পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বোয়েব আখতাৰৰ ভাতৃৰ জানাজাৰ অনুষ্ঠানত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ উপ-প্ৰধান চাইফুল্লা কাচুৰী আৰু আন বহু কেইজন সন্ত্ৰাসবাদীক দেখা পোৱাৰ পিছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অলপতে শ্বোয়েব আখতাৰৰ জ্যেষ্ঠ ভাতৃ শ্বাহিদ আখতাৰৰ মৃত্যু হৈছিল আৰু ইছলামাবাদৰ এইচ-৮ কবৰস্থানত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হৈছিল। এই জানাজাৰ এটা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত ভাৰতত কেইবাটাও ভয়াবহ আক্ৰমণ চলোৱা লস্কৰৰ শীৰ্ষ নেতাসকলক মুকলিকৈ ঘূৰি ফুৰা দেখা গৈছে। উক্ত অনুষ্ঠানত পাকিস্তান মাৰ্কাজী মুছলিম লীগ চমুকৈ পিএমএমএলৰ সভাপতি ইনাম উৰ ৰহমানো উপস্থিত আছিল, যিটো সংগঠনক লস্কৰৰ ৰাজনৈতিক মুখা বুলি জনা যায়। ৰাষ্ট্ৰসংঘই নিষিদ্ধ ঘোষণা কৰা সন্ত্ৰাসবাদী হাফিজ ছৈয়দে আন্তৰ্জাতিক আৰু ঘৰুৱা নিষেধাজ্ঞা পৰিহাৰ কৰিবলৈ এই পিএমএমএল দলটো গঠন কৰিছিল আৰু এই দলটোৱে ২০২৪ চনৰ পাকিস্তানৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল।
এনেদৰে এজন কুখ্যাত সন্ত্ৰাসবাদীয়ে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰা কাৰ্যই পাকিস্তানত ভাৰত বিৰোধী উপাদানসমূহৰ অবাধ বিচৰণ আৰু চৰকাৰী পৃষ্ঠপোষকতাক আকৌ এবাৰ পোহৰলৈ আনিছে। এই ঘটনাই পাকিস্তানৰ শাসন ব্যৱস্থাত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনসমূহৰ প্ৰভাৱক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। জানাজাত অংশ লোৱা লস্কৰৰ উপ-প্ৰধান চাইফুল্লা কাচুৰী সদায় ভাৰত বিৰোধী উচতনিমূলক মন্তব্যৰ বাবে চৰ্চাত থাকে। অলপতে পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁৰ কেইবাটাও আপত্তিজনক ভিডিঅ’ পোহৰলৈ আহিছিল। এই পাহালগাম আক্ৰমণত ২৫ গৰাকী পৰ্যটকৰ মৃত্যু হোৱাৰ পিছত ভাৰতে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দি সিন্ধু জল চুক্তি স্থগিত কৰিছিল আৰু ‘অপাৰেচন সিন্দূৰ’ চলাই লস্কৰৰ মুখ্য কাৰ্যালয় আদিকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছিল।
ভাৰতৰ এই আক্ৰমণৰ পিছত সম্পূৰ্ণৰূপে শংকিত হৈ পৰা কাচুৰীয়ে ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভাবুকি প্ৰদান কৰি আহিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ওলোৱা এটা ভিডিঅ’ত তেওঁ ভাৰতক সাগৰীয় পথেৰে মুম্বাই আক্ৰমণৰ দৰে পুনৰ আক্ৰমণ কৰাৰ মুকলি ধমকি দিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰতৰ বিৰুদ্ধে পানী ব্যৱহাৰ কৰি সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ তুলিছিল আৰু কাশ্মীৰৰ সমান্তৰালকৈ ভাৰতৰ অন্য প্ৰান্ততো অশান্তি সৃষ্টি কৰাৰ হুংকাৰ দিছিল। কেৱল এয়াই নহয়, আন এটা ভিডিঅ’ত কাচুৰীয়ে পাকিস্তান সেনাৰ সৈতে থকা তেওঁলোকৰ সু-সম্পৰ্কৰ কথাও স্বীকাৰ কৰিছে। পাকিস্তানী সেনাই তেওঁক বিভিন্ন অনুষ্ঠান আৰু সেনা জোৱানৰ জানাজাৰ নামাজ পঢ়াবলৈ আমন্ত্ৰণ কৰে বুলি তেওঁ দাবী কৰিছে। ভাৰতীয় চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্য অনুসৰি, বিগত বৰ্ষত ভাৰতৰ আক্ৰমণত বিধ্বস্ত হোৱাৰ পিছত লস্কৰৰ দৰে সংগঠনসমূহে এতিয়া পুনৰ নিজকে শক্তিশালী কৰিবলৈ চেষ্টা চলাইছে।



