• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2026 3:56 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীয়ে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে তেওঁৰ পত্নী সোণমৰ নাম উল্লেখ কৰিছিল। শেহতীয়াকৈ শ্বিলঙৰ নিম্ন আদালতে সোণম ৰঘুবংশীৰ জামিন মঞ্জুৰ কৰিছিল। মেঘালয় উচ্চ ন্যায়ালয়েও জামিন বাহাল ৰাখে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মেঘালয় চৰকাৰে এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁলোকে আৰ্জি জনাইছে যে সোণমৰ জামিন অনতিপলমে বাতিল কৰিব লাগে।

মেঘালয় চৰকাৰৰ অধিবক্তা তথা কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ৰ অৱসৰকালীন বিচাৰপীঠৰ ওচৰত এই গোচৰৰ জৰুৰী শুনানিৰ বাবে অনুৰোধ জনাইছে। আদালতে সেই আবেদন মানি লৈছে। শুকুৰবাৰে এই গোচৰৰ শুনানি হ’ব পাৰে।

Apply Now

তুষাৰ মেহতাই আদালতত কয় যে সোণমক গ্ৰেপ্তাৰ কৰাৰ সময়ত গ্ৰেপ্তাৰৰ কাৰণ অৱগত কৰা হোৱা নাছিল আৰু আদালতে তেওঁক কেৱল এই যুক্তিৰ আধাৰতে জামিন প্ৰদান কৰিছিল। কিন্তু কিছুমান টাইপোগ্ৰাফিক ভুলৰ বাবেই সেইটো হৈছিল। তুষাৰে আদালতত যুক্তি দিয়ে যে কেৱল এই কাৰণতে কাৰোবাক জামিন প্ৰদান কৰিব নোৱাৰি। তেওঁ দাবী কৰে যে সোণম জামিনত বাহিৰত থাকিলে পলায়ন কৰিব পাৰে।

২০২৫ চনৰ মে’ মাহত ৰাজা আৰু সোণম মেঘালয়ৰ পূব খাছি পাহাৰত হানিমুনলৈ গৈছিল। হঠাতে দুয়োজন সোহৰাৰ পৰা সন্ধানহীন হৈ পৰে। পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিল। আৰক্ষীয়ে তালাচী আৰম্ভ কৰি কিছুদিন পিছত এটা খাৱৈৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰে। তেতিয়াও সোণমক কোনেও সন্দেহ কৰা নাছিল। পিছত আৰক্ষীয়ে তেওঁক আটক কৰে। সোধা-পোছাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে এই ঘটনাৰ ৰহস্যৰ গভীৰ হৈ পৰে। অভিযোগ অনুসৰি প্ৰেমিক ৰাজ কুশৱাহা আৰু আন তিনিজন লোকৰ সহযোগত সোণমে ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰে। আৰক্ষীয়ে এজন এজনকৈ আটাইকেইজনক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে  ৫ অভিযুক্ত – সোণম, ৰাজ, বিশাল, আকাশ আৰু আনন্দৰ বিৰুদ্ধে ৭৯০ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰে।

সোণমৰ গোচৰৰ বিৰুদ্ধে যুঁজ দিছিল পূব খাছি পাহাৰ জিলা আৰু সত্ৰ আদালতৰ আইনী সাহায্য কোষে। তদন্তত তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আদালতত জনায় সোণমে। আৰক্ষীয়ে আদালতত জনোৱা মতে, ৰাজাক হত্যা কৰাৰ পিছত সোণমে শ্বিলঙৰ পৰা ইন্দোৰলৈ কেইবাটাও পথ সলনি কৰে। তাতেই প্ৰেমিক ৰাজ কুশৱাহাৰ ঘৰত ৩-৪ দিন থাকে। ৩-৪ দিনৰ মূৰত ৰাজে সোণমক ইন্দোৰৰ দেৱাছৰ এটা ফ্লেটলৈ লৈ যায়।

তাত উপস্থিত হোৱাৰ লগে লগে সোণমে মোবাইলৰ চিমটো খুলি ৰাজক দিয়ে। ৰাজে তেওঁৰ বাবে নতুন চিম কাৰ্ডৰ ব্যৱস্থা কৰে। অৱশ্যে এই সকলোবোৰৰ পিছতো সোণম বেছি দিন লুকাই থাকিব নোৱাৰিলে। আৰক্ষীৰ জালত ধৰা পৰে। সোণমৰ তথ্যৰ ভিত্তিত আন অভিযুক্তসকলকো এজন এজনকৈ গ্ৰেপ্তাৰ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

July 2, 2026 3:54 pm
ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

July 2, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd