অপাৰেচন সিন্দুৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ ১০০ ৰো অধিক বিশিষ্ট ব্যক্তিয়ে দুয়োখন দেশৰ মাজত শান্তি, আলোচনা আৰু স্বাভাৱিক দ্বিপাক্ষিক সম্পৰ্ক ঘূৰাই আনিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই বিশিষ্ট লোকসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক এক যৌথ আবেদন জনাইছে। চেন্টাৰ ফৰ পিচ এণ্ড প্ৰগ্ৰেছ নামৰ সংস্থাটোৰ উদ্যোগত প্ৰকাশ কৰা এই মুকলি পত্ৰখনত ভাৰতৰ ৬১ গৰাকী আৰু পাকিস্তানৰ ৫৬ গৰাকী সৰ্বমুঠ ১১৭ গৰাকী ব্যক্তিয়ে স্বাক্ষৰ কৰিছে। পত্ৰখনৰ জৰিয়তে দুয়োখন চৰকাৰক দীৰ্ঘদিনীয়া শত্ৰুতা সমাপ্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে, কিয়নো এই বিবাদে কোটি কোটি যুৱক-যুৱতীৰ উন্নতি, সমৃদ্ধি আৰু নিৰাপদ ভৱিষ্যতৰ সুযোগ কাঢ়ি লৈছে।
এই আবেদনত স্বাক্ষৰ কৰা ভাৰতীয় বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে নেচনেল কনফাৰেন্সৰ প্ৰধান ফাৰুক আব্দুল্লা, বিচ্ছিন্নতাবাদী নেতা মীৰৱাইজ ওমৰ ফাৰুক, পিডিপিৰ মুৰব্বী মেহবুবা মুফতি, আৰজেডিৰ সাংসদ মনোজ ঝা, আৰু প্ৰাক্তন টিএমচি মন্ত্ৰী তথা বৰ্তমানৰ এজেইউপি নেতা হুমায়ুন কবীৰ। আনহাতে পাকিস্তানৰ স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছে প্ৰাক্তন বৈদেশিক মন্ত্ৰী খুৰ্ছিদ মাহমুদ কাছুৰী, প্ৰাক্তন কূটনীতিবিদ আশ্ৰফ জেহাংগীৰ কাজী, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য ইছফন্যাৰ ভাণ্ডাৰা, আৰু প্ৰখ্যাত পৰমাণু বিজ্ঞানী তথা লেখক পাৰভেজ হুদভয়।
স্বাক্ষৰকাৰীসকলে দুয়োখন দেশৰ নেতাক বিশ্বাসযোগ্যতা পুনৰ ঘূৰাই আনিব পৰা পদক্ষেপ ল’বলৈ আহ্বান জনাইছে। ইয়াৰ ভিতৰত আছে পূৰ্ণাংগ কূটনৈতিক সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা কৰা, নতুন দিল্লী আৰু ইছলামাবাদত হাই কমিছনাৰ নিযুক্তি দিয়া, স্বাভাৱিক ভিছা সেৱা আৰম্ভ কৰা আৰু বাণিজ্যিক বিমানৰ বাবে আকাশমাৰ্গ পুনৰ মুকলি কৰা। অৱশ্যে এই আহ্বান এনে এটা সময়ত আহিছে যেতিয়া নতুন দিল্লীয়ে পাকিস্তানৰ প্ৰতি নিজৰ স্থিতি স্পষ্ট কৰি ৰাখিছে। ভাৰতে বাৰে বাৰে কৈ আহিছে যে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে চলিব নোৱাৰে আৰু সন্ত্ৰাসবাদ বন্ধ নোহোৱালৈকে দ্বিপাক্ষিক সম্পৰ্কৰ কোনো উন্নতি সম্ভৱ নহয়।
বিশিষ্ট লোকসকলে বাণিজ্য আৰু ভ্ৰমণৰ বাবে আটাৰী-ৱাগা সীমান্ত পুনৰ মুকলি কৰা, শ্ৰীনগৰ-মুজাফ্ফৰাবাদ বাছ সেৱা আৰু অন্যান্য সীমান্ত সংযোগ ব্যৱস্থা পুনৰ কাৰ্যক্ষম কৰাৰ বাবেও অনুৰোধ জনাইছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে ভাৰত আৰু পাকিস্তান মিলি সমগ্ৰ বিশ্বৰ প্ৰায় এক পঞ্চমাংশ জনসংখ্যাৰ বাসস্থান আৰু ইয়াৰ এটা ডাঙৰ অংশ হৈছে যুৱ প্ৰজন্ম। গতিকে দুয়োখন দেশৰ জনসাধাৰণে পাৰস্পৰিক অবিশ্বাস আৰু সংঘাতৰ পৰিৱৰ্তে শান্তি, উন্নয়ন আৰু সহযোগিতাৰে ভৰা এটা ভৱিষ্যত পোৱাৰ যোগ্য। বিগত দশকবোৰৰ বিবাদে অঞ্চলটোৰ সামূহিক সম্ভাৱনাক বাধাগ্ৰস্ত কৰিছে আৰু ইয়াৰ বাবে বৃহৎ সামাজিক আৰু অৰ্থনৈতিক মূল্য ভৰিবলগীয়া হৈছে।
পত্ৰখনত জম্মু-কাশ্মীৰকে ধৰি সকলো অমীমাংসিত বিষয়ৰ ওপৰত এক ব্যাপক দ্বিপাক্ষিক আলোচনা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনোৱা হৈছে। লগতে ২০০৪ ৰ পৰা ২০০৭ চনৰ ভিতৰত আলোচনা হোৱা নীতিসমূহ পুনৰ পৰ্যালোচনা কৰা, সেনা প্ৰত্যাহাৰ কৰা আৰু দুয়োখন দেশৰ নিৰাপত্তা জনিত চিন্তা দূৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰসমূহলৈ যাতায়ত সহজ কৰাৰ বাবে কাৰ্তাৰপুৰ চাহিব কৰিডৰ পুনৰ মুকলি কৰা, পাকিস্তানৰ নীলম উপত্যকাত থকা সাৰদা পীঠ দৰ্শনৰ অনুমতি দিয়াৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ কোৱা হৈছে। অৱশেষত স্বাক্ষৰকাৰীসকলে স্পষ্ট কৰি দিছে যে এই আবেদন কোনো ৰাজনৈতিক স্থিতিৰ সমৰ্থন নহয়, বৰঞ্চ ই প্ৰায় দুশ কোটি মানুহৰ কল্যাণ আৰু ভৱিষ্যতৰ স্বাৰ্থত কৰা এক শান্তিপূৰ্ণ আহ্বানহে।





