• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ দক্ষিণগাঁৱত চিআইডিৰ অভিযানত তিনি লক্ষাধিক টকাৰ কফ ছিৰাপসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2018 10:22 am
IMG-20180426-WA0021-225x300-570x320
755
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে সন্ধিয়া চি আই ডিৰ এটা অভিযানকাৰী দলে মহানগৰীৰ কাহিলিপাৰা অঞ্চলৰ  দক্ষিণগাঁও তিনিআলিত এক অভিযান চলাই ১৬ টা কাৰ্টনৰ পৰা ১৫৮০টা প্ৰ’ডাইল-চি ক’ফ ছিৰাপ জব্দ কৰাৰ লগতে নগাঁৱৰ আব্দুল ৰফিক (৩৭) নামৰ এজন ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে।

জব্দকৃত কফ ছিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ৩.১৬ লাখ টকা হ’ব বুলি চি আই ডিয়ে জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে, সোমবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত এক গোপন সূত্ৰৰ পম খেদি চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক দি দত্তৰ নেতৃত্বত দক্ষিণগাঁও তিনিআলিৰ সূৰুযা বেগমৰ বাসগৃহত অভিযান চলায়। এই অভিযানকালত চি আই ডিৰ অভিযানকাৰী দলটোৱে ১৬টা কফ ছিৰাপভৰ্তি কাৰ্টন উদ্ধাৰ কৰাৰ লগতে এ এছ-০২-৫৮৭০ নম্বৰৰ এখন ছুইফ্‌ট ডিজায়াৰ জব্দ কৰে।

ড্ৰাগছ ব্যৱসায়ীজনে দক্ষিণগাঁও তিনিআলিৰ সূৰুযা বেগমৰ ঘৰত ভাৰাতীয়া হিচাপে আশ্ৰয় লৈ নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল। গুৱাহাটী মহানগৰীকে ধৰি নগাঁও আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যৱসায়ীজনে ড্ৰাগছ সৰবৰাহ কৰি অহাৰ খবৰ লাভ কৰাৰ ভিত্তিতেই কালি অভিযান চলাই উৎখাট কৰে নিচাজাতীয় দ্ৰব্যৰ ঘাটি।

ইয়াৰ উপৰি চি আই ডিয়ে ড্ৰাগছ ব্যৱসায়ী ৰফিকৰ ভাৰাঘৰৰ পৰা ৬টা কাৰ্টনৰ পৰা ৫৮০টা প্ৰ’ডাইল-চি কফ ছিৰাপৰ বটল উদ্ধাৰ কৰে। লগতে ব্যৱসায়ীজনৰ দক্ষিণগাঁওস্থিত ভাৰাঘৰৰ সন্মুখত ৰৈ থকা বাহনৰ পৰা চি আই ডিয়ে ১০টা কফ ছীৰাপভৰ্তি কাৰ্টন উদ্ধাৰ কৰে আৰু কাৰ্টনকেইটাৰ পৰা চি আই ডিয়ে ১০০০টা প্ৰ’ডাইল-চিৰ কফ ছিৰাপৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ী ৰফিকে প্ৰাৰম্ভিক জেৰাত প্ৰকাশ কৰা অনুসৰি উক্ত বাহনখনেৰে কফ ছিৰাপখিনি ব্যৱসায়ীজনে নগাঁৱৰ আমিনপট্টীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল।

Recent News

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd