শনিবাৰে (২০ জুন) সমগ্ৰ ৰাজ্যজুৰি বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ’ল। বহুতে সামাজিক মাধ্যমতো তেওঁৰ গীত পৰিবেশন কৰি মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিলে। বিষ্ণু ৰাভাৰ গীতবোৰ শুনি থাকিলে এটা কথা বিশেষভাৱে চকুত পৰে —বিষ্ণু ৰাভাৰ বিপ্লৱী চিন্তা-চেতনাৰে উদ্বুদ্ধ গীতসমূহৰ তুলনাত তেওঁৰ প্ৰেম, বিৰহ আৰু মানৱীয় অনুভূতিৰে সিক্ত গীতসমূহে যেন সাধাৰণ মানুহৰ হৃদয় অধিক গভীৰভাৱে স্পৰ্শ কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ বিপ্লৱী গীতসমূহৰ মূল্য কম। বৰঞ্চ সমাজ-সচেতনতা আৰু সংগ্ৰামী চেতনাৰ ক্ষেত্ৰত সেইবোৰৰ অৱদান অপৰিসীম। তথাপি মানৱীয় সংবেদনশীলতাৰ দৃষ্টিৰে চালে দেখা যায় যে “নাহৰ ফুলে নুশুৱাই”, “পৰজনমৰ শুভ লগনত”, “উটি যা উটি যা”, “বিলতে হালিছে”, “ৰৈ ৰৈ কেতেকী বিনালে” আদি গীতসমূহে জনসাধাৰণৰ মনত এক বিশেষ স্থান অধিকাৰ কৰি আছে।
বিষ্ণু ৰাভা আছিল আজীৱন সংগ্ৰামী ব্যক্তি। ১৯৩০ চনত কলিকতাৰ ৰিপন কলেজত অধ্যয়ন কৰি থাকোঁতেই তেওঁ আইন অমান্য আন্দোলনত যোগদান কৰি কলেজৰপৰা বহিষ্কৃত হয়। পিছত কোচবিহাৰত পঢ়িবলৈ গ’লেও তাতো বৃটিছ-বিৰোধী আন্দোলনত জঁপিয়াই পৰে। ফলত নিয়মীয়া শিক্ষাজীৱন তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিন্তু সংগ্ৰামী সত্তাৰ সমান্তৰালভাৱে তেওঁ আছিল গভীৰ অনুভূতিসম্পন্ন এগৰাকী দূৰন্ত প্ৰেমিক।
প্ৰিয়বালা বৰুৱা আছিল তেওঁৰ প্ৰথম প্ৰেমিকা। কলেজত পঢ়ি থকা অৱস্থাতেই প্ৰিয়বালাৰ সৈতে তেওঁৰ চিনাকি হৈছিল। পাছত ১৯৩৭ চনৰ ২৪ নৱেম্বৰত কলিকতাত দুয়োৰে বিবাহ সম্পন্ন হয়। কিন্তু বিয়াৰ মাত্ৰ এমাহ পিছতেই টাইফয়েডত আক্ৰান্ত হৈ কলিকতাতে প্ৰিয়বালাৰ মৃত্যু ঘটে। এই গভীৰ ব্যক্তিগত শোকৰ পৰাই জন্ম হৈছিল তেওঁৰ অমৰ গীত “পৰজনমৰ শুভ লগনত”।
পিছলৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কাম-কাজত জড়িত হৈ বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে তেওঁ কনকলতা মেধিক লগ পায়। চিন্তা আৰু আদৰ্শৰ মিলৰপৰা আৰম্ভ হোৱা এই সম্পৰ্ক ১৯৫১ চনত বিবাহত পৰিণত হয়। কিন্তু এই সম্পৰ্কও বেছি দিন নাথাকিল। ১৯৬১ চনত কনকলতাৰো মৃত্যু ঘটে। পিছত মোহিনী বসুমতাৰীৰ সৈতে তেওঁৰ জীৱন-সম্পৰ্ক গঢ়ি উঠে আৰু জীৱনৰ অন্তিম সময়লৈকে দুয়ো একেলগে থাকে।
দেশমাতৃকাৰ মুক্তিৰ হকে অহৰহ সংগ্ৰাম কৰা এই ব্যক্তিগৰাকীৰ সৃষ্টিশীল কৰ্মৰাজিত, বিশেষকৈ গীতসমূহত বিপ্লৱী আদৰ্শৰ লগতে গভীৰ মানৱীয় সংবেদনশীলতাৰ প্ৰকাশ অধিক স্পষ্টভাৱে ধৰা পৰে।
এনে ব্যক্তিৰ সংখ্যা আমাৰ দেশত অত্যন্ত কম। আমাৰ বহুতে জীৱনত অন্ততঃ এবাৰ হ’লেও “ইনকিলাব জিন্দাবাদ” ধ্বনি নিশ্চয় দিছে; কিন্তু এই ধ্বনিৰ স্ৰষ্টা কোন, সেই কথা কিমানজনে জানে? এই বিখ্যাত শ্লোগানৰ প্ৰৱৰ্তক আছিল উত্তৰ প্ৰদেশৰ প্ৰখ্যাত উৰ্দু কবি, গজলকাৰ আৰু স্বাধীনতা সংগ্ৰামী হসৰত মোহানী। ১৯২১ চনত তেওঁ প্ৰথমবাৰৰ বাবে এই শ্লোগান ব্যৱহাৰ কৰিছিল; পিছলৈ ভগৎ সিং আৰু বটুকেশ্বৰ দত্ত আদি বিপ্লৱীসকলে ইয়াক অধিক জনপ্ৰিয় কৰি তোলে। তেওঁৰ প্ৰকৃত নাম আছিল ছৈয়দ ফজল উল হাছান। তেওঁ ভাৰতীয় সংবিধান পৰিষদৰো এগৰাকী সদস্য আছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰো প্ৰাৰম্ভিক কালৰ এগৰাকী সদস্য আছিল মোহানী।
কিন্তু আশ্চৰ্যজনকভাৱে, হসৰত মোহানী আজিও কেৱল এগৰাকী সংগ্ৰামী নেতা হিচাপে নহয়, “চুপকে চুপকে ৰাত দিন”ৰ দৰে অনবদ্য গজলৰ স্ৰষ্টা হিচাপেহে অধিক স্মৰণীয়। প্ৰখ্যাত গায়ক গোলাম আলিৰ কণ্ঠত এই গজলটোৱে কোটি কোটি শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছিল। অৰ্থাৎ, সংগ্ৰামৰ তুলনাত তেওঁৰ মানৱীয় অনুভূতিৰে ভৰা সাহিত্যইহে অধিক স্থায়ী আবেদন লাভ কৰিছে।
এই ক্ষেত্ৰত বিষ্ণু ৰাভা আৰু হসৰত মোহানীৰ মাজত এক উল্লেখযোগ্য সাদৃশ্য দেখা যায়। দুয়ো সংগ্ৰামী ব্যক্তি আছিল, ৰাভাৰ দৰে মোহানীও বৃটিছ-বিৰোধী কাৰ্যকলাপৰ বাবে কলেজৰপৰা বহিষ্কৃত হৈছিল। স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণ কৰি তেওঁ কেবাবাৰো কাৰাবৰণ খাটিছিল। স্বাধীনতা-পৰৱৰ্তী সময়তো দেশৰ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ বিশেষ কোনো উন্নতি নোহোৱাৰ কথাটোৱে দুয়োকে ব্যথিত আৰু বিচলিত কৰিছিল। ৰাভাই “ইয়ে আজাদী ঝুঠা হ্যেই” বুলি কৈছিল, মোহানীয়ে চৰকাৰৰপৰা নিজকে নিলগত ৰাখিছিল। একে সময়তে ৰাভা আৰু মোহানী দুয়োৰে হৃদয়ত গভীৰ মানৱীয়তা, প্ৰেম আৰু সৌন্দৰ্যবোধো সমানে বিদ্যমান আছিল। যাৰ প্ৰতিফলন আমি দেখা পাইছিলোঁ ৰাভাৰ ৰচনা-ৰাজি, বিশেষকৈ গীতবোৰৰ মাজত; আৰু মোহানীৰ ক্ষেত্ৰত তেওঁৰ গজল আৰু উৰ্দু কবিতাবোৰৰ মাজত।
একেধৰণৰ সাদৃশ্য আমি বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ক্ষেত্ৰতো দেখা পাওঁ। সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত সংস্কৃতি আৰু সাহিত্যৰ অপৰিসীম শক্তিৰ ওপৰত বিষ্ণু ৰাভা, হসৰত মোহানী আৰু কাজী নজৰুল ইছলাম—তিনিওজনেই গভীৰভাৱে আস্থা ৰাখিছিল।
এই তিনিগৰাকী মহান ব্যক্তিয়ে আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দি গৈছে—মানুহৰ হৃদয় স্পৰ্শ নকৰাকৈ কোনো বিপ্লৱেই স্থায়ী হ’ব নোৱাৰে। প্ৰেম, বিৰহ, সৌন্দৰ্য আৰু মানৱীয় সংবেদনশীলতাইহে শেষ পৰ্যন্ত শিল্পক অমৰ কৰি ৰাখে। আৰু, মানৱতা, সৌন্দৰ্য আৰু স্বাধীনতাৰ প্ৰতি গভীৰ প্ৰেমৰপৰাই বিপ্লৱৰ জন্ম হয়। অসমৰ বৰ্তমানৰ সংকটময় সময়ত বিষ্ণু ৰাভাৰ চিন্তা আৰু আদৰ্শই আমাক বহু ক্ষেত্ৰতে বাট দেখুৱাব পাৰে। সেয়ে হোৱা উচিত ৰাভা দিৱসৰ উদ্দেশ্য।



