• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 2, 2026 6:40 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি ছচিয়েল মিডিয়া খুলিলেই দেখা যায় যে ফিটনেছ প্ৰভাৱশালীসকলে প্ৰটিন শ্বে’ক বা হাই-প্ৰটিন ডায়েটৰ গুণগান গাই আছে। জিমলৈ যোৱা নৱপ্ৰজন্মৰ মাজত দিনটোত তিনি-চাৰিবাৰ প্ৰটিন শ্বে’ক খোৱাটো এতিয়া সাধাৰণ কথা হৈ পৰিছে। পেশী গঠন কৰিবলৈ, ওজন কমাবলৈ বা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ প্ৰটিন অতি প্ৰয়োজনীয়। কিন্তু আনক দেখি অত্যধিক প্ৰটিন গ্ৰহণ কৰাটো শৰীৰৰ বাবে সঁচাকৈয়ে সুৰক্ষিত নে? বিশ্ব কিডনী দিৱসত নেফ্ৰ’লজিষ্টসকলে কয় যে প্ৰটিন ডায়েটক অন্ধভাৱে অনুসৰণ কৰিলে কিডনীৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে।

চিকিৎসক ডাঃ আশিস মিত্ৰই জনাইছে যে প্ৰতিজন ব্যক্তিৰ শৰীৰৰ প্ৰটিনৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। সেয়েহে চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ অত্যধিক মাত্ৰাত প্ৰটিন খোৱাটো কোনো মতেই বুদ্ধিমানৰ কাম নহয়। তেওঁ লগতে কয় যে যদি কিডনীৰ সমস্যা প্ৰথম বা দ্বিতীয় পৰ্যায়ত থাকে, তেন্তে সাধাৰণ মাত্ৰাত প্ৰটিন খাব পাৰি, কিন্তু কি ধৰণৰ প্ৰটিন খাইছে সেয়া অতি গুৰুত্বপূৰ্ণ। আমি যেতিয়া প্ৰটিনযুক্ত খাদ্য খাওঁ, তেতিয়া বিপাকীয় প্ৰক্ৰিয়াৰ জৰিয়তে শৰীৰে ইউৰিয়া আৰু ক্ৰিয়েটিনিনৰ দৰে কিছুমান বৰ্জ্য পদাৰ্থ উৎপন্ন কৰে। এই বিষাক্ত বৰ্জ্যবোৰ তেজৰ পৰা চেকি উলিয়াই দিয়াৰ দায়িত্ব আমাৰ কিডনীৰ।

Apply Now

ডাঃ মিত্ৰৰ মতে যেতিয়া কোনো ব্যক্তিয়ে অত্যধিক প্ৰটিন খায়, তেতিয়া কিডনীয়ে সেই বৰ্জ্যবোৰ পৰিষ্কাৰ কৰিবলৈ স্বাভাৱিকতকৈ বহু বেছি পৰিশ্ৰম কৰিবলগীয়া হয়। ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত গ্লমেৰুলাৰ হাইপাৰফিল্ট্ৰেচন বুলি কোৱা হয়। সুস্থ শৰীৰত সাময়িকভাৱে ইয়াক চম্ভালিব পাৰিলেও, দীৰ্ঘদিন ধৰি এই চাপ অব্যাহত থাকিলে কিডনীৰ সূক্ষ্ম চেকনিবোৰ নষ্ট হ’বলৈ আৰম্ভ কৰে। পেশী গঠন, ওজন কমানো আৰু বৰ্তমানৰ জনপ্ৰিয় কিট’ বা ল’-কাৰ্ব ডায়েটৰ বাবে প্ৰটিনৰ চাহিদা বহুত বাঢ়িছে। এই ট্ৰেণ্ডৰ সুযোগ লৈ ফিটনেছ উদ্যোগসমূহে প্ৰটিন পাউডাৰ আৰু হাই-প্ৰটিন স্নেক্সৰ ব্যাপক প্ৰচাৰ চলাইছে। ইয়াৰ ফলত বহু মানুহে নিজৰ অজান্তেই প্ৰয়োজনতকৈ বেছি প্ৰটিন খাই পেলাইছে।

উচ্চ প্ৰটিনযুক্ত ডায়েট সকলোৰে বাবে সমানে ক্ষতিকাৰক নহ’লেও কিছুমান নিৰ্দিষ্ট মানুহৰ বাবে ই অতি ভয়ংকৰ হ’ব পাৰে। যিসকলৰ আগৰে পৰাই কিডনীৰ সমস্যা আছে, ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ ৰোগী আৰু বয়সস্থ লোকসকলৰ বাবে অতিৰিক্ত প্ৰটিন গ্ৰহণ কৰাটো অত্যন্ত বিপদজনক, কিয়নো ই কিডনীৰ কৰ্মক্ষমতা দ্ৰুতগতিত হ্ৰাস কৰে। প্ৰটিনৰ উৎস কি সেয়াও অতি গুৰুত্বপূৰ্ণ। গৱেষণাত দেখা গৈছে যে সকলো ধৰণৰ প্ৰটিনে কিডনীত সমান প্ৰভাৱ নেপেলায়। ৰেড মিট বা প্ৰচেছড মিটে কিডনীৰ ওপৰত অতিৰিক্ত হেঁচা সৃষ্টি কৰে। আনহাতে ডাইল, চয়াবিন, বাদাম আদি উদ্ভিদজাত প্ৰটিন কিডনীৰ বাবে বহুত বেছি সুৰক্ষিত।

মুৰ্গীৰ মাংস কম পৰিমাণে খাব লাগে কাৰণ ইয়াত প্ৰায়ে ষ্টেৰইড ব্যৱহাৰ কৰা হয় যিয়ে শৰীৰত প্ৰদাহ সৃষ্টি কৰিব পাৰে। সৰু মাছ আৰু কণী কম তেলত ৰান্ধি খাব পাৰি। বহু সময়ত মানুহে নুবুজাকৈয়ে প্ৰটিন পাউডাৰ বা চাপ্লিমেণ্টৰ ওপৰত অতিৰিক্তভাৱে নিৰ্ভৰশীল হৈ পৰে, যিয়ে কিডনীত নিশব্দে চাপ পেলায়। সাধাৰণতে কম পৰিশ্ৰম কৰা লোকক প্ৰতি কিলোগ্ৰাম ওজনৰ বাবে দৈনিক শূন্য দশমিক আঠ গ্ৰাম আৰু সক্ৰিয় লোকক এক দশমিক শূন্যৰ পৰা এক দশমিক ছয় গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয়। যিসকলে ইয়াতকৈ বেছি প্ৰটিন খাব বিচাৰে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। সেয়েহে শৰীৰচৰ্চা বা ওজন কমানোৰ নামত কিডনীক অৱহেলা নকৰি পৰ্যাপ্ত পানী খোৱা, সুষম আহাৰ গ্ৰহণ কৰা আৰু চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই হৈছে সুস্বাস্থ্যৰ মূল চাবিকাঠি।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd