ক্ৰিকেট খেলপথাৰত ভাৰত-পাকিস্তান মানেই উত্তেজনা। কিন্তু খেলপথাৰৰ বাহিৰৰ খেলুৱৈৰ মাজৰ সম্পৰ্ক যে সম্পূৰ্ণ বেলেগ হ’ব পাৰে, সেই কথা আকৌ এবাৰ প্ৰমাণিত হৈছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্বকাপ বিজয়ী অধিনায়ক ইমৰাণ খানৰ শাৰীৰিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰি বিশ্ব ক্ৰিকেটৰ ২২গৰাকী প্ৰাক্তন অধিনায়কে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফলৈ এখন পত্ৰ লিখিছে। ইয়াৰ ভিতৰত আছে ভাৰতীয় দুই বিশ্বকাপ বিজয়ী কপিল দেৱ আৰু সুনীল গাভাস্কৰ।
৭৩ বছৰীয়া ইমৰাণ বিগত তিনি বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে। তেওঁৰ শাৰীৰিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেইবাগৰাকী প্ৰাক্তন ক্ৰিকেট তাৰকাই। তেওঁলোকে দাবী কৰে যে পাকিস্তান চৰকাৰে ইমৰাণৰ চিকিৎসাৰ ক্ষেত্ৰত অধিক স্বচ্ছ আৰু নিৰপেক্ষ হোৱাৰ প্ৰয়োজন।
সূত্ৰ অনুসৰি পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰাণৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰিবলৈ বিশেষ চিকিৎসা ব’ৰ্ড গঠনৰ নিৰ্দেশ দিছিল। তদুপৰি পৰিয়ালৰ লোককো প্ৰতি সপ্তাহত জেলত লগ কৰিবলৈ অনুমতি দিয়া হৈছিল।
কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা কৰা নহ’ল বুলি দাবী কৰে প্ৰাক্তন অধিনায়কসকলে। তেওঁলোকৰ অভিযোগ যে মাত্ৰ কেইঘণ্টামানৰ বাবেহে ইমৰানক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাতে চৰকাৰী চিকিৎসকে তেওঁক শাৰীৰিকভাৱে সুস্থ বুলি ঘোষণা কৰে। ইয়াৰ পিছত তেওঁক পুনৰ আদিয়ালা জেললৈ প্ৰেৰণ কৰা হয়।
এই ঘটনাত আদালতৰ নিৰ্দেশ সঠিকভাৱে পালন কৰা হৈছিল নে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন ক্ৰিকেট অধিনায়কসকলে।
এই চিঠিখনৰ আৰম্ভণি কৰিছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক গ্ৰেগ চেপেলে। পত্ৰখনত স্পষ্টকৈ উল্লেখ আছে যে তেওঁলোকে কোনো ৰাজনৈতিক স্থিতিৰ পৰা এই অনুৰোধ কৰা নাই। বৰঞ্চ দীৰ্ঘদিনীয়া ক্ৰিকেট সতীৰ্থ আৰু সহকৰ্মী হিচাপেই ইমৰাণৰ কাষত থিয় দিছে।
চিঠিখনত মূলতঃ তিনিটা দাবী উত্থাপন কৰা হৈছে। প্ৰথমে আদালতৰ নিৰ্দেশ অনুসৰি এখন স্বতন্ত্ৰ চিকিৎসা ব’ৰ্ড গঠন কৰিব লাগে। ইমৰাণৰ ব্যক্তিগত চিকিৎসককো সেই ব’ৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও তেওঁৰ সোঁ চকুত দৃষ্টিশক্তি কমি যোৱাৰ অভিযোগৰ তদন্ত কৰিব লাগে বুলি কোৱা হৈছে।
দ্বিতীয়তে, চিকিৎসকে পৰামৰ্শ দিয়া চিকিৎসা কোনো পলম নকৰাকৈ ইমৰাণক দিব লাগে।
তৃতীয়তে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ইমৰাণৰ পৰিয়ালৰ লোকক প্ৰতি সপ্তাহত লগ পোৱাৰ সুযোগ দিয়া উচিত। সেই সাক্ষাতত কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰিবলৈও প্ৰশাসনে অনুৰোধ জনাইছে।
জানিব পৰা মতে বিশ্বৰ ৯খন দেশৰ প্ৰাক্তন অধিনায়কসকলে এই পত্ৰত স্বাক্ষৰ কৰিছে। ভাৰতৰ হৈ সুনীল গাভাস্কাৰ, কপিল দেৱ আৰু দিলীপ ভেংকসৰকাৰে স্বাক্ষৰ কৰিছে।
ইয়াৰ উপৰিও অষ্ট্ৰেলিয়াৰ এলান বৰ্ডাৰ, গ্ৰেগ চেপেল আৰু ইয়ান চেপেল, ইংলেণ্ডৰ নাছিৰ হুছেইন আৰু এলেষ্টাৰ কুক আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ক্লাইভ লয়ডকে ধৰি কেইবাগৰাকীও প্ৰাক্তন তাৰকা এই তালিকাত আছে।
IMPORTANT: 22 former international cricket captains have written to the Pak PM demanding that Imran Khan be given the medical treatment and supervision he needs as per Pak SC guidelines. The list includes 3 Indians: Gavaskar, Kapil Dev and Vengsarkar but not a single Pakistani!… pic.twitter.com/cMyUAclwKt
— Rajdeep Sardesai (@sardesairajdeep) August 23, 2026
এই তাৰকাসকলে এসময়ত ইমৰাণৰ অধিনায়কত্বৰ অধীনৰ পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলপথাৰত খেলিছিল। ক্ৰীড়া জগতত সেই পুৰণি সম্পৰ্কৰ ভিত্তিতে এতিয়া তেওঁৰ চিকিৎসা আৰু পৰিয়ালক লগ পোৱাৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে প্ৰাক্তন ক্ৰিকেটাৰসকলে।





