দিল্লীৰ প্ৰাক্তন পৰিবহন আৰু পৰিৱেশ মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি বিধায়ক কৈলাশ গেহলটৰ পৰিয়াললৈ এক অতি আনন্দৰ খবৰ কঢ়িয়াই আনিছে তেওঁৰ কন্যা দেৱীনা গেহলটে। অলপতে ঘোষণা কৰা চিইউইটি ইউজি ২০২৬ ৰ ফলাফলত দেৱীনাই সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থান অৰ্জন কৰি এক ঐতিহাসিক সফলতা লাভ কৰিছে। দেশৰ লাখ লাখ শিক্ষাৰ্থী অবতীৰ্ণ হোৱা এই সৰ্বভাৰতীয় পৰীক্ষাত তেওঁ সৰ্বোচ্চ নম্বৰ লাভ কৰি দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
ডি পি এছ বসন্ত কুঞ্জ বিদ্যালয়ৰ ছাত্ৰী দেৱীনা গেহলটে এই অভূতপূৰ্ব ফলাফল লাভ কৰাৰ পিছত কয় যে পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিব বুলি তেওঁৰ আত্মবিশ্বাস আছিল যদিও সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিব বুলি তেওঁ আশা কৰা নাছিল। এই ফলাফলে তেওঁক আনন্দিত কৰাৰ লগতে আচৰিতো কৰি তুলিছে। নিজৰ এই বৃহৎ সফলতাৰ বাবে দেৱীনাই পিতৃ-মাতৃ, ভগ্নী, বিদ্যালয় আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তেওঁলোকৰ নিৰন্তৰ সমৰ্থনৰ বাবেই এইয়া সম্ভৱ হ’ল বুলি উল্লেখ কৰে।
নিজৰ পঢ়া-শুনাৰ কৌশল সম্পৰ্কে ক’বলৈ গৈ কৃতি ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ দিনটোৰ দীঘলীয়া সময় ধৰি পঢ়া কাৰ্যত বিশ্বাস কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ পঢ়াৰ ক্ষেত্ৰত নিয়মীয়া অনুশাসন বজাই ৰখা, পঢ়াৰ মাজতে সময়মতে অলপ জিৰণি লোৱা আৰু পঢ়া কথাবোৰ নিয়মিতভাৱে পুনৰীক্ষণ কৰাৰ ওপৰতহে আটাইতকৈ বেছি গুৰুত্ব দিছিল। তেওঁ জনায় যে চিবিএছই বোৰ্ড পৰীক্ষাৰ বাবে কৰা প্ৰস্তুতিয়ে তেওঁৰ ভেটি মজবুত কৰাত বহুত সহায় কৰিছিল। তেওঁ মূলতঃ এনচিইআৰটিৰ পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু বহু সংখ্যক পুৰণি প্ৰশ্নকাকত সমাধান কৰি অনুশীলন কৰিছিল।
ভৱিষ্যতে এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দি দেৱীনাই কয় যে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন উৎসৰ পৰা পঢ়াতকৈ কেৱল এনচিইআৰটিৰ কিতাপৰ জৰিয়তে ধাৰণাবোৰ ভালদৰে বুজি লোৱাতো আটাইতকৈ বেছি প্ৰয়োজনীয়। তেওঁ প্ৰস্তুতিৰ সময়ত আত্মবিশ্বাসৰ ভূমিকাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়ে। তেওঁৰ মতে অত্যাধিক মানসিক চাপে শিক্ষাৰ্থীৰ প্ৰদৰ্শনত বেয়া প্ৰভাৱ পেলায় আৰু আত্মবিশ্বাস কমাই দিয়ে। গতিকে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল দেখুৱাবলৈ হ’লে শান্ত হৈ থকা আৰু নিজৰ প্ৰস্তুতিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰখাটো অতি জৰুৰী।
প্ৰৱেশ পৰীক্ষাসমূহৰ সলনি হোৱা ধৰণৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান সময়ত কেৱল মুখস্থ বিদ্যাৰ দ্বাৰা কোনো পৰীক্ষাতে সফলতা লাভ কৰিব নোৱাৰি। তেওঁ চিইউইটিক এক ব্যৱহাৰিক পৰীক্ষা বুলি বৰ্ণনা কৰে, য’ত মুখস্থ কৰাতকৈ বিষয় এটা গভীৰভাৱে বুজি পোৱা আৰু নিয়মিত অভ্যাস কৰাটোহে পুৰস্কৃত হয়। গোটেই দিনটো পঢ়ি থকাতকৈ নিয়মিতভাৱে পুৰণি পঢ়াবোৰ চাব লাগে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে এইবাৰৰ চিইউইটি ইউজি ২০২৬ পৰীক্ষাৰ বাবে ১৫.৬৮ লাখতকৈও অধিক প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল, যাৰ ফলত ই দেশৰ অন্যতম বৃহৎ প্ৰৱেশ পৰীক্ষা হিচাপে পৰিগণিত হৈছে। ইয়াৰে ভিতৰত প্ৰায় ১১.৬৪ লাখ পৰীক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকৈ এনটিএৰ দ্বাৰা মে’ আৰু জুন মাহৰ ভিতৰত অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। যোৱা ২৩ জুনত ঘোষিত এই ফলাফলৰ ভিত্তিত এতিয়া কেন্দ্ৰীয়, ৰাজ্যিক, ডিম্ড আৰু ব্যক্তিগত খণ্ডৰ ২৮০ খনতকৈও অধিক বিশ্ববিদ্যালয়ত স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰমত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব।





