হিমাচল প্ৰদেশৰ চাম্বা জিলাত বুধবাৰে নিশা এক অতি শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলত ৭ জন লোকৰ প্ৰাণহানি হয়। আৰক্ষীয়ে ইতিমধ্যে এই সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত আটাইকেইজন লোক একেখন গাঁৱৰে বাসিন্দা আছিল। বুধবাৰে নিশা এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকে ঘৰলৈ উভতি আহি থকা অৱস্থাতে ছাতৰুণ্ডৰ সমীপত বাহনখন দুৰ্ঘটনাত পতিত হয়। জানিব পৰা মতে, চাৰিচকীয়া বাহনখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এক গভীৰ খাৱৈত বাগৰি পৰে। এক বিকট শব্দ শুনি স্থানীয় লোকসকল লগে লগে ঘটনাস্থলীলৈ দৌৰি আহে আৰু উদ্ধাৰকাৰ্যত সহায় কৰে। খবৰ পাই আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ বিষয়াসকলো ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। কিন্তু দুৰ্ভাগ্যৱশতে ঘটনাস্থলীতে ৭ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু বাহনখনৰ চালকজনো অন্তৰ্ভুক্ত। খাৱৈটো বহুত গভীৰ হোৱাৰ লগতে নিশাৰ অন্ধকাৰৰ বাবে প্ৰথম অৱস্থাত উদ্ধাৰ অভিযান চলোৱাত যথেষ্ট অসুবিধা হৈছিল। অৱশ্যে বহু সময়ৰ প্ৰচেষ্টাৰ অন্তত মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আনহাতে, ঠিক কি কাৰণত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱালে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। কোনো যান্ত্ৰিক বিসংগতিৰ বাবে নে চালকৰ অসাৱধানতাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ’ল, সেই লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। আৰক্ষীয়ে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনাটোৰ ভয়াৱহতাৰ ফলত বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে।





