বিশ্ব শক্তি স্বাৱলম্বিতা দিৱস উপলক্ষে বেদান্তই দেশীয় তেল আৰু গেছ অনুসন্ধান অধিক গতিশীল কৰাৰ ক্ষেত্ৰত নিজৰ অংগীকাৰ পুনৰ দৃঢ় কৰিছে। ভাৰতৰ সন্মুখত নিজস্ব হাইড্ৰ’কাৰ্বন সম্পদৰ পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ এক ঐতিহাসিক সুযোগ আহি পৰা বুলি উল্লেখ কৰি কোম্পানীটোৱে কয় যে, এই সম্পদৰ দায়িত্বশীল সদ্ব্যৱহাৰে দেশৰ আমদানিকৃত শক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে শক্তি সুৰক্ষা অধিক সুদৃঢ় কৰিব।
একেদৰে, বেদান্ত অইল এণ্ড গেছে (BSE: 544782 | NSE: VOGL) প্ৰতিদিনে ৫ লাখ বেৰেল তেল সমতুল্য (BOEPD) উৎপাদনৰ লক্ষ্য পুনৰ নিশ্চিত কৰি কয় যে ভাৰতৰ শক্তি স্বাৱলম্বিতা নিশ্চিত কৰাৰ যাত্ৰাত কোম্পানীটোৱে এক উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ বদ্ধপৰিকৰ।
বৰ্তমান বিশ্বৰ দ্ৰুত বিকাশমান শক্তি বজাৰসমূহৰ ভিতৰত ভাৰত অন্যতম। কিন্তু ইয়াৰ পাছতো দেশখনে নিজৰ প্ৰয়োজনীয় তেল আৰু গেছৰ প্ৰায় ৯০ শতাংশ আমদানি কৰিবলগীয়া হয়। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলাৰ বিঘিনি আৰু বিশ্ব বজাৰৰ মূল্যৰ উঠা-নমাই দেশৰ অৰ্থনীতিত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। অথচ ভাৰতত প্ৰায় ৩০০ বিলিয়ন বেৰেল তেল সমতুল্য সম্ভাৱনাময় হাইড্ৰ’কাৰ্বন সম্পদ মজুত আছে। বেদান্ত অইল এণ্ড গেছ–কেইৰ্ণে উন্নত প্ৰযুক্তি আৰু উন্নত তেল আহৰণ পদ্ধতি (Enhanced Oil Recovery) প্ৰয়োগৰ জৰিয়তে অনুসন্ধান ত্বৰান্বিত কৰি এই বিপুল সম্পদৰ সদ্ব্যৱহাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। কোম্পানীটোৰ মতে, ধাৰাবাহিক বিনিয়োগে দেশৰ শক্তি সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে আমদানি নিৰ্ভৰতা হ্ৰাস, দক্ষ কৰ্মসংস্থাপন সৃষ্টি আৰু ঔদ্যোগিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালে কয়, “শক্তি স্বাৱলম্বিতা ভাৰতৰ বাবে কেৱল শক্তি খণ্ডৰ লক্ষ্য নহয়, ই দেশৰ অৰ্থনৈতিক সুৰক্ষা আৰু বিকাশৰ এক কৌশলগত প্ৰয়োজন। দেশৰ ভিতৰতে উৎপাদিত প্ৰতিটো বেৰেল তেল আৰু গেছে আমাৰ অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ৰাষ্ট্ৰীয় স্থিতিস্থাপকতা বৃদ্ধি কৰে। ভাৰতত প্ৰচুৰ প্ৰাকৃতিক সম্পদ, বিশ্বমানৰ প্ৰযুক্তিগত দক্ষতা আৰু উদ্যোগী মানসিকতাৰ এক সুন্দৰ সমন্বয় আছে। বিশ্বৰ প্ৰায় ১০ শতাংশ তেল-গেছ বিশেষজ্ঞই হৈছে ভাৰতীয়। এই দক্ষ জনশক্তি আৰু দেশৰ বিপুল সম্পদৰ সম্ভাৱনাই ভাৰতৰ শক্তি খণ্ডৰ ভৱিষ্যতক নতুন ৰূপ দিয়াৰ এক অনন্য সুযোগ সৃষ্টি কৰিছে। যদি আমি দায়িত্বশীলভাৱে উক্ত সম্পদৰ সদ্ব্যৱহাৰ কৰিব পাৰোঁ, তেন্তে শক্তি স্বাৱলম্বিতাই অৰ্থনৈতিক বিকাশ, কৰ্মসংস্থাপন আৰু ‘বিকশিত ভাৰত’ গঢ়াৰ এক শক্তিশালী চালিকাশক্তি হিচাপে পৰিগণিত হ’ব।”
কোম্পানীটোৱে লগতে উল্লেখ কৰে যে, ভাৰতৰ বহু সম্ভাৱনাময় অৱক্ষেপীয় অৱবাহিকা (Sedimentary Basins) এতিয়াও সম্পূৰ্ণৰূপে অনুসন্ধানৰ আওতালৈ অহা নাই। সেয়েহে দেশত তেল আৰু গেছৰ অনুসন্ধান আৰু দেশীয় উৎপাদন অধিক বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ ‘সমুদ্ৰ মন্থন’ (National Deepwater Exploration Mission) অভিযানৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গভীৰ আৰু অতি গভীৰ সাগৰীয় অঞ্চলৰ পূৰ্বৰ বহু ‘ন’-গ’ এলেকা’ অনুসন্ধানৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ উপৰিও এই দশকৰ শেষলৈকে দেশৰ শক্তি খণ্ডত প্ৰায় ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
দীৰ্ঘম্যাদী শক্তি স্বাৱলম্বিতা নিশ্চিত কৰিবলৈ উদ্যোগ প্ৰতিষ্ঠান, উদ্যোগী সমাজ আৰু প্ৰযুক্তি উদ্ভাৱকসকলৰ মাজত অধিক সমন্বিত আৰু ধাৰাবাহিক সহযোগিতা অপৰিহাৰ্য বুলি কোম্পানীটোৱে মত প্ৰকাশ কৰে।
উল্লেখযোগ্য যে অনিল আগৰৱালে দীৰ্ঘদিন ধৰি ‘মাটিৰ তলৰ সেউজ বিপ্লৱ’ (Green Revolution Below the Ground)ৰ ধাৰণাৰ পোষকতা কৰি আহিছে। তেওঁৰ মতে, ভাৰতৰ প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল সদ্ব্যৱহাৰে কৰ্মসংস্থাপন বৃদ্ধি, দেশীয় উৎপাদন শক্তিশালী কৰা আৰু আমদানিকৃত শক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ জৰিয়তে দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশক নতুন গতি দিব। বেদান্তৰ বিশ্বাস, আজিয়েই অনুসন্ধান তৎপৰতা বৃদ্ধি কৰিলে ই কেৱল শক্তি সুৰক্ষাকে নিশ্চিত নকৰে, ভৱিষ্যত প্ৰজন্মৰ বাবেও দীৰ্ঘম্যাদী অৰ্থনৈতিক মূল্য সৃষ্টি কৰিব।
বেদান্ত অইল এণ্ড গেছে বৰ্তমান ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত আপষ্ট্ৰিম তেল-গেছ পৰ্টফ’লিঅ’ গঢ়ি তুলিছে। কোম্পানীটোৰ ৰাজস্থান, গুজৰাট, অসম আৰু অন্ধ্ৰ প্ৰদেশত বিস্তৃত প্ৰায় ৪৭ হাজাৰ বৰ্গকিলোমিটাৰ এলেকাজুৰি ৪৪টা স্থল আৰু সাগৰীয় ব্লকত স্বাৰ্থ জড়িত আছে, য’ত প্ৰচলিত আৰু অপ্ৰচলিত— উভয় ধৰণৰ হাইড্ৰ’কাৰ্বন সম্পদ অন্তৰ্ভুক্ত। ভাৰতৰ আগশাৰীৰ ব্যক্তিগত তেল আৰু গেছ উৎপাদক হিচাপে কোম্পানীটোৱে দায়িত্বশীল উৎপাদন, উৎপাদন দক্ষতা বৃদ্ধি আৰু বহনক্ষম বিকাশৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে।





