অযোধ্যাৰ ৰাম মন্দিৰৰ নামত সংগ্ৰহ কৰা চান্দাৰ ধন আত্মসাৎ কৰাৰ অভিযোগত এখন এফ আই আৰ দাখিল কৰা হৈছে। বিশেষ তদন্তকাৰী দল চমুকৈ এছ আই টিৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ পৰামৰ্শৰ ভিত্তিত এই গোচৰটো ৰুজু কৰা হৈছে।
শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ ফালৰ পৰা এই অভিযোগ দাখিল কৰা হৈছে। ট্ৰাষ্টৰ অন্যতম সদস্য শ্ৰী কৃষ্ণ মোহনে এই এজাহাৰখন আৰক্ষীৰ ওচৰত দাখিল কৰিছিল। এছ আই টিৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্যৰ ভিত্তিত কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰি এই গোচৰটো পঞ্জীয়ন কৰিছে।
উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশ মৰ্মে নতুন অপৰাধ আইন ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত এই গোচৰটো ৰুজু কৰা হৈছে। এই ধাৰাসমূহ হৈছে ৩০৬, ৩১৬(৫), ৩১৭(৪), ৩১৭(৫), ৬১, আৰু ৩(৫)।
যোৱা মঙলবাৰে তদন্তকাৰী দলটোৱে উত্তৰ প্ৰদেশ চৰকাৰৰ ওচৰত তেওঁলোকৰ প্ৰাথমিক তদন্তৰ প্ৰতিবেদন দাখিল কৰিছিল। লক্ষ্ণৌৰ বিভাগীয় আয়ুক্ত বিজয় বিশ্বাস পন্তে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব সঞ্জয় প্ৰসাদৰ হাতত এই প্ৰতিবেদন অৰ্পণ কৰে। উল্লেখযোগ্য যে সঞ্জয় প্ৰসাদ একে সময়তে এই ট্ৰাষ্টখনৰো এজন পদেন সদস্য হিচাপে জড়িত হৈ আছে।





