• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2026 6:54 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজধানী দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনী নামৰ অভিজাত এলেকাৰ পৰা এক অতি দুখলগা খবৰ পোহৰলৈ আহিছে। দেওবাৰে দুপৰীয়া অঞ্চলটোৰ এটা আৱাসিক বাসগৃহত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত দুটাকৈ কুকুৰ পোৱালিৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে সমগ্ৰ এলেকাটোতে হাহাকাৰ ময় পৰিৱেশৰ সৃষ্টি হয়। দুপৰীয়া প্ৰায় ৩:৪০ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে এই ঘটনাৰ খবৰ লাভ কৰে আৰু লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে তৎপৰতাৰে ঘৰটোৰ ভিতৰত আৱদ্ধ হৈ থকা আঠজন লোকক নিৰাপদে বাহিৰলৈ উলিয়াই আনে।

ফায়াৰ ষ্টেচন অফিচাৰ ফুল সিং মীনাই এই ঘটনাৰ বিষয়ে জানিবলৈ দি কয় যে তেওঁলোকে বিয়লি ৩:৩৮ বজাত ঘৰটোত জুই লগাৰ খবৰ পাইছিল। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত সমগ্ৰ তিনিমহলীয়া ঘৰটো বিষাক্ত আৰু ডাঠ ধোঁৱাৰে ভৰি পৰিছিল। ভিতৰত আৱদ্ধ হৈ থকা লোকসকলে খিৰিকীৰে প্ৰাণ ৰক্ষাৰ বাবে কাতৰ আহ্বান জনাই আছিল। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে লগে লগে জখলাৰ সহায়ত এক অতি বিপদজনক উদ্ধাৰ অভিযান আৰম্ভ কৰে।

Apply Now

দলটোৱে অতি বুদ্ধিমতাৰে কাম কৰি চাৰিটি শিশু আৰু চাৰিজন প্ৰাপ্তবয়স্ককে ধৰি মুঠ আঠজন লোকক জখলাৰ সহায়ত নিৰাপদে উদ্ধাৰ কৰে। ধোঁৱাৰ বাবে উদ্ধাৰ হোৱা লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল যদিও তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে। কিন্তু অতি দুখৰ বিষয় যে ঘৰটোৰ ভিতৰত থকা দুটা নিৰীহ কুকুৰ পোৱালিৰ ধোঁৱাৰ ফলত উশাহ বন্ধ হৈ থিতাতে মৃত্যু হয়।

ফায়াৰ অফিচাৰ মীনাই জনোৱা মতে, প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে জুইৰ সূত্ৰপাত আপাৰ গ্ৰাউণ্ড ফ্ল’ৰত থকা এটা এয়াৰ কণ্ডিচনাৰ বা এচিৰ পৰা হৈছিল। ছৰ্ট চাৰ্কিট বা অত্যাধিক গৰম হোৱাৰ বাবে এচিটোত বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰা হৈছে, যিয়ে কেইমিনিটমানৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু সমগ্ৰ কোঠাটোৰ ঘৰুৱা আচবাবসমূহ জুইৰ লেলিহান শিখাত জাহ যায়।

জুই নুমুৱাবলৈ আৰু মানুহৰ প্ৰাণ বচাবলৈ ফায়াৰ ষ্টেচনৰ পৰা মুঠ চাৰিখন অগ্নিনিৰ্বাপক গাড়ী নিয়োগ কৰা হৈছিল। অগ্নিনিৰ্বাপক বাহিনীৰ কঠোৰ পৰিশ্ৰমৰ অন্তত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। বৰ্তমান ঘৰটো ঠাণ্ডা কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে আৰু আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীয়ে এই দুৰ্ঘটনাৰ সঠিক কাৰণ সন্দৰ্ভত বিতং তদন্ত চলাই আছে। এই শোকাবহ ঘটনাৰ পিছত ভুক্তভোগী পৰিয়াল আৰু ওচৰ-চুবুৰীয়া গভীৰ শোক আৰু আতংকত ভুগিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd