২৫ জুনৰ দিনা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত দিয়া এটা মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত ৰঞ্জিত দাসে নিজৰ বক্তব্যৰ অন্য ব্যাখ্যা দিব লগীয়া হৈছে।
কিছু কিছু সংবাদ মাধ্যমত প্ৰকাশ পোৱা তেওঁৰ মন্তব্য থকা এটা ভিডিঅ’ত দাসক কোৱা দেখা গৈছিল যে ২০২৫ চনত আমি ভাৰতক গো-ৰাষ্ট্ৰ হিচাপে বিশ্বত পৰিচিত কৰি তুলিম।
ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছত দাসে ২৬ জুনত এখন সংবাদমেলত স্পষ্ট কৰি দি কয়, “মই কোৱাত গুৰু ৰাষ্ট্ৰ বুলিয়েই কৈছিলো। কিন্তু যিগৰাকী সাংবাদিকে বাতৰিটো পৰিবেশন কৰিছিল, তেওঁৰ হয়তো শুনাত কিছু অসুবিধাৰ সন্মুখীন হ’ল।”
তেওঁ লগতে কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰ ভিতৰত ভৰতবৰ্ষক গুৰু ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবৰ বাবে প্ৰয়াস কৰি আছে। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমিও বিজেপি দলৰ হৈ কাম কৰি আছো।”
তদুপৰি ভাৰতৰ প্ৰাচীন নালন্দা, তক্ষশীলা বিশ্ববিদ্যালয় শিক্ষাব্যৱস্থা বৰ্তমান সময়ত অটুট নাই বুলি সদৰী কৰি তেওঁ কয়, “যোৱা ৬০টা বছৰৰ ভিতৰত কংগ্ৰেছৰ শাসন কালত বিশ্বৰ বুকুত ভাৰতৰ গৰিমা হ্ৰাস পাইছে।”
ইয়াৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ গৰিমা পুনৰ ঘূৰাই অনাত কিছু পৰিমাণে সফল হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ গুণৰ বাবে বিশ্বৰ ১০ গৰাকী দক্ষ প্ৰধান মন্ত্ৰীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।”
“পূৰ্বতে ভাৰতৰ প্ৰধান মন্ত্ৰীসকলে অন্য ৰাষ্ট্ৰলৈ যাব লগীয়া হ’লে চিঠি প্ৰেৰণ কৰি সেই দেশসমূহৰ পৰা অনুমতি ল’ব লগীয়া হৈছিল, কিন্তু বৰ্তমানৰ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়লৈ বিভিন্ন দেশৰ পৰা নৰেন্দ্ৰ মোদীক তেওঁলোকৰ দেশলৈ আম্ত্ৰণ জনাই চিঠি আহিবলৈ আৰম্ভ কৰিছে।”
আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ জনসাধাৰণেও ২০২৫ চনৰ ভিতৰত ভাৰতক গুৰু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বুলি সংবাদমেলত ৰঞ্জিত দাসে আশা প্ৰকাশ কৰে।