• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2026 12:35 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম লণ্ডনৰ চাউথহলত ভাৰতীয় মূলৰ এজন যুৱকক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে। নিহত যুৱকজনৰ নাম গুৰৱেজ সিং (২৬)। ব্ৰিটেইনৰ মেট্ৰ’পলিটান আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হয় যদিও পিছত ছয়জনক মুকলি কৰি দিয়া হয়। এজনক চৰ্তসাপেক্ষ জামিনত মুকলি কৰি দিয়া হৈছে।

Apply Now

আৰক্ষী সূত্ৰৰ মতে, যোৱা বুধবাৰে (১০ জুন) মাজ নিশা চাউথহলৰ নৰ্থ ৰোড আৰু ডৰ্মাৰ্ছ ওৱেলছ লেনৰ সংযোগস্থলৰ ওচৰৰ এখন দোকানৰ বাহিৰত সংঘটিত হয় এই ঘটনা। নিশা প্ৰায় ১২:৪১ বজাত আৰক্ষী আৰু চিকিৎসা কৰ্মী উপস্থিত হৈ গুৰৱেজ সিং আৰু গুৰুতৰভাৱে আহত আন এজন ব্যক্তিক উদ্ধাৰ কৰে। চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই গুৰৱেজৰ মৃত্যু হয়। আনজন আহত ব্যক্তিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

মেট্ৰ’পলিটান আৰক্ষীয়ে জনোৱা মতে, যিসকল ব্যক্তিয়ে ঘটনাটো প্ৰত্যক্ষ কৰিছে বা যিসকলৰ হাতত চিচিটিভি ফুটেজ বা আন তথ্য আছে তেওঁলোকক আগবাঢ়ি আহি তদন্তত সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে। তদন্তকাৰীয়ে আক্ৰমণৰ প্ৰকৃত উদ্দেশ্য আৰু অভিযুক্তৰ ভূমিকা সম্পৰ্কে তদন্ত কৰি আছে।

মেট্ৰ’পলিটান আৰক্ষীৰ ‘স্পেচিয়েলিষ্ট ক্ৰাইম কমাণ্ড’ৰ ডিটেক্টিভ চিফ ইন্সপেক্টৰ এলিছন ফক্সৱেলে কয় যে তদন্তকাৰীয়ে হত্যাকাণ্ডৰ পৰিস্থিতিৰ তদন্ত কৰি আছে। তেওঁ কয়, ‘যিসকলৰ হাতত অঞ্চলটোৰ চিচিটিভি ফুটেজ আছে – বা যিসকল লোকে এই কাণ্ডৰ সময়ত সেই স্থানত উপস্থিত আছিল কিন্তু এতিয়াও আৰক্ষীৰ সৈতে কথা পতা নাই – তেওঁলোকক আগবাঢ়ি আহি আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছো।’

ইংলেণ্ডৰ বিভিন্ন প্ৰান্তত অনুপ্ৰৱেশ আৰু জনসাধাৰণৰ সুৰক্ষাক লৈ প্ৰতিবাদ আৰু আন্দোলন চলি থকাৰ সময়তে সংঘটিত হৈছে এই হত্যাকাণ্ড। চলিত সপ্তাহৰ আৰম্ভণিতে উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত শ শ অনুপ্ৰৱেশ বিৰোধী প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ মাজতে ভাৰতীয় এজনৰ হত্যাকাণ্ডক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd