প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা পি চিদাম্বৰমে যোৱা ১২ বছৰ ধৰি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত এক্ৰছ দ্য আইল শীৰ্ষক এক নিয়মীয়া শিতান লিখি আহিছিল। শেহতীয়াকৈ তেওঁ এই শিতানৰ সামৰণি মাৰি এক দীঘলীয়া ছুটী লৈছে। ভৱিষ্যতে যদিও তেওঁ কেতিয়াবা লিখে, সেয়া নিয়মীয়া নহ‘ব। পিছে এই বিদায়ী লেখাটোত তেওঁ ভাৰতৰ আগন্তুক দিনৰ নিৰ্ণায়ক পাঁচটা গুৰুত্বপূৰ্ণ প্ৰৱণতাৰ বিষয়ে এক স্পষ্ট ধাৰণা দাঙি ধৰিছে।
তেওঁৰ মতে, আগন্তুক দিনত ভাৰতীয় গণতন্ত্ৰ কেৱল এক আনুষ্ঠানিক নিৰ্বাচনী গণতন্ত্ৰ হৈ ৰৈ যাব পাৰে, য‘ত নিৰ্বাচন অনুষ্ঠিত হ‘ব যদিও সেয়া ক্ৰমান্বয়ে কম মুক্ত আৰু নিকা হ‘ব। ভাৰতৰ গণতান্ত্ৰিক স্বাধীনতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। কিন্তু যদি এই লোকচানৰ বিনিময়ত চৰকাৰে জনকল্যাণমূলক কাৰ্যসূচী আৰু উন্নত আন্তঃগাঁথনি প্ৰদান কৰে, তেন্তে ভাৰতীয় জনসাধাৰণে ইয়াক লৈ বৰ বেছি চিন্তিত নহ‘ব। এই ক্ষেত্ৰত ভাৰতীয় জনসাধাৰণৰ মানসিকতা প্ৰায় চীনৰ নাগৰিকৰ দৰে হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে অৰ্থনীতিত একচেটীয়া ব্যৱসায়ৰ প্ৰভাৱ বৃদ্ধি পাব আৰু ক্ষুদ্ৰ উদ্যোগসমূহ ধ্বংসৰ গৰাহত পৰিব। মূলধন আৰু শ্ৰমৰ মাজৰ সংঘাতত মূলধনৰ প্ৰভাৱ অধিক শক্তিশালী হ‘ব, যাৰ ফলত অৰ্থনৈতিক বৈষম্য আৰু অধিক বৃদ্ধি পাব। আনহাতে, দেশত নগৰীকৰণ আৰু প্ৰব্ৰজনৰ হাৰ তীব্ৰতৰ হ‘ব আৰু ইয়াৰ ফলত মানুহে নিজৰ শিপা বা জন্মস্থানৰ পৰা ক্ৰমাৎ বিচ্ছিন্ন অনুভৱ কৰিবলৈ আৰম্ভ কৰিব।
সমাজত বিজ্ঞান আৰু ছদ্মবিজ্ঞানৰ মাজৰ পাৰ্থক্য নোহোৱা হৈ পৰিব বুলিও তেওঁ আশংকা প্ৰকাশ কৰিছে। পৌৰাণিক কাহিনীক বিজ্ঞান আৰু বুৰঞ্জী বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলিব আৰু অন্ধবিশ্বাসক প্ৰযুক্তি বুলি আখ্যা দিয়া হ‘ব। যুক্তিবাদৰ বিৰুদ্ধে এক বিদ্বেষৰ ভাৱ বিয়পাই দিয়া হ‘ব। আনকি আই আই টিৰ দৰে উচ্চ শিক্ষানুষ্ঠানসমূহকো পৌৰাণিক কাহিনী, পুনৰ্জন্ম আৰু বৈদিক জীৱবিজ্ঞানৰ ওপৰত গৱেষণা কৰিবলৈ উৎসাহিত কৰা হ‘ব পাৰে। সাংস্কৃতিক নৱজাগৰণৰ অৰ্থ কেৱল মন্দিৰ নিৰ্মাণ আৰু ধৰ্মীয় উৎসৱৰ মাজতে আৱদ্ধ থাকিব। বহু চহৰত মাংসৰ দোকান বন্ধ কৰা হ‘ব পাৰে। এনে পৰিস্থিতিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মক লৈ অধিক ভয় আৰু শংকাত দিন কটাবলগীয়া হ‘ব।
শেষত চিদাম্বৰমে উল্লেখ কৰিছে যে ভাৰতত ধনী আৰু অতি ধনী লোকৰ সংখ্যা বৃদ্ধি পাব যদিও সমাজৰ একেবাৰে তলৰ শ্ৰেণীত কোটি কোটি দুখীয়া লোক থাকিব। এইসকল লোকৰ চাহিদা আৰু উপভোগৰ মাত্ৰা কমি যাব আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী হ‘ব। সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত বিভাজন বাঢ়ি যাব আৰু ইয়াৰ ফলত সাধাৰণ মানুহৰ মাজত ক্ৰোধ আৰু অসন্তুষ্টিয়ে এক ভয়াবহ ৰূপ ধাৰণ কৰিব।





