বিশ্বকাপত অঘটনৰ আৰম্ভণি। ইউৰো চেম্পিয়ন স্পেইনক কেপ ভাৰ্ডেৰ দৰে ‘দুৰ্বল’ দেশে ঢোকে ঢোকে পানী খুৱালে। ক’ব পাৰি যে পেড্ৰি-ৰড্ৰিৰ দলটো কেপ ভাৰ্ডেৰ গ’লৰক্ষক ভোজিনহাৰ আগত থমকি ৰ’ল। খেলখন গ’লবিহীনভাৱে সমাপ্ত হয়। ভোজিনহাৰ দলৰ এই যুঁজখন বিশ্বৰ ফুটবল অনুৰাগীৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব। বিকল্প হিচাপে খেলপথাৰত নামিও ব্যৰ্থ হয় লেমিন ইয়ামাল।
বিশ্বকাপৰ খেলবোৰ আগবাঢ়ি যোৱাৰ লগে লগে নিঃসন্দেহে আৰু অধিক অঘটন সংঘটিত হ’ব। কিন্তু ৬৭ নম্বৰ স্থানত থকা দেশ এখনৰ বাবে স্পেইনৰ দৰে শক্তিশালী দল এটাক ৰুদ্ধ কৰিব পৰাটো নিসন্দেহে অঘটন!
বিশ্বকাপৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈছিল স্পেইনৰ দুজন যুৱ উইংগাৰ লেমিন ইয়ামাল আৰু নিকো উইলিয়ামছ। আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰুপ ‘এইচ’ৰ প্ৰথমখন মেচত কোনো ধৰণৰ ৰিস্ক নলৈ স্পেইনৰ প্ৰশিক্ষক লুইছ ডি লা ফুয়েণ্টে দুয়োকে প্ৰথম একাদশত স্থান নিদিলে। হয়তো তেওঁলোকে কেপ ভাৰ্ডেক ইমান গুৰুত্ব নিদিলে।
ৰড্ৰি আৰু পেড্ৰি মিডফিল্ডত ঠিকেই আছিল। অৱশ্যে তেওঁলোকে গাভি, ফেৰাণ টৰেছ আৰু মাইকেল ভাৰ্জাবালক লৈ আক্ৰমণ ৰচনা কৰে। তৃতীয়জনে এতিয়াও ফলছ নাইনত খেলিব পাৰে। কিন্তু টৰেছ বা গাভি উইং প্লেয়াৰ নহয়। ফলত যি হ’ব লগা আছিল, সেইটোৱেই হ’ল। মিডফিল্ড সম্পূৰ্ণ স্পেইনৰ হাতত আছিল। কিন্তু ফাইনেল থাৰ্ডত নিয়ন্ত্ৰণ হেৰুৱালে। গাভি নিজৰ স্বাভাৱিক পজিচন মিডফিল্ডলৈ নামি আহিছিল। আনহাতে, টৰেছ মাজত সোমাই পৰিছিল। প্ৰথমাৰ্ধত ভাৰ্জাবালক বিচাৰিয়ে পোৱা নগ’ল।
৩৮ মিনিটত আহিল স্পেইনৰ প্ৰথমটো সঠিক আক্ৰমণ। চাইডবেক মাৰ্ক কুকুৰিয়াই হেডাৰৰ বাবে বলটো ছেট কৰে। প্ৰথমটো হেডটোত টৰেছে কোনো ভুল কৰা নাছিল। কিন্তু সেই মুহূৰ্তৰ পৰাই স্পষ্ট হৈ পৰিল স্পেইনে আচলতে কাৰ বিৰুদ্ধে খেলিছে। কেপ ভাৰ্ডেৰ গ’লৰক্ষক ভোজিনহাই ৪০ বছৰ বয়সত বিশ্বকাপৰ প্ৰথমখন মেচ খেলিছে। প্ৰথমে টৰেছৰ হেডাৰটো ব্লক কৰে, তাৰ পিছত ৰিটাৰ্ণ বলত ভাৰ্জাবালৰ হেডাৰটোও ৰখাই দিয়ে। এয়া আছিল মাত্ৰ আৰম্ভণি। ভোজিনহাই স্পেইনৰ আৰ্মাডাৰ সমগ্ৰ প্ৰতিৰক্ষা হাতত তুলি লৈছিল। ৪৪ মিনিটত তেওঁ পুনৰ টৰেছৰ শ্বটটো ব্লক কৰে যিটো মাটিৰে চুচুৰি আহিছিল। সন্মুখত ৭ জনীয়া কটকটীয়া ৰক্ষণৰ লগতে ভোজিনহাৰ ‘অভেদ্য প্ৰাচীৰ’ৰ আগত ইউৰোপীয় চেম্পিয়ন স্পেইনে বাৰে বাৰে হতাশ হ’বলগীয়া হৈছিল।
লেমিনৰ অভাৱ স্পষ্টকৈ বুজা গৈছিল। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতেও স্পেইনৰ প্ৰশিক্ষকে ইয়ামালে নমোৱা নাছিল। অৱশ্যে টৰেছক আগুৱাই নিয়াৰ ফলত আক্ৰমণ অলপ বৃদ্ধি পালে। কিন্তু সেইজনেই ভোজিনহা। কেতিয়াবা স্পেইনৰ ডিফেণ্ডাৰ লাপ’ৰ্টৰ হেডাৰ, কেতিয়াবা ভাৰ্জাবালৰ শ্বট সকলো তেওঁ হাতেৰে ব্লক কৰিছিল। এটা সময়ত মেচখন স্পেইন বনাম ভোজিনহালৈ ৰূপান্তৰিত হয়।
অৱশেষত স্পেইনৰ প্ৰশিক্ষক লা ফুয়েণ্টে ৭০ মিনিটত লেমিনক নমাবলৈ বাধ্য হয়। লগে লগে কেপ ভাৰ্ডেৰ প্ৰশিক্ষক বুভিষ্টাই তেওঁৰ পিছফালে তিনিজন ডিফেণ্ডাৰ লগাই দিলে। ৭২ মিনিটত ভোজিনহাই মাৰ্কাছ ল’ৰেণ্টেৰ শ্বটটো পুনৰ ব্লক কৰে। মেচখনৰ একেবাৰে শেষত তেওঁ অবিশ্বাস্য ছেভ এটাও কৰিছিল।
গোটেই খেলখনত স্পেইনে আফ্ৰিকান দেশখনৰ গ’লত ৮টা শ্বট মাৰিছিল। ইয়াৰ বিপৰীতে কেপ ভাৰ্ডেৰ মাৰিছিল মাত্ৰ এটা শ্বট। তাৰ পৰা গ’ল দিবও পাৰিলেহেঁতেন৷ সেয়া অৱশ্যে নহ’ল। কোনো কথা নাই। সকলো সময়তে গ’ল দিয়া বা মেচ জয় কৰাটোৱেই সকলো নহয়। তাতকৈ মাটি খামুচি থকাটোৱেই বেছি গুৰুত্বপূৰ্ণ। সেইটোৱেই কাহিনী এটা গঢ়ি তোলে।
স্পেইনৰ দৰে শক্তিশালী দেশ এখনে পাঁচ লাখৰ দেশখনৰ আগত শিৰনত কৰিছে। কেৱল কৌশলৰ দ্বাৰাই নহয়। বুকুৰ ভিতৰত সিংহৰ দৰে ডাঙৰ হৃদপিণ্ড এটা থাকিব লাগিব। কেপ ভাৰ্ডে সেই কথা প্ৰমাণ কৰিছে। এতিয়া আৰু বিশ্বকাপত খেলা আটাইতকৈ সৰু দেশ হিচাপে তেওঁলোক পৰিচিত নহয়। বিশ্বকাপৰ দৰে ডাঙৰ মঞ্চত স্পেইনৰ আৰ্মাডাক স্তব্ধ কৰি দিছে। ভোজিনহা আৰু তেওঁৰ ব্ৰিগেডৰ বীৰত্বৰ গাথা যুগ যুগ ধৰি চলি থাকিব। অৱশ্যে স্পেইনৰ বাবে এটাই সান্ত্বনা আছে। ২০১০ চনত প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছতো তেওঁলোক বিশ্ব চেম্পিয়ন হৈছিল।





