চলিত বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া জি-২০ দেশসমূহৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা হৈছে। ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গোৰে এই কথা সদৰী কৰিছে। ইয়াৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প কেতিয়া ভাৰত ভ্ৰমণলৈ আহিব, সেই বিষয়েও তেওঁ জানিবলৈ দিছে।
প্ৰথমতে খবৰ ওলাইছিল যে চলিত বছৰৰ শেষৰ ফালে ডোনাল্ড ট্ৰাম্প ভাৰতলৈ আহিব পাৰে। কিন্তু চলিত বৰ্ষৰ নৱেম্বৰ মাহত আমেৰিকাত মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ এই ব্যস্ততাৰ বাবেই ট্ৰাম্প চলিত বৰ্ষৰ পৰিৱৰ্তে অহা বছৰ ভাৰত ভ্ৰমণলৈ অহাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰদূতে কয় যে নিৰ্বাচনৰ সময়ত এই ভ্ৰমণ সম্ভৱ নহয়, গতিকে ট্ৰাম্প অহা বছৰৰ যিকোনো এটা সময়ত ভাৰতলৈ আহিব পাৰে।
আমেৰিকাৰ ৰাষ্ট্ৰদূত গোৰে জনোৱা মতে, যোৱা ২৩ মে’ত আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছিল। সেই সময়তে তেওঁ প্ৰধানমন্ত্ৰী মোদীক জি-২০ সন্মিলনত উপস্থিত থাকিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিল। আনহাতে, বিগত কেইটামান সপ্তাহত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনাই যথেষ্ট গতি লাভ কৰিছে। ৰাষ্ট্ৰদূতগৰাকীৰ মতে, এই বাণিজ্যিক চুক্তি দুয়োখন দেশৰ বাবেই অতি লাভজনক প্ৰমাণিত হ’ব। ইয়াৰ উপৰি, অহা দুসপ্তাহৰ পাছত ফিলিপাইনছত চতুৰ্দেশীয় মিত্ৰজোঁট কোৱাডৰ বিদেশ মন্ত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ প্ৰভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা এই আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ দুটা অন্যতম গুৰুত্বপূৰ্ণ সদস্য।





