• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2026 8:37 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ ফুটবল আৰম্ভ হ’বলৈ আৰু মাত্ৰ চাৰি দিন বাকী থকা অৱস্থাত মেক্সিকোত পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে। আমেৰিকা আৰু কানাডাৰ লগতে মেক্সিকোতো এইবাৰ বিশ্বকাপৰ খেলসমূহ অনুষ্ঠিত হ’ব। কিন্তু আৰম্ভণিৰে পৰাই এই তিনিওখন দেশতে বিশ্বকাপক লৈ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মেক্সিকোত পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দেশখনৰ শিক্ষকসকলে বিশ্বকাপৰ তীব্ৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে। আনকি প্ৰতিবাদকাৰী শিক্ষকসকলে ফুটবল খেলুৱৈসকলৰ মূৰ্তি ভাঙি চূৰমাৰ কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই। তেওঁলোকৰ অভিযোগ যে চৰকাৰে শিক্ষা ব্যৱস্থা ধ্বংস কৰি কেৱল ফুটবল খেলক লৈয়েই ব্যস্ত হৈ পৰিছে।

মেক্সিকোৰ শিক্ষক সমাজ হঠাতে কিয় ইমান ক্ষোভিত হৈ পৰিছে তাৰ কাৰণো স্পষ্ট। শিক্ষকসকলৰ মতে বৰ্তমানৰ প্ৰশাসনে দেশৰ শিক্ষা ব্যৱস্থাক কোনো গুৰুত্বই দিয়া নাই। তাৰ বিপৰীতে ষ্টেডিয়াম আৰু ফুটবলৰ অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ চৰকাৰে পানীৰ দৰে ধন খৰচ কৰিছে। এই ক্ষোভৰ বাবেই বিশ্বকাপৰ বিভিন্ন অনুৰাগী কেন্দ্ৰ বা ফেন জ’নসমূহত শিক্ষকসকলে ভিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশ্বকাপ উপলক্ষে মেক্সিকোৰ বিভিন্ন স্থানত বহু বিখ্যাত ফুটবল খেলুৱৈৰ মূৰ্তি স্থাপন কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে সেই মূৰ্তিবোৰ খহাই পেলাই বিবস্ত্ৰ কৰাৰ লগতে জ্বলাইও দিছে। শিক্ষকসকলৰ দাবী যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে তেওঁলোকৰ দৰমহা আৰু পেঞ্চন সুনিশ্চিত কৰিব লাগিব। এই দাবী পূৰণ নকৰিলে বিশ্বকাপৰ খেল হ’বলৈ দিয়া নহ’ব বুলি প্ৰায় বাৰ হাজাৰ শিক্ষকে হুংকাৰ দিছে।

Apply Now

শিক্ষকসকলৰ এই প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অভিযোগ উঠিছে যে আৰক্ষীয়ে শিক্ষকসকলৰ ওপৰত ৰবৰৰ বুলেট আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিছে। এই সংঘৰ্ষত অন্ততঃ পাঁচজন শিক্ষক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰে এজনৰ দৃষ্টিশক্তি হেৰাই যোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে মেক্সিকো প্ৰশাসনে এনে কোনো মাৰাত্মক অস্ত্ৰ ব্যৱহাৰৰ কথা অস্বীকাৰ কৰিছে। দেশখনৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বিনবামে জনাইছে যে তেөঁলোকে এনে চাপৰ ওচৰত কোনো কাৰণতে হাৰ নামানে। ইতিমধ্যে প্ৰশাসনৰ সৈতে শিক্ষকসকলৰ কেইবাখনো বৈঠক বিফল হৈছে আৰু শিক্ষকসকলে বিশ্বকাপ চলি থকাৰ সময়তেও বিক্ষোভ প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে।

কেৱল শিক্ষকসকলেই নহয়, এই প্ৰতিবাদত এতিয়া পশু অধিকাৰ সুৰক্ষা সংগঠন আৰু আন বহুতো সামাজিক সংগঠনেও যোগ দিছে। ইয়াৰ উপৰি মেক্সিকোত দীৰ্ঘদিন ধৰি প্ৰায় এক লাখৰো অধিক লোক সন্ধানহীন হৈ আছে। বিশ্বকাপৰ এই পৰিৱেশৰ মাজতে সেই সন্ধানহীন লোকসকলৰ পৰিয়ালৰ সদস্যসকলেও ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। জানিব পৰা মতে, বিশ্বকাপৰ মেগা টুৰ্ণামেণ্টৰ খেলসমূহ চলি থকাৰ সময়ত সম্ভাৱ্য সকলো প্ৰতিবাদ আৰু বিক্ষোভ ৰোধ কৰিবলৈ খেলপথাৰ তথা বিভিন্ন স্থানত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd