“দেউতা মোক ৰক্ষা কৰা” – এইকেইটা আছিল এগৰাকী ১০ বছৰীয়া কন্যা শিশুৰ শেষৰ কেইটামান শব্দ। সোমবাৰে নিশা দক্ষিণ দিল্লীৰ এটা পদপথত মাক-দেউতাকৰ সৈতে শুই থকা অৱস্থাত এজন কেব চালকে শিশুটিক অপহৰণ কৰে। তাইৰ চিঞৰ শুনি দেউতাকে বগা ৰঙৰ গাড়ীখনৰ পিছে পিছে দৌৰিছিল যদিও তেতিয়ালৈকে অপৰাধীটোৱে শিশুটিক লৈ পলাই গৈছিল। পাছত সেই নিষ্ঠুৰ চালকজনে শিশুটিক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰে।
শিশুটিক অপহৰণ কৰাৰ পাছতে দেউতাকে লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে চিচিটিভি কেমেৰা আৰু জিপিএছৰ সহায়ত চাৰি ঘণ্টা ধৰি অভিযান চলায়। চিচিটিভিৰ দৃশ্যত দেখা গৈছিল যে বগা ৰঙৰ গাড়ীখন প্ৰায় এঘণ্টা ধৰি সেই ঠাইত ৰৈ আছিল আৰু তাৰ পাছতে পুৱতি নিশা প্ৰায় ৫ বজাত শিশুটিক অপহৰণ কৰা হয়। আৰক্ষীয়ে অপৰাধীৰ ম’বাইলৰ অৱস্থান চাই পশ্চিম দিল্লীৰ বিকাশপুৰী অঞ্চলৰ পৰা অপৰাধীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
জেৰাৰ সময়ত বাবলু নামৰ এই অপৰাধীজনে নিজৰ দোষ স্বীকাৰ কৰে। সি জনায় যে অপহৰণৰ পাছত সি শিশুটিক প্ৰায় ২০ কিলোমিটাৰ দূৰৈৰ গুৰুগ্ৰাম-ফৰিদাবাদ পথৰ এখন নিৰ্জন হাবিলৈ লৈ গৈছিল। তাতেই সি শিশুটিক ধৰ্ষণ কৰে আৰু এখন কাপোৰেৰে ডিঙি চেপি হত্যা কৰে।
আটাইতকৈ আচৰিত কথাটো হ’ল, এই জঘন্য অপৰাধ কৰাৰ পাছতো সি আন যাত্ৰীক নিজৰ গাড়ীত তুলি সাধাৰণভাৱেই কাম কৰি আছিল। জানিব পৰা মতে বিহাৰৰ বাসিন্দা বাবলুৰ নামত আগতেও মাৰপিটৰ কেইবাটাও গোচৰ আছে।
মঙলবাৰে যেতিয়া আৰক্ষীয়ে বাবলুক অপৰাধ সংঘটিত হোৱা ঠাইলৈ লৈ গৈছিল, তেতিয়া সি আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰে। সেই সময়ত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয় আৰু বাবলুৰ ভৰিত গুলী লাগে। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে কুখ্যাত অপৰাধীটো।





