অসমৰ বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাই নিজৰ কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য অৰ্জন কৰিছে। ফ্ৰেঞ্চ অ’পেন ২০২৬ৰ দ্বিতীয় ৰাউণ্ডত জাপানৰ তাৰকা খেলুৱৈ তথা বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ আকানে য়ামাগুচিক পোনপটীয়া দুটা গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমকন্যাগৰাকীয়ে। বৃহস্পতিবাৰে (২২ অক্টোবৰ) অনুষ্ঠিত মহিলাৰ ছিংগলছৰ মেচখনত অস্মিতাই ২১-১৯, ২১-১৮ ব্যৱধানত জয়লাভ কৰে। মাত্ৰ ৩৭ মিনিটতে সমাপ্ত হোৱা এই মেচখনৰ জৰিয়তে ছুপাৰ ৭৫০ শ্ৰেণীৰ প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে ২৭ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে।
ঐতিহাসিক জয়ৰ পিছত নিজৰ অনুভৱ প্ৰকাশ কৰি অস্মিতাই কয়, “সঁচাকৈয়ে মই কঁপি আছোঁ। অনুভৱটো অত্যন্ত আৱেগিক। এয়া মোৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ জয়। এতিয়াও এই সাফল্যৰ অনুভৱ সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ বাবে হয়তো এদিন লাগিব।”
তিনিবাৰৰ বিশ্ব চেম্পিয়ন আকানে য়ামাগুচিৰ বিৰুদ্ধে অস্মিতাৰ এই জয় বিশেষ তাৎপৰ্যপূৰ্ণ। কিয়নো, ইয়াৰ মাত্ৰ এসপ্তাহ পূৰ্বে ডেনমাৰ্ক অ’পেনৰ দ্বিতীয় ৰাউণ্ডত জাপানৰ খেলুৱৈগৰাকীৰ হাতত ১৮-২১, ১০-২১ ব্যৱধানত পৰাস্ত হৈছিল অস্মিতা। কিন্তু ফ্ৰেঞ্চ অ’পেনত পূৰ্বৰ পৰাজয়ৰ পৰা শিক্ষা লৈ অধিক ধৈৰ্য, আত্মবিশ্বাস আৰু উন্নত কৌশলেৰে ক’ৰ্টত নামে অসমৰ খেলুৱৈগৰাকী।
প্ৰথমটো গেমত অস্মিতাই ১৮-১৪ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল। অৱশ্যে য়ামাগুচিয়ে উভতি যুঁজ দি স্ক’ৰ ১৮-১৮লৈ সমান কৰে। এনে নিৰ্ণায়ক মুহূৰ্ততো স্নায়ুৰ চাপ নিয়ন্ত্ৰণ কৰি অস্মিতাই একেৰাহে গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰে আৰু ২১-১৯ ব্যৱধানত প্ৰথমটো গেম নিজৰ নামত কৰে।
দ্বিতীয় গেমতো দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয়। স্ক’ৰ ৭-৭ হোৱাৰ পিছত অস্মিতাই আক্ৰমণাত্মক খেলৰ লগতে শক্তিশালী ৰক্ষণেৰে প্ৰতিপক্ষক চাপত ৰাখে। দীঘলীয়া ৰেলীতো ধৈৰ্য ধৰি খেলি উপযুক্ত সময়ত আক্ৰমণ চলোৱাৰ কৌশলেৰে অৱশেষত ২১-১৮ ব্যৱধানত দ্বিতীয়টো গেম জয় কৰি মেচখন নিজৰ হাতলৈ আনে তেওঁ।
অস্মিতাৰ এই সফলতাৰ আঁৰত আছিল উন্নত কৌশলগত পৰিকল্পনা আৰু ভুলৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াস। দীঘলীয়া ক্লিয়াৰ শ্বটৰ জৰিয়তে য়ামাগুচিক ক’ৰ্টৰ পিছফালে ব্যস্ত ৰখাৰ লগতে সুবিধাজনক মুহূৰ্তত স্মেছ আৰু ড্ৰপ শ্বটেৰে আক্ৰমণ চলায় অস্মিতাই। পূৰ্বৰ মেচখনত অসুবিধাৰ সৃষ্টি কৰা য়ামাগুচিৰ কৌশলী ড্ৰপ শ্বটৰ মোকাবিলা কৰিবলৈও এইবাৰ অধিক প্ৰস্তুতিৰে নামিছিল তেওঁ। অধিক ধৈৰ্যৰে খেলাৰ ফলতো নিৰ্ণায়ক মুহূৰ্তত অস্মিতাই নিজৰ স্থিৰতা বজাই ৰাখিবলৈ সক্ষম হয়।
উল্লেখ্য যে, সোঁ আঁঠুৰ মেনিছকাছত আঘাত পোৱাৰ বাবে অস্মিতাই কেইবামাহো প্ৰতিযোগিতামূলক বেডমিণ্টনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। অস্ত্ৰোপচাৰৰ পিছত মে’ মাহত খেলপথাৰলৈ উভতি আহি তেওঁ পুনৰ নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। চলিত বৰ্ষতে কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ ৩০০ প্ৰতিযোগিতাৰ খিতাপ জয় কৰি প্ৰথমটো বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ খিতাপো অৰ্জন কৰে অসমৰ খেলুৱৈগৰাকীয়ে।
আঘাতৰ বাবে বিশ্ব ৰেংকিঙত ২০০ৰো বাহিৰলৈ পিছলি যোৱা অস্মিতাই দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে পুনৰ উন্নতি সাধন কৰিছে। ফ্ৰেঞ্চ অ’পেনৰ পূৰ্বে বিশ্ব ৰেংকিঙত ৩৬ নম্বৰ স্থানলৈ উত্থান ঘটোৱা খেলুৱৈগৰাকীৰ শেহতীয়া সাফল্যই আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত তেওঁৰ ক্ৰমবৰ্ধমান প্ৰতিদ্বন্দ্বিতামূলক শক্তিৰ পৰিচয় দিছে।
ইফালে, ভাৰতৰ আন এগৰাকী তাৰকা খেলুৱৈ পি ভি সিন্ধুৱেও ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বৃহস্পতিবাৰে অনুষ্ঠিত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডৰ মেচখনত সিন্ধুৱে জাপানৰ ৰিকো গুঞ্জিক ২১-১২, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে। দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীয়ে পোনপটীয়া দুটা গেমতে জয় সাব্যস্ত কৰি শেষ আঠৰ স্থান নিশ্চিত কৰে।
ফ্ৰেঞ্চ অ’পেনত অস্মিতা চলিহাৰ এই সাফল্যই অসম তথা ভাৰতীয় বেডমিণ্টন জগতত নতুন আশাৰ সঞ্চাৰ কৰিছে। আঘাতৰ পৰা উভতি আহি শীৰ্ষস্থানীয় খেলুৱৈক পৰাস্ত কৰা অস্মিতাৰ এই জয়ে তেওঁৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰাৰ লগতে আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবেও ইতিবাচক ইংগিত বহন কৰিছে। এতিয়া কোৱাৰ্টাৰ ফাইনেলতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে ক’ৰ্টত নামিব অসমৰ প্ৰতিভাৱান খেলুৱৈগৰাকী।


