জন্মদিনতো নিট বিতৰ্কৰ পৰা সাৰি যাব পৰা নাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। শিক্ষামন্ত্ৰীগৰাকীৰ জন্মদিনত শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ পদত্যাগ দাবী কৰিছে ককৰোচ জনতা পাৰ্টি আৰু কংগ্ৰেছ দলে। ককৰোচ পাৰ্টিৰ প্ৰধান অভিজিৎ দীপকে শিক্ষামন্ত্ৰীগৰাকীলৈ এক অভিনৱ উপহাৰ প্ৰেৰণ কৰি কটাক্ষ কৰে।
আনহাতে কংগ্ৰেছে নিট পৰীক্ষাত হোৱা অনিয়মৰ অভিযোগ তুলি আত্মহত্যা কৰা ১৪ জন ছাত্ৰ-ছাত্ৰীৰ নামৰ এখন তালিকা প্ৰধানলৈ প্ৰেৰণ কৰে। দুয়োটা দলৰ এটাই দাবী, অনুগ্ৰহ কৰি এতিয়া আপুনি পদত্যাগ কৰক।
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ সমগ্ৰ দেশৰ ছাত্ৰ আৰু যুৱ সমাজৰ মাজত এতিয়াও ক্ষোভ বিৰাজ কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানে নিজেই এই পৰীক্ষাত হোৱা অনিয়মৰ কথা স্বীকাৰ কৰিছে। তেওঁ মানি লৈছে যে কিছুমান ভুল-ক্ৰুটিৰ বাবেই মেডিকেলৰ স্নাতক স্তৰৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্ন ফাদিল হৈছিল। বুধবাৰে তেওঁ কয় যে অতীতত তেওঁলোকে ভুল কৰিছিল বুলি তেওঁ স্বীকাৰ কৰিছে, পিছে সেই সকলোবোৰ ভুল অতি সোনকালেই শুধৰাই লোৱা হৈছে। প্ৰশ্ন ফাদিল হোৱাৰ বাবে নেচনেল টেষ্টিং এজেন্সিয়ে ৩৭ দিনৰ ভিতৰত পুনৰ নিট পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয়। অৱশ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে পুনৰ অনুষ্ঠিত হোৱা পৰীক্ষাত কোনো ধৰণৰ সমস্যা হোৱা নাই।
ভুল স্বীকাৰ কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তেওঁ নিজেও পদত্যাগ কৰাৰ কথা ভবা নাই। সেয়েহে বিৰোধীয়ে বাধ্য হৈ তেওঁৰ জন্মদিনটোক প্ৰতিবাদৰ মাধ্যম হিচাপে বাছি লৈছে। ককৰোচ জনতা পাৰ্টিৰ প্ৰধান অভিজিৎ দীপকে ধৰ্মেন্দ্ৰ প্ৰধানলৈ উপহাৰ হিচাপে এটা ভিডিঅ’ প্ৰেৰণ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে অভিজিতে এখন বগা ব’ৰ্ডত লিখিছে, হেপ্পী বাৰ্থডে ধৰ্মেন্দ্ৰ, প্লিজ ইস্তফা দিয়ক। কাষত থকা তেওঁৰ সমৰ্থকসকলেও হেপ্পী বাৰ্থডে গান গাইছে। শেষত অভিজিতে কোৱা শুনা যায় যে উপহাৰ হিচাপে তেওঁলোকে ইস্তফাপত্ৰখন লিখি পঠিয়াইছে, মন্ত্ৰীগৰাকীয়ে কেৱল আঙুলিৰ ছাপটো দিলেই হ’ব।
আনহাতে কংগ্ৰেছ সাংসদ পৱন খেৰাই ধৰ্মেন্দ্ৰ প্ৰধানলৈ যি শুভেচ্ছা বাৰ্তা পঠিয়াইছে সেয়া অতিশয় বিতৰ্কিত আৰু মৰ্মান্তিক। খেৰাই ছ’চিয়েল মিডিয়াত নিট পৰীক্ষাৰ বাবে মৃত্যু হোৱা ১৪ জন ছাত্ৰ-ছাত্ৰীৰ এখন তালিকা প’ষ্ট কৰিছে। তাত তেওঁ লিখিছে, প্ৰিয় ধৰ্মেন্দ্ৰ প্ৰধান আংকল, আপুনি আজি ৫৭ বছৰত ভৰি দিলে। আমি আপোনাৰ আধা দিনো জীয়াই থাকিব নোৱাৰিলোঁ। ইয়াৰ তলতেই ১৪ জন মৃত ছাত্ৰ-ছাত্ৰীৰ তালিকাখন দিয়া হৈছে।





