• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 8:08 pm
91
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় পুৰাতত্ত্ব বিভাগে পুনৰ এক ডাঙৰ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। সিন্ধু উপত্যকা সভ্যতাৰ আটাইতকৈ ডাঙৰ স্থান হিচাপে পৰিচিত ৰাখিগড়ীত খনন কাৰ্য চলাই আঠটাকৈ মানুহৰ কংকাল আৰু মাটিৰ পাত্ৰ উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, এই কংকালকেইটা ৭ নম্বৰ টিলাত পোৱা গৈছে, য’ত হৰপ্পা সভ্যতাৰ মানুহে তেওঁলোকৰ মৃতদেহ কবৰ দিছিল।

Apply Now

এই সন্দৰ্ভত পুৰাতত্ত্ব বিভাগৰ বিষয়া মনোজ ছাক্সেনাই জানিবলৈ দিয়ে যে এতিয়ালৈকে পাঁচটা কংকাল বাহিৰলৈ উলিওৱা হৈছে। ইয়াৰে তিনিটা পৰীক্ষাৰ বাবে কলকাতালৈ পঠিওৱা হৈছে। এটা কংকালৰ নমুনা লক্ষ্ণৌলৈ পঠিওৱা হৈছে, যাৰ ডিএনএ পৰীক্ষা কৰা হ’ব। তেওঁ কয় যে দুই বা তিনি মাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন পোৱা যাব পাৰে।

এক প্ৰতিবেদন অনুসৰি, দুটা কংকাল চল্লিছৰ ঊৰ্ধ্বৰ দুগৰাকী মহিলাৰ আৰু এটা পুৰুষৰ আছিল। এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, প্ৰতিটো মৃতদেহৰ ওচৰত মাটিৰ পাত্ৰ পোৱা গৈছে, যিবোৰ সম্ভৱত সমাধিস্থ কৰাৰ সময়ত ৰখা হৈছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বে এটা কংকালৰ ওচৰত ২৭ টা মাটিৰ পাত্ৰ পোৱা গৈছিল। তেওঁ লগতে কয় যে মহিলাগৰাকীৰ কংকালটোৰ হাতত খাৰুও আছিল, যিবোৰত সোণৰ মণি লগোৱা আছিল।

বিষয়াজনে জনায় যে আন তিনিটা কংকাল পোৱা গৈছে যদিও সেইবোৰ অক্ষত অৱস্থাত নাই। সম্ভৱতঃ খেতি-বাতিৰ বাবে এই কংকালবোৰৰ কিছু ক্ষতি হৈছে। ৰাখিগড়ীক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰাৰ আগতে ইয়াত ব্যাপকভাৱে খেতি কৰা হৈছিল। যোৱা কেইবছৰমানৰ ভিতৰত পুৰাতত্ত্ব বিভাগ আৰু পুনেৰ ডেকান কলেজে যুটীয়াভাৱে কমেও ৭০ টা কংকাল খনন কৰি উলিয়াইছে। যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা পুৰাতত্ত্ব বিভাগে ৫৫০ হেক্টৰ এলেকা জুৰি এই খনন কাৰ্য আৰম্ভ কৰিছিল।

বিশেষজ্ঞসকলৰ অনুমান যে চাৰিৰ পৰা পাঁচ হাজাৰ বছৰ আগতে মানুহে মৃতদেহৰ লগত দৈনন্দিন ব্যৱহাৰ্য বস্তুও কবৰ দিছিল। সেইবাবেই প্ৰায়েই মৃতদেহৰ কাষত মাটিৰ পাত্ৰ ৰখা হৈছিল। ৫ নম্বৰ টিলাৰ খনন কাৰ্যৰ সময়ত পুৰাতত্ত্ব বিভাগে মাটিৰ পাত্ৰ আৰু দৈনন্দিন ব্যৱহাৰ্য আন বস্তুৰ লগতে এটা ঘৰৰ গাঁথনিও আৱিষ্কাৰ কৰিছে। কোৱা হয় যে চাৰি-পাঁচ হাজাৰ বছৰৰ আগতে সিন্ধু উপত্যকা সভ্যতা এটা বিশাল অঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক কেন্দ্ৰ আছিল। পুৰাতত্ত্ব বিভাগৰ বিষয়াসকলে কয় যে ৰাখিগড়ীত এতিয়াও বহুতো ৰহস্য লুকাই আছে। ইয়াত পোৱা সামগ্ৰীবোৰে আমাক হৰপ্পা সভ্যতা আৰু সেই সময়ৰ নগৰীয়া জীৱনৰ বিষয়ে বুজাত বহু সহায় কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd