মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তাবাচ্ছুম খানে ২০২২ চনৰ এক গো-ৰক্ষকৰ আক্ৰমণৰ গোচৰত ৭ গৰাকী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ পাছতে তীব্ৰ সাম্প্ৰদায়িক ভাবুকি আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে। যোৱা ১২ জুন, ২০২৬ তাৰিখে গৰু সৰবৰাহৰ সন্দেহত এজন ট্ৰাক চালকক হত্যা কৰা ঘটনাৰ ৰায়দান দিয়াৰ পাছৰে পৰা ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকি থকা ভিডিঅ’, সাম্প্ৰদায়িক গালি-গালাজ আৰু সামাজিক মাধ্যমত ভুৱা তথ্যৰ প্ৰচাৰ আৰম্ভ হৈছে। এই সন্দৰ্ভত মধ্যপ্ৰদেশ আৰক্ষীয়ে সামাজিক মাধ্যমত বিয়পি পৰা পোষ্টসমূহৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬ আৰু ৩০২ ধাৰাৰ অধীনত অজ্ঞাত লোকৰ বিৰুদ্ধে এখন প্ৰাথমিক তথ্য পঞ্জী ৰুজু কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ২০২২ চনৰ ২ আৰু ৩ আগষ্টৰ নিশা ট্ৰাক চালক নজীৰ আহমেদ আৰু আন দুজন ব্যক্তিয়ে নন্দৰৱাড়াৰ পৰা মহাৰাষ্ট্ৰৰ অমৰাৱতীলৈ এম এইচ-৪০-চি ডি-৮৭৫১ নম্বৰৰ ট্ৰাক এখনত গৰু সৰবৰাহ কৰি থকা অৱস্থাত শিৱনী মালৱাৰ বৰাখড় গাঁৱৰ সমীপত লাঠী আৰু কাঠৰ টুকুৰাৰে সজ্জিত একাংশ লোকে পথভেটা দি তেওঁলোকক বাহনৰ পৰা উলিয়াই আনি আক্ৰমণ কৰিছিল। এই আক্ৰমণত গুৰুতৰভাৱে আহত নজীৰ আহমেদৰ পৰৱৰ্তী সময়ত মৃত্যু হয় যদিও আন দুজন যাত্ৰী শ্বেখ লালা আৰু ছৈয়দ ওৰফে শ্বেখ মুস্তাক কথমপি ৰক্ষা পৰে। বিচাৰ প্ৰক্ৰিয়াত দুজন প্ৰত্যক্ষদৰ্শীয়ে নিজৰ ভাষ্য সলনি কৰিলেও ন্যায়াধীশ খানে চিকিৎসা বিজ্ঞানৰ প্ৰমাণ, ফৰেনছিক প্ৰতিবেদন আৰু অভিযুক্তৰ পৰা উদ্ধাৰ হোৱা তেজ লগা অস্ত্ৰ আৰু কাপোৰৰ ভিত্তিত ৭ গৰাকী অভিযুক্ত ক্ৰমে দীপক ওৰফে বাবা কেৱট, অজ্জু ওৰফে অজয় ৰাঠোৰ, প্ৰকাশ কৌশল, পৱন বাথৱ, অমৰ ওৰফে ভোলা বাথৱ, কানহাইয়া বাথৱ আৰু বল্লু ওৰফে অনুজ ৰঘুবংশীক ভাৰতীয় দণ্ডবিধিৰ ১৪৮, ৩০৭/১৪৯ আৰু ৩০২/১৪৯ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে।
ৰায়দানৰ দিনাই অভিযুক্তৰ আত্মীয় আৰু সমৰ্থকসকলে নৰ্মদাপুৰম আদালত চৌহদত প্ৰতিবাদ সাৱ্যস্ত কৰি আৰক্ষীৰ বাহনত বাধা প্ৰদানৰ চেষ্টা কৰিছিল। পৰৱৰ্তী দিনবোৰত এই প্ৰতিবাদ সামাজিক মাধ্যমলৈ বিয়পি পৰে আৰু ন্যায়াধীশগৰাকীৰ ধৰ্মীয় পৰিচয়ক লক্ষ্য কৰি এক সুপৰিকল্পিত প্ৰচাৰ চলোৱা হয়। সামাজিক মাধ্যমত বিয়পি পৰা এক ভুৱা বাতৰিত দাবী কৰা হৈছিল যে ১৪ গৰাকী গো-ৰক্ষকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। এই ভুৱা দাবীটো সুদৰ্শন নিউজৰ সম্পাদক সুৰেশ চৱনকেই ৰাজনৈতিক নেতাসকলক টেগ কৰি ১৪ গৰাকী গো-ৰক্ষকৰ বাবে ন্যায় সংগ্ৰাম বুলি অভিহিত কৰি প্ৰচাৰ কৰিছিল।
এই অনলাইন প্ৰচাৰ অতি সোনকালেই প্ৰত্যক্ষ ভাবুকিলৈ পৰিৱৰ্তিত হয়। এটা বহুলভাৱে প্ৰচাৰিত ভিডিঅ’ত গুজৰাটৰ বিশাল সিং নামৰ এজন ব্যক্তিয়ে ন্যায়াধীশ খানক সাম্প্ৰদায়িক গালি-গালাজ কৰি দহ দিনৰ ভিতৰত দোষীসকলক মুকলি কৰি নিদিলে ৰক্তপাত হ’ব বুলি ভাবুকি প্ৰদান কৰে। আন এটা ভিডিঅ’ত পঞ্জাৱৰ মোহালিত একাংশ লোকে ন্যায়াধীশগৰাকীৰ প্ৰতিকৃতি দাহ কৰা দেখা গৈছে। ছচিয়েল মিডিয়া এক্সত অমৰেন্দ্ৰ বাহুবলী নামৰ এজন ব্যক্তিয়ে পৰিচালনা কৰা একাউণ্টৰ পৰা দাবী কৰা হয় যে ন্যায়াধীশ খানে সংবিধানতকৈ নিজৰ ধৰ্মক অগ্ৰাধিকাৰ দিয়ে আৰু তেওঁ কেতিয়াও ন্যায় প্ৰদান কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁক দেশৰ পৰা খেদি পঠিয়াবলৈ আহ্বান জনায়। আনহাতে হিন্দুনেচন নামৰ আন এটা একাউণ্টৰ পৰা উচ্চতম ন্যায়ালয়ক ন্যায়াধীশগৰাকীক নিলম্বন কৰিবলৈ আৰু তেওঁৰ কাৰ্যকালৰ সকলো ৰায়দান পুনৰ পৰীক্ষা কৰিবলৈ দাবী জনোৱা হয়।
এই ঘটনাই বিচাৰ বিভাগৰ স্বাধীনতা আৰু সুৰক্ষাক লৈ ন্যায়িক মহলত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা বিবেক তংখাই এই আক্ৰমণক তীব্ৰ গৰিহণা দি ন্যায়াধীশসকলৰ বাবে অধিক প্ৰাতিষ্ঠানিক সমৰ্থনৰ দাবী জনাই উচ্চ ন্যায়াপালিকা আৰু চৰকাৰৰ নীৰৱতাক লৈ আশ্চৰ্য প্ৰকাশ কৰে। কংগ্ৰেছ নেতা পৱন খেৰায়ো এই প্ৰচাৰক সমালোচনা কৰি কয় যে অভিযুক্তসকলক তেওঁলোকৰ ধৰ্মৰ বাবে নহয়, বৰঞ্চ দাঙ্গা আৰু হত্যাৰ অপৰাধত প্ৰমাণিত হোৱাৰ বাবেহে শাস্তি প্ৰদান কৰা হৈছে।
বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মধ্যপ্ৰদেশ আৰক্ষীয়ে ৰুজু কৰা প্ৰাথমিক তথ্য পঞ্জীৰ ভিত্তিত ন্যায়াধীশ খানলৈ অহা ভাবুকিমূলক ভিডিঅ’, সাম্প্ৰদায়িক মন্তব্য আৰু ছচিয়েল মিডিয়াৰ পোষ্টসমূহৰ সূক্ষ্ম তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আইন-শৃংখলা ৰক্ষাকাৰী সংস্থাসমূহৰ পৰৱৰ্তী পদক্ষেপেহে নিৰ্ধাৰণ কৰিব বিচাৰ ব্যৱস্থাৰ ওপৰত অহা এই ভাবুকিক প্ৰশাসনে কিদৰে মোকাবিলা কৰিব।





