শিৱসেনাৰ (উদ্ধৱ ফৈদ) ভিতৰত আকৌ এবাৰ বৃহৎ বিভাজনৰ সম্ভাৱনা দেখা দিছে। বৃহস্পতিবাৰে দিল্লীত দলৰ সাংসদ অনিল দেশাইয়ে আহ্বান জনোৱা সংসদীয় দলীয় বৈঠকত লোকসভাৰ ৯ জন সাংসদৰ ভিতৰত ৬ জন সাংসদ অনুপস্থিত আছিল।
এই ছয়জন সাংসদ লোকসভাত শিৱসেনাৰ মুঠ শক্তিৰ দুই তৃতীয়াংশ। এই মুকলি বিদ্ৰোহৰ প্ৰতি লক্ষ্য কৰি শিৱসেনাই (উদ্ধৱ ফৈদ) অনুপস্থিত সকলো সাংসদক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে আৰু তেওঁলোকৰ সদস্যপদ বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
মহাৰাষ্ট্ৰৰ ৰাজনীতিত শেহতীয়াকৈ এক উত্তপ্ত বিষয় হৈ পৰিছে অপাৰেচন টাইগাৰ। বৰ্তমানৰ ৯ গৰাকী শিৱসেনাৰ সাংসদৰ ভিতৰত ৭ গৰাকী একনাথ শিণ্ডে নেতৃত্বাধীন শিৱসেনাৰ সংস্পৰ্শত আছে আৰু পক্ষ সলনি কৰাৰ কথা চিন্তা কৰিছে। এই পৰিঘটনাই ২০২২ চনত শিণ্ডেৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ কথাকে সোঁৱৰাই দিছে, যিয়ে দলটোক দুটা ফৈদত বিভক্ত কৰিছিল।
দিল্লীৰ সংসদ কাৰ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিবলৈ শিৱসেনাৰ সকলো সাংসদক থ্ৰী লাইন হুইপ জাৰি কৰিছিল। দলটোৰ লোকসভাৰ ৯ জন সাংসদ—অৰবিন্দ সাৱন্ত, অনিল দেশাই, সঞ্জয় জাধৱ, ওমপ্ৰকাশ ৰাজেনিম্বলকাৰ, ভৌচাহেব ৱাকচৌৰে, সঞ্জয় দীনা পাটিল, সঞ্জয় দেশমুখ, নাগেশ পাটিল আষ্টিকাৰ আৰু ৰাজভাউ বাজে— উপস্থিত থকাৰ কথা আছিল।
কিন্তু বৈঠকৰ অন্তত সাংসদ ৰাজভাউ বাজে বৈঠকত ৬ জন সাংসদ অনুপস্থিত বুলি নিশ্চিত কৰে। মাত্ৰ তিনিজন লোকসভাৰ সাংসদ—অৰবিন্দ সাৱন্ত, ৰাজভাউ বাজে আৰু অনিল দেশাই— বৈঠকত অংশ লৈছিল। ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউতো উপস্থিত আছিল।
বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মত-বিনিমিয়ৰ সময়ত সঞ্জয় ৰাউটে অনুপস্থিত সাংসদসকলৰ ৰণনীতি প্ৰতাৰণামূলক, অসৎ, ষড়যন্ত্ৰমূলক, প্ৰৱঞ্চনামূলক আখ্যা দি কঠোৰ ভাষাৰে সকীয়নি দিয়ে। ৰাউতে কয় যে আমাৰ লোকসভাৰ নেতা অৰবিন্দ সাৱন্ত আৰু চীফ হুইপ অনিল দেশাইয়ে আজি পুৱা ১১ বজাত সাংসদসকলৰ এখন বৈঠক আহ্বান কৰিছিল।
এই বৈঠকত উপস্থিত নোহোৱা সদস্যসকলক আমি দলীয় নিৰ্দেশনা উলংঘা কৰা বুলি গণ্য কৰোঁ। তেওঁলোকে দলৰ নিৰ্দেশ নামানিলে, সেয়ে কাৰ্যকৰী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
বিদ্ৰোহী সাংসদসকলৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি ৰাউতে কয়, “তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হ’ব, উত্তৰ বিচৰা হ’ব আৰু আমি তেওঁলোকৰ সদস্যপদ বাতিলৰ দিশত আগবাঢ়িম। তেওঁলোকে কালি লোকসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি একত্ৰীকৰণৰ দাবী জনাইছিল। আমিও অৰবিন্দ সাৱন্ত, অনিল দেশাই, আৰু মই অধ্যক্ষক সাক্ষাৎ কৰিছিলো। আমাৰ ফটোও প্ৰকাশ হৈছিল। সেই ছয়জন লোকে যদি অধ্যক্ষক লগ পাইছিল, তেন্তে তেওঁলোকেও নিজৰ মুখ দেখুৱাব লাগে।”
দলৰ সাংসদ অনিল দেশাইয়ে স্পষ্ট কৰি দিয়ে যে অনুশাসনহীনতাৰ বিৰুদ্ধে ব্যৱস্থা আৰম্ভ কৰা হৈছে। তেওঁ কয়, “আজি, বৈঠক শেষ হোৱাৰ লগে লগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হ’ল। কাৰ্য্যব্য়ৱস্থাটো হ’ল জাননী জাৰি কৰি সোধা হৈছে ‘আপুনি কিয় নাহিল?’ আপোনাক মেছেজ আৰু হোৱাটছএপ কৰা হৈছিল, আৰু সেইটো আপুনি পাইছিলো। তথাপি আপুনি আহিব নে নাই কোৱা নাছিল, গতিকে আপোনাৰ অনুপস্থিতি এনে ধৰণেই দেখা যাব।”
সঞ্জয় ৰাউটে একনাথ শিণ্ডেক প্ৰত্যক্ষ আক্ৰমণ কৰি কয় যে লেতেৰা ৰাজনীতিত লিপ্ত হোৱাৰ বাবে ইয়াৰ মূল্য বিজেপিয়েও দিব লাগিব। তেওঁ বিদ্ৰোহী সাংসদসকলক সকীয়াই দি কয় যে, “আপুনি এতিয়াও দলৰ সদস্য। আপুনি আমাৰ দলৰ নাম আৰু প্ৰতীক লৈ নিৰ্বাচনত জয়ী হৈছে। নিৰ্দেশ উলংঘা কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। টিভিত দেখা গৈছে যে নিজৰ সমষ্টিত মানুহে ৰাজপথলৈ ওলাই আহিছে। এইবাৰ এই প্ৰতাৰণা একনাথ শিণ্ডে আৰু এই বিশ্বাসঘাতকসকলৰ বাবে ডাঙৰ শিক্ষা হ’ব। অৰবিন্দ সাৱন্তে অযোগ্য ঘোষণা পত্ৰৰ বা নথি-পত্ৰ প্ৰস্তুত কৰি আছে।”





