• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 9:43 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেটৰিনা কাইফ বৰ্তমান সম্পূৰ্ণৰূপে নিজৰ ব্যক্তিগত জীৱনক লৈ ব্যস্ত। সন্তানৰ জন্মৰ পাছত তেওঁ চিনেমা জগত স্থায়ীভাৱে এৰি দিলে নেকি, তাক লৈ দীৰ্ঘদিনৰে পৰা অনুৰাগীসকলৰ মনত প্ৰশ্ন উত্থাপন হৈ আহিছে। কাৰণ ২০২১ চনত অভিনেতা বিকি কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সংসাৰ আৰম্ভ কৰাৰ পিছত তেওঁ মাত্ৰ এখন ছবিতহে অভিনয় কৰিছে, যিখন ২০২৪ চনত ইন্টাৰনেট মাধ্যমযোগে মুক্তি পাইছিল। ইয়াৰ পিছৰে পৰা কেটৰিনাক কোনো নতুন চিনেমা বা ধাৰাবাহিকত দেখা পোৱা যোৱা নাই। আনকি তেওঁ বলীউডৰ কোনো ডাঙৰ হাইপ্ৰফাইল অনুষ্ঠানতো বৰ্তমান ভাগ লোৱা নাই। একালত শ্বাহৰুখ আৰু চলমানৰ দৰে ডাঙৰ তাৰকাৰ সৈতে ইখনৰ পিছত সিখন সফল চিনেমা উপহাৰ দিয়া অভিনেত্ৰীগৰাকীক পৰ্দাত চাবলৈ অনুৰাগীসকলে অপেক্ষা কৰি থকাৰ মাজতে এতিয়া চিনেমা জগতৰ পৰা এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।

কেটৰিনা কাইফ আৰু ভিকি কৌশলৰ পুত্ৰ বিহানৰ বয়স বৰ্তমান মাত্ৰ সাত মাহ। মাক হোৱাৰ পিছত কেটৰিনাৰ দায়িত্ব বহুত বাঢ়ি গৈছে আৰু তেওঁৰ জীৱনলৈও আমূল পৰিৱৰ্তন আহিছে। এই নতুন জীৱনটো তেওঁ বৰ্তমান নিজৰ পৰিয়ালৰ সৈতে মুম্বাইৰ জুহুৰ এটা সাগৰমুখী বিলাসী ঘৰত অতি সুখেৰে অতিবাহিত কৰিছে। ইয়াৰ মাজতে মায়ানগৰীৰ চেলিব্ৰিটী মহলত এটা গুণগুণনি আৰম্ভ হৈছে যে কেটৰিনা কাইফে খুব সোনকালেই বলীউডলৈ ঘূৰি অহাৰ প্ৰস্তুতি চলাইছে। ঘনিষ্ঠ সূত্ৰৰ মতে, মাকৰ দায়িত্ব পালন কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে কিছুমান নতুন চিনেমাৰ কাহিনী পঢ়িবলৈ আৰম্ভ কৰিছে। সকলো ঠিকঠাক থাকিলে ২০২৭ চনৰ শেষৰ ফালে তেওঁ আকৌ চিনেমাৰ চিত্ৰগ্ৰহণৰ কামলৈ ঘূৰি অহাৰ পৰিকল্পনা কৰিছে। কিন্তু এই প্ৰত্যাৱৰ্তনৰ বাবে তেওঁ কিছুমান কঠোৰ চৰ্তও ৰাখিছে।

Apply Now

জানিব পৰা মতে, বৰ্তমান তেওঁৰ হাতলৈ অহা কাহিনীসমূহ কেটৰিনাই বৰ গভীৰভাৱে পৰীক্ষা কৰি চাইছে। তেওঁ এনেকুৱা এটা কাহিনী বিচাৰিছে যিয়ে তেওঁৰ প্ৰত্যাৱৰ্তনক অতি ধমাকাদাৰ কৰি তুলিব পাৰে। সূত্ৰৰ খবৰ অনুসৰি, ডাঙৰ পৰ্দাতকৈ তেওঁ ইন্টাৰনেট বা ৱেব মাধ্যমৰ চিনেমা আৰু ধাৰাবাহিকসমূহকহে বেছি প্ৰাধান্য দিছে। কাৰণ বৰ্তমান সময়ত বহুতো অভিনেতা-অভিনেত্ৰীয়ে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিবলৈ এই ৱেব প্লেটফৰ্মসমূহক বাচি লৈছে। অৱশ্যে নিজৰ এই প্ৰত্যাৱৰ্তনক লৈ অভিনেত্ৰীগৰাকীয়ে কোনো খৰখেদা কৰিব বিচৰা নাই। বৰঞ্চ তেওঁ বৰ্তমান নিজৰ মাতৃত্বৰ ৰূপটোৰ সৈতে খাপ খাব পৰা কোনো শক্তিশালী আৰু গভীৰ চৰিত্ৰৰ সন্ধানত আছে। গতিকে দীৰ্ঘদিনীয়া বিৰতিৰ পিছত কেটৰিনাক যে পুনৰ পৰ্দাত দেখিবলৈ পোৱা যাব, সেই কথা এতিয়া প্ৰায় নিশ্চিত।

বলীউডৰ আন তাৰকাসকলৰ তুলনাত ভিকি কৌশল আৰু কেটৰিনা কাইফৰ সংসাৰখন অলপ ব্যতিক্ৰমী। তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনটোক সদায় প্ৰচাৰ মাধ্যমৰ চকুৰ পৰা আঁতৰাই ৰাখিবলৈ ভাল পায়। যোৱা নৱেম্বৰ মাহত তেওঁলোকে পিতৃ-মাতৃ হিচাপে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছিল। এই সন্তানসুখৰ পিছত তেওঁলোকৰ জীৱন সম্পূৰ্ণ সলনি হৈ গৈছে, যাক তেওঁলোকে অতি সুন্দৰভাৱে উপভোগ কৰিছে। দিনচেৰেক আগতে মুম্বাই বিমান বন্দৰত এই তাৰকা দম্পতীয়ে সাংবাদিকসকলৰ সন্মুখত নিজৰ পুত্ৰ বিহানক চিনাকি কৰাই দিছিল আৰু লগতে কেঁচুৱাটোৰ ছবি নোতোলাৰ বাবে অনুৰোধ জনাইছিল। ইয়াৰ পিছতে তেওঁলোকে বিদেশ ভ্ৰমণলৈ গৈছিল আৰু তাৰ পৰাও কিছুমান সুন্দৰ মুহূৰ্তৰ ছবি অনুৰাগীসকলৰ বাবে সামাজিক মাধ্যমত ভাগ বতৰা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd