰদিনৰ বাবে এভাৰেষ্টৰ কোলাত শুই পৰিল বুলি সকলোৱে ধৰি লৈছিল। পৰ্বতাৰোহণ কৰিবলৈ গৈ পাঁচ দিন ধৰি সন্ধানহীন হৈ থকাৰ পাছত পৰিয়ালৰ লোকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজনো আৰম্ভ কৰি দিছিল। কিন্তু সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি বৃহস্পতিবাৰে এভাৰেষ্টৰ ‘ডেথ জ’ন’ অৰ্থাৎ মৃত্যু উপত্যকাৰ পৰা ৫২ বছৰীয়া হিলাৰী দাৱা শ্বেৰ্পাক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। এভাৰেষ্ট প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ এক কৰ্মীৰ দলে তেওঁক উদ্ধাৰ কৰি নেপালৰ কাঠমাণ্ডুলৈ লৈ আহে। যোৱা ৩০ মে’ৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল। অভিজ্ঞ শ্বেৰ্পাজনৰ উদ্ধাৰৰ খবৰে এতিয়া বিশ্বৰ পৰ্বতাৰোহীসকলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, হিলাৰী দাৱা শ্বেৰ্পা বৰ্তমান ‘ফ্ৰষ্টবাইট’ত আক্ৰান্ত হৈ কাঠমাণ্ডুৰ এইচ এ এম এছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এই ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। খাদ্য আৰু অতিৰিক্ত অক্সিজেনৰ অবিহনে প্ৰচণ্ড তুষাৰপাতৰ মাজত অকলশৰে হিলাৰী দাৱা শ্বেৰ্পাই কেনেকৈ নিজৰ প্ৰাণ ৰক্ষা কৰিলে, সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ৮ হাজাৰ মিটাৰ উচ্চতাত অৱস্থিত যিটো ডেথ জ’নত কেইবাশ পৰ্বতাৰোহী চিৰনিদ্ৰাত শুই আছে, তাৰ পৰা তেওঁ চুঁচৰি চুঁচৰি বেছ কেম্পলৈ নামি অহাৰ এক প্ৰাণপন যুঁজ দিছিল। এভাৰেষ্ট প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ এজন সদস্যই এভাৰেষ্ট বেছ কেম্পৰ ওচৰৰ ক্ৰাম্পন পইণ্টত সন্ধানহীন শ্বেৰ্পাজনক বিচাৰি পায়। তাৰ পাছত সমিতিৰ কৰ্মীসকলে তেওঁক ক্ৰাম্পন পইণ্টৰ পৰা গোৰকশ্বেপলৈ লৈ যায় আৰু তাৰ পৰা হেলিকপ্টাৰেৰে কাঠমাণ্ডুলৈ প্ৰেৰণ কৰে।

Apply Now

নেপালৰ সংবাদ মাধ্যমৰ সূত্ৰে জানিব পৰা মতে, ২৯ হাজাৰ ৩২ ফুট ওখ এভাৰেষ্টৰ চূড়ান্ত শৃংগত উপনীত হোৱাত ব্যৰ্থ হৈ পোলেণ্ডৰ এজন পৰ্বতাৰোহীৰ সৈতে উভতি অহাৰ সময়তে কেম্প-৩ আৰু কেম্প-৪ ৰ মাজত দাৱা শ্বেৰ্পা সন্ধানহীন হয়। যোৱা ২৯ মে’ত প্ৰায় চাৰে সাত হাজাৰ মিটাৰ উচ্চতাত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল। পৰ্বতাৰোহীজন বেছ কেম্পলৈ ঘূৰি আহিছিল যদিও দাৱা ঘূৰি অহা নাছিল। দুয়ো কেনেকৈ ইজনে সিজনৰ পৰা বিচ্ছিন্ন হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইফালে, পাঁচ দিন ধৰি সন্ধানহীন হৈ থকাৰ পাছত হিলাৰী দাৱা শ্বেৰ্পাৰ পৰিয়ালে কাঠমাণ্ডুত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাম আৰম্ভ কৰি দিছিল, কিয়নো তেওঁ জীৱন্তে ঘূৰি অহাৰ আশা একেবাৰে ক্ষীণ আছিল।

হিলাৰী দাৱা শ্বেৰ্পাৰ কন্যা মেণ্ডো লামু শ্বেৰ্পাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে অন্ত্যেষ্টিক্ৰিয়াৰ দ্বিতীয় দিন চলি আছিল। যেতিয়া উদ্ধাৰৰ খবৰ আহে, তেতিয়া তেওঁলোকে সেইজন সঁচাকৈয়ে তেওঁৰ পিতৃ হয় নে নহয় সেয়া বিশ্বাস কৰিব পৰা নাছিল। সেয়েহে নিশ্চিত হ’বলৈ তেওঁলোকে উদ্ধাৰকাৰী দলটোক এখন ফটো পঠিয়াবলৈ অনুৰোধ কৰে আৰু ফটোখন পোৱাৰ পাছতহে তেওঁলোক নিশ্চিত হয়। জানিব পৰা মতে, মে’ মাহত এহাজাৰতকৈও অধিক পৰ্বতাৰোহী আৰু গাইডে এভাৰেষ্ট অভিযান কৰিছে আৰু এই ছিজনত পাঁচজন লোকৰ মৃত্যু হৈছে। মাত্ৰ দুসপ্তাহ পূৰ্বে হায়দৰাবাদৰ অৰুণকুমাৰ তিৱাৰী নামৰ এজন পৰ্বতাৰোহীৰো এভাৰেষ্ট জয় কৰি উভতি অহাৰ পথত মৃত্যু হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd