দেওবাৰে নিশা আফগানিস্তানৰ পূব প্ৰান্তৰ তিনিখন প্ৰদেশত পাকিস্তানে চলোৱা সামৰিক আক্ৰমণত মহিলা আৰু শিশুসহ ৩৬ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১৬৩ জন লোক আহত হৈছে। সোমবাৰে আফগানিস্তানৰ তালিবান চৰকাৰৰ উপ-মুখপাত্ৰ হামদুল্লা ফিতৰতে এই দাবী উত্থাপন কৰি ইছলামাবাদক ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হ‘ব বুলি সকীয়াই দিয়ে। আনহাতে পাকিস্তানে এই আক্ৰমণক সন্ত্ৰাসবাদ বিৰোধী অভিযান বুলি অভিহিত কৰি ২৯ জন সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰিছে।
তালিবান চৰকাৰৰ উপ-মুখপাত্ৰ হামদুল্লা ফিতৰতে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা মতে যোৱা নিশাৰ আক্ৰমণত মহিলা আৰু শিশুসহ ৩৬ জন সাধাৰণ নাগৰিক ছহিদ হৈছে আৰু আন ১৬৩ জন লোক আহত হৈছে। তেওঁ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি পাকিস্তানক ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি স্পষ্ট বাৰ্তা প্ৰদান কৰে। ইয়াৰ বিপৰীতে পাকিস্তানৰ তথ্যমন্ত্ৰী আতাউল্লা তাৰাৰে সোমবাৰে এক বিবৃতিত প্ৰকাশ কৰে যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত দেওবাৰে নিশা পাক-আফগান সীমান্তৰ খাইবার পাখতুনখোয়া প্ৰদেশৰ বাজৌৰ জিলাত স্থল আৰু বায়ু সেনাই এক সুপৰিকল্পিত যুটীয়া অভিযান চলাইছিল।
পাকিস্তানৰ তথ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা অনুসৰি এই অভিযানত ফিতনা আল-খাৱাৰিজ অৰ্থাৎ তেহৰিক-ই-তালিবান পাকিস্তান বা টিটিপিৰ ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। যোৱা শনিবাৰে নিশা কৰাচীত সংঘটিত হোৱা আক্ৰমণৰ দায়িত্ব টিটিপিৰ ছাঁয়াগোট জামাত-উল-আহৰাৰে স্বীকাৰ কৰাৰ পিছতেই পাকিস্তানে এই পদক্ষেপ গ্ৰহণ কৰে। আতাউল্লা তাৰাৰে প্ৰকাশ কৰা মতে পাক সেনাৰ এই অভিযানত টিটিপিৰ কমাণ্ডাৰ খান ফাৰোশ আৰু জামাত-উল-আহৰাৰৰ তিনিজন সদস্যসহ মুঠ ২৯ জন সন্ত্ৰাসবাদী নিহত হৈছে। লগতে তেওঁ এই সন্ত্ৰাসবাদী গোটসমূহৰ আঁৰত ভাৰতৰ সমৰ্থন থকা বুলিও অভিযোগ উত্থাপন কৰে।
উল্লেখ্য যে যোৱা অক্টোবৰ মাহৰ পৰা কাটাৰ, তুৰস্ক আৰু ছৌদি আৰবত চাৰি লানি শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ পিছতো পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্কৰ কোনো উন্নতি হোৱা নাই। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা দুয়োপক্ষৰ মাজত কেইবালানিও সংঘৰ্ষৰ ঘটনা ঘটিছে। পাকিস্তানৰ অভিযোগ অনুসৰি আফগান তালিবানৰ একাংশৰ আশ্ৰয়ত টিটিপিসহ আন সন্ত্ৰাসবাদী গোটসমূহে পাকিস্তানৰ বিৰুদ্ধে কাৰ্যকলাপ চলাই আহিছে। ইয়াৰ পূৰ্বে যোৱা ২১ ফেব্ৰুৱাৰীত আফগানিস্তানৰ নঙ্গৰহৰ আৰু পকতিকা প্ৰদেশত পাকিস্তানে চলোৱা বোমা বৰ্ষণতো বহু সাধাৰণ লোকৰ মৃত্যু হৈছিল।
বৰ্তমান দুয়োখন দেশৰ মাজত বিৰাজ কৰা এই যুদ্ধসদৃশ পৰিস্থিতিৰ ফলত ২৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডুৰাণ্ড লাইনৰ বিভিন্ন অঞ্চলত পাক সেনা আৰু আফগান বাহিনীৰ মাজত সঘনাই সংঘৰ্ষ অব্যাহত আছে। শেহতীয়া এই আক্ৰমণ আৰু তাৰ পিছত কাবুলৰ ফালৰ পৰা অহা প্ৰতিশোধৰ ভাবুকিয়ে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থালৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে আৰু পৰৱৰ্তী সময়ত দুয়োখন দেশৰ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।





