• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২০২৫ চনত সমগ্ৰ বিশ্বত বৃদ্ধি পোৱা কাৰ্বন নিৰ্গমনৰ প্ৰায় এক তৃতীয়াংশ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাই হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2026 6:51 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২০২৫ চনত সমগ্ৰ বিশ্বত বৃদ্ধি পোৱা কাৰ্বন নিৰ্গমনৰ প্ৰায় এক তৃতীয়াংশ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাই হৈছে। গেছৰ দাম বৃদ্ধি পোৱাৰ ফলত শক্তি উৎপাদনকাৰী কোম্পানীসমূহে পুনৰ কয়লাৰ ব্যৱহাৰ আৰম্ভ কৰাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা বছৰ আমেৰিকাত কয়লাৰ ব্যৱহাৰ দহ শতাংশ বৃদ্ধি পায়, যিয়ে পৰিৱেশ অনুকূল ইন্ধন ব্যৱহাৰৰ লক্ষ্যত বাধাৰ সৃষ্টি কৰি নিৰ্গমনৰ মাত্ৰা বৃদ্ধি কৰিছে।

এনাৰ্জি ইনষ্টিটিউট নামৰ সংস্থাটোৱে আন কেইটামান প্ৰতিষ্ঠানৰ লগ লাগি প্ৰস্তুত কৰা এই প্ৰতিবেদন অনুসৰি, শক্তি খণ্ডৰ পৰা হোৱা বিশ্বব্যাপী কাৰ্বন নিৰ্গমন এক দশমিক এক শতাংশ বৃদ্ধি পাই ৩৫,৮০৬ নিযুত মেট্ৰিক টন হৈছেগৈ। ইয়াৰ ভিতৰত আটাইতকৈ বেছি বৃদ্ধি পাইছে উত্তৰ আমেৰিকাত, যিয়ে যোৱা দহ বছৰৰ ধাৰাবাহিক নিৰ্গমন হ্ৰাসৰ ধাৰা সলনি কৰি পেলাইছে। আনহাতে, সমগ্ৰ বিশ্বতে শক্তিৰ চাহিদাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। যোৱা বছৰৰ তুলনাত মুঠ শক্তিৰ যোগান এক দশমিক সাত শতাংশ বৃদ্ধি পাইছে আৰু ইয়াৰ ভিতৰত নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ হাৰ আটাইতকৈ বেছি। বিশেষকৈ সৌৰ শক্তিৰ উৎপাদন ত্ৰিশ শতাংশলৈকে বৃদ্ধি পাইছে, যিয়ে মুঠ নৱীকৰণযোগ্য শক্তিৰ উৎপাদন ন দশমিক এক শতাংশলৈ বৃদ্ধি কৰিছে।

Apply Now

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, যোগানতকৈ বৰ্তমান বিদ্যুতৰ চাহিদা অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে। বৈদ্যুতিক বাহন, ডাটা চেণ্টাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল ব্যৱহাৰৰ বাবে বিদ্যুতৰ চাহিদা বছৰি তিনি শতাংশ বৃদ্ধি পাইছে। ইয়াৰ লগতে ইউৰোপত কাৰ্বন নিৰ্গমন শূন্য দশমিক পাঁচ শতাংশ আৰু চীনত শূন্য দশমিক সাত শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে।

আনহাতে, ২০২৫ চনত বিশ্বব্যাপী খাৰুৱা তেলৰ ব্যৱহাৰ এক দশমিক তিনি শতাংশ বৃদ্ধি পাই প্ৰতিদিনে ১০৩ নিযুত বেৰেল হৈছেগৈ আৰু তেলৰ উৎপাদন তিনি দশমিক পাঁচ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে চীনত যোৱা বছৰৰ দৰেই পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ ক্ৰমাগতভাৱে হ্ৰাস পোৱা দেখা গৈছে। প্ৰাকৃতিক গেছৰ চাহিদা মূলতঃ ইউৰোপ, মধ্য প্ৰাচ্য আৰু উত্তৰ আমেৰিকাত বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, ইউৰোপ আৰু ভাৰতে নিজৰ প্ৰয়োজনীয় গেছৰ প্ৰায় আধা অংশৰ বাবে কেৱল আমদানিৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হৈছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

November 25, 2026 7:10 pm
শিশুৰ ম’বাইল আসক্তি, বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু মানসিক হতাশা: জ্যেষ্ঠ মনস্তত্ত্ববিদ নিমি বৰগোহাঁইৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ

শিশুৰ ম’বাইল আসক্তি, বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু মানসিক হতাশা: জ্যেষ্ঠ মনস্তত্ত্ববিদ নিমি বৰগোহাঁইৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ

November 25, 2026 6:58 pm
‘মিছ ইউনিভাৰ্ছ ২০২৬’ পুয়েৰ্টো ৰিকোৰ জেনিফাৰ বেৰেট্টো; প্ৰথমবাৰৰ বাবে বিশ্বসুন্দৰীৰ খিতাপ জয় এগৰাকী মাতৃৰ

‘মিছ ইউনিভাৰ্ছ ২০২৬’ পুয়েৰ্টো ৰিকোৰ জেনিফাৰ বেৰেট্টো; প্ৰথমবাৰৰ বাবে বিশ্বসুন্দৰীৰ খিতাপ জয় এগৰাকী মাতৃৰ

November 25, 2026 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

November 25, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd