বৰ্তমান সময়ত চিকিৎসাৰ ব্যয় ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ দৰিদ্ৰ জনসাধাৰণক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা ‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা‘ৰ আবেদন প্ৰক্ৰিয়াত একাংশ লোকৰ আবেদন নাকচ হোৱাৰ তথ্য পোহৰলৈ আহিছে। আবেদনকাৰীসকলে কৰা কিছুমান সাধাৰণ ভুলৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ (এন এইচ এ) প‘ৰ্টেলত তেওঁলোকৰ আবেদন গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।
চৰকাৰী বা বেচৰকাৰী পঞ্জীয়নভুক্ত চিকিৎসালয়ত এই অভিলাষী স্বাস্থ্য প্ৰকল্পৰ সুবিধা লাভ কৰিবলৈ আয়ুষ্মান কাৰ্ড থকাটো বাধ্যতামূলক। কিন্তু নতুনকৈ আবেদন কৰা বহু লোকৰ আবেদন মূলতঃ তথ্যৰ অমিলৰ বাবেই নাকচ হৈছে। আবেদনৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এন এইচ এ প‘ৰ্টেলত সন্নিৱিষ্ট কৰা তথ্য আৰু আবেদনকাৰীৰ আধাৰ কাৰ্ডৰ তথ্যৰ মাজত সম্পূৰ্ণ সামঞ্জস্য থকাটো। এই দুয়োটা তথ্যৰ মাজত যিকোনো ধৰণৰ অমিল ঘটিলেই আবেদনখন স্বয়ংক্ৰিয়ভাৱে বাতিল হৈ যাব পাৰে।
তথ্যৰ অমিলৰ ক্ষেত্ৰত সচৰাচৰ দেখা যোৱা এটা প্ৰধান কাৰণ হৈছে পিতৃৰ নামৰ বানানৰ পাৰ্থক্য। আধাৰ কাৰ্ডত থকা পিতৃৰ নাম আৰু প‘ৰ্টেলত প্ৰদান কৰা নামৰ বানান একে নহ‘লে আবেদন নাকচ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। ইয়াৰ উপৰি, এন এইচ এ প‘ৰ্টেলত আবেদনকাৰীৰ লিংগ নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ভুল হ‘লেও আয়ুষ্মান কাৰ্ডৰ আবেদন প্ৰত্যাখ্যান কৰা হয়।
লিংগ আৰু পিতৃৰ নামৰ উপৰিও জন্মৰ তাৰিখ আৰু ঠিকনাৰ অমিলৰ বাবেও বহু আবেদনকাৰী বঞ্চিত হ‘বলগীয়া হৈছে। আধাৰ কাৰ্ডত উল্লেখ থকা জন্মৰ তাৰিখ আৰু প‘ৰ্টেলত পূৰণ কৰা তাৰিখ সম্পূৰ্ণ একে হোৱাটো বাঞ্ছনীয়। ঠিক একেদৰে, আবেদনকাৰীৰ বাসগৃহৰ ঠিকনাও দুয়োখন নথিতে হুবহু মিলিলেহে আবেদন প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন হয়। এই সৰু সৰু দিশবোৰত গুৰুত্ব নিদিলে দৰিদ্ৰ লোকসকল এই স্বাস্থ্য প্ৰকল্পৰ পৰা বঞ্চিত হোৱাৰ আশংকা থাকে।
সেয়েহে, আয়ুষ্মান ভাৰত প্ৰকল্পৰ সুবিধা লাভ কৰিব বিচৰা লোকসকলক আবেদন দাখিল কৰাৰ পূৰ্বে নিজৰ আধাৰ কাৰ্ড আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰসমূহ সূক্ষ্মভাৱে পৰীক্ষা কৰি ল‘বলৈ পৰামৰ্শ দিয়া হৈছে। আবেদনকাৰীসকলে প‘ৰ্টেলত তথ্যসমূহ অতি সাৱধানেৰে আৰু ত্ৰুটিহীনভাৱে পূৰণ কৰিলেহে চৰকাৰৰ এই স্বাস্থ্য বীমাৰ সুবিধা নিৰৱচ্ছিন্নভাৱে লাভ কৰিবলৈ সক্ষম হ‘ব।





