ভাৰতৰ এগৰাকী অন্যতম জনপ্ৰিয় গায়িকা অলকা য়াগ্নিকে শেহতীয়াকৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা পদ্মভূষণ সন্মান গ্ৰহণ কৰে। দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত তেওঁক এই সন্মানেৰে বিভূষিত কৰা হয়। কেইবা দশক ধৰি তেওঁ নিজৰ সুমধুৰ কণ্ঠৰে শ্ৰোতাসকলক মন্ত্ৰমুগ্ধ কৰি আহিছে, আৰু এই সন্মান তেওঁৰ সেই দীঘলীয়া সংগীত যাত্ৰাৰ এক অনন্য স্বীকৃতি।
অৱশ্যে এই আনন্দৰ মুহূৰ্তৰ মাজতো অনুষ্ঠানটোত এক বেলেগ দৃশ্য দেখা গ’ল। এইগৰাকী প্ৰখ্যাত গায়িকাই যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি আছে। শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ পিছতো অদম্য ইচ্ছাশক্তিৰে তেওঁ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছিল। তেওঁৰ এই সফলতাৰ খবৰত সকলোৱে আনন্দিত হোৱাৰ সমান্তৰালকৈ, তেওঁৰ স্বাস্থ্যৰ অৱনতিক লৈ অনুৰাগীসকলৰ মনত দুশ্চিন্তাও দেখা গৈছে।
নিজৰ দীঘলীয়া সংগীত জীৱনত অলকা য়াগ্নিকে ‘এক দো তিন’, ‘টিপ টিপ বৰচা পানী’ৰ দৰে অসংখ্য কালজয়ী গীত উপহাৰ দিছে। সুৰৰ জগতলৈ তেওঁৰ এই অৱদানে ভাৰতীয় সংগীতপ্ৰেমীৰ মনত চিৰস্থায়ী স্থান দখল কৰিছে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ এক সাক্ষাৎকাৰত গায়িকাগৰাকীয়ে জনাইছিল যে এক বিৰল শ্ৰৱণজনিত ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। এই অসুস্থতাৰ বাবে বৰ্তমান তেওঁ কোনো নতুন গীতৰ কাম হাতত ল’ব পৰা নাই। দুবছৰ আগতে হঠাৎ অলকাৰ শ্ৰৱণশক্তি সম্পৰ্কীয় এই সমস্যা ধৰা পৰে। এখন বিমান যাত্ৰাৰ পৰা নমাৰ পিছত তেওঁ লক্ষ্য কৰে যে তেওঁ কাণেৰে একো শুনিব পোৱা নাই। চিকিৎসকৰ মতে, এয়া হৈছে এক বিৰল চেন্সৰী-নিউৰেল নাৰ্ভ লচ, যি সাধাৰণতে কোনো ভাইৰেল সংক্ৰমণৰ বাবে হয়। যোৱা কেইবামাহ ধৰি একেৰাহে চিকিৎসা আৰু থেৰাপী চলি থকাৰ পিছতো তেওঁৰ শ্ৰৱণশক্তি এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই।





