• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 4:13 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাক সন্ত্ৰাসবাদীৰ প্ৰেমত পৰি ধৰ্ম সলনি কৰি নেপাল হৈ পাকিস্তানলৈ পলায়নৰ চেষ্টা কৰা এগৰাকী ভাৰতীয় যুৱতীক জয়পুৰত গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজস্থানৰ পৰা নেপাল হৈ পাকিস্তানলৈ যোৱাৰ আঁচনি কৰিছিল এই ভাৰতীয় যুৱতীগৰাকীয়ে। তেওঁৰ লক্ষ্য আছিল জইশ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ অতি ঘনিষ্ঠ এজন কুখ্যাত সন্ত্ৰাসবাদী কমাণ্ডাৰক বিয়া কৰোৱা আৰু সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়া। কিন্তু সীমান্ত পাৰ হোৱাৰ পূৰ্বেই ৰাজস্থান আৰক্ষীৰ এণ্টি-টেৰৰিষ্ট স্কোয়াড চমুকৈ এটিএছৰ জালত পৰে ৩৮ বছৰীয়া এই মহিলাগৰাকী। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে জয়পুৰত।

গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ নাম ববিতা ধকড় ওৰফে খাদিজা। জয়পুৰৰ সীতাপুৰা অঞ্চলৰ বাসিন্দা ববিতা দীৰ্ঘদিন ধৰি সামৰিক চোৰাংচোৱা বা সেনা গোয়েন্দাৰ নজৰত আছিল। যোৱা দেওবাৰে ৰাজস্থান এটিএছে তেওঁক গ্ৰেপ্তাৰ কৰে। ধৃত মহিলাগৰাকীৰ বিৰুদ্ধে বেআইনি কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ ইউএপিএ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অহা ২৭ জুনলৈকে তেওঁ আৰক্ষীৰ জিম্মাত থাকিব।

Apply Now

তদন্তকাৰীসকলে জনোৱা মতে ববিতাৰ মোবাইল আৰু অন্যান্য ইলেক্ট্ৰনিক সঁজুলি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। তাৰ পিছতে আৰক্ষীৰ চকু কপালত উঠে। ববিতাৰ ফোনৰ পৰা কেইবাটাও পাকিস্তানী নম্বৰ উদ্ধাৰ হৈছে। ইয়াৰে কেইটামান নম্বৰ জইশ প্ৰধান মাছুদ আজহাৰৰ ঘনিষ্ঠ আত্মীয় ইউছুফ আজহাৰ আৰু ভাৰতত কেইবাটাওূূূূূূূ নাশকতাৰ গোচৰৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী কাৰি জাৰাৰৰ অনুগামীসকলৰ বুলি সন্দেহ কৰা হৈছে।

জেৰাৰ সময়ত ববিতাই স্বীকাৰ কৰে যে ২০২৫ চনত কাশ্মীৰৰ পহেলগাম আক্ৰমণৰ পিছৰে পৰা তেওঁ ছচিয়েল মিডিয়াত পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল। কৌতুহলবশতঃ ফেচবুক আৰু পাক অধিকৃত কাশ্মীৰৰ বিভিন্ন পেজলৈ গৈ তেওঁ তাৰ অনুগামীসকলক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল। এইদৰেই হোৱাটছএপ আৰু ফেচবুক মেছেঞ্জাৰৰ জৰিয়তে পাকিস্তানৰ কট্টৰপন্থী আৰু জইশৰ অপাৰেটৰসকলৰ সৈতে তেওঁৰ নিয়মীয়া যোগাযোগ গঢ়ি উঠিছিল।

ছচিয়েল মিডিয়াৰ জৰিয়তে ববিতাৰ চিনাকি হৈছিল আবু উবাইদাহ নামৰ এজন জইশ কমাণ্ডাৰৰ সৈতে। প্ৰথম অৱস্থাত কেৱল চেট বা ভিডিঅ’ কল হৈছিল যদিও লাহে লাহে ববিতা উবাইদাহৰ প্ৰেমত পৰে। তদন্তকাৰীসকলে জনোৱা মতে ভাৰতৰ কেইবাটাও মোবাইল নম্বৰৰ অ’টিপি ববিতাই সেই পাকিস্তানী হেণ্ডলাৰজনক যোগান ধৰিছিল। যাৰ ফলত ভাৰতৰ নম্বৰ ব্যৱহাৰ কৰি পাকিস্তানত বহি সন্ত্ৰাসবাদীয়ে অনায়াসে হোৱাটছএপ আৰু অন্যান্য ছচিয়েল মিডিয়া একাউণ্ট চলাই আছিল।

প্ৰথম খবৰ অনুসৰি আবু উবাইদাহে ববিতাক বিয়াৰ প্ৰস্তাৱ দিছিল আৰু তেওঁক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁক নামাজ পঢ়িবলৈ আৰু কোৰান পাঠ শিকিবলৈও পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ পিছতে ববিতাক পাকিস্তানলৈ আহি জইশ-ই-মহম্মদৰ হৈ কাম কৰিবলৈ আমন্ত্ৰণ জনায় উবাইদাহে। সেই অনুসৰি ববিতাই পাছপোৰ্টো তৈয়াৰ কৰি লৈছিল।

কেনেকৈ পাকিস্তানত উপস্থিত হ’ব পাৰি তাক লৈ উবাইদাহ আৰু এজন পাকিস্তানী মৌলবীৰ সৈতে ববিতাই নিয়মীয়াকৈ পৰিকল্পনা কৰি আছিল। ভাৰতৰ চকুৰ পৰা বাচিবলৈ তেওঁক নেপাল, চৌদি আৰৱ বা সংযুক্ত আৰব আমিৰশ্বাহী হৈ পাকিস্তানলৈ অহাৰ পথ দেখুৱাই দিয়া হৈছিল। আনকি ভ্ৰমণৰ খৰচৰ টকা কেনেকৈ ক্ৰিপ্টোকাৰেন্সীৰ জৰিয়তে পঠাব পাৰি সেয়াও ঠিক কৰা হৈছিল। ববিতাই নিজৰ ফোনত ক্ৰিপ্টো এপ ডাউনলোড কৰি সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈও আৰম্ভ কৰিছিল।

আৰক্ষীয়ে জানিব পৰা মতে উবাইদাহৰ সৈতে দিনে ঘণ্টাব্যাপী ভিডিঅ’ কলত কথা পাতিছিল ববিতা। কিন্তু ইয়াৰ মাজতে তেওঁ জানিব পাৰে যে উবাইদাহ বিবাহিত। এই খবৰত তেওঁ কিছু হতাশ হৈ পৰে। কিন্তু প্ৰেম ভাঙিলেও দেশৰ ক্ষতি কৰাৰ মানসিকতা তেওঁৰ কম হোৱা নাছিল। ববিতাই ইণ্টাৰনেটত কেনেকৈ বিস্ফোৰক বা বোমা বনাব পাৰি তাৰ সন্ধান কৰিছিল। ভাৰতত সক্ৰিয় জইশৰ শ্লীপাৰ চেল বা নেটৱৰ্কৰ বিষয়েও তেওঁ পাকিস্তানী হেণ্ডলাৰজনৰ পৰা তথ্য লৈ আছিল।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে পাঁচজন ভাই-ভনীৰ ভিতৰত ববিতা আছিল তৃতীয়। ২০১৮ চনত তেওঁৰ বিবাহ হৈছিল যদিও কিছুদিনৰ পিছতে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত তেওঁ পিতৃৰ গৃহতে আছিল। চোৰাংচোৱাই জনোৱা মতে গ্ৰেপ্তাৰৰ পিছতো মহিলাগৰাকীৰ মুখত কোনো অনুশোচনাৰ লক্ষণ দেখা পোৱা নাই। তেওঁৰ মোবাইল ফোনৰ ডাটা সম্পূৰ্ণ বিশ্লেষণ কৰাৰ পিছত এই আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী নেটৱৰ্কৰ আৰু কোনো গভীৰ ষড়যন্ত্ৰ পোহৰলৈ আহিব পাৰে বুলি ৰাজস্থান এটিএছে ধাৰণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd