• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজি ইংৰাজী, হিন্দী আৰু বঙালী ভাষালৈ অনুবাদ কৰাৰ লগতে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 12, 2026 9:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংগীত আৰু সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাই প্ৰয়াত শিল্পী তথা সাংস্কৃতিক আইকন জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ‘সংগীত সুধাকৰ’ উপাধি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে যোৰহাটৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰনাথ বৰা সোঁৱৰণী সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। অহা ৩০ জুলাইৰ বিয়লি ৪ বজাত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত এক বিশেষ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

সাহিত্য সভাৰ পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনত গ্ৰহণ কৰা এক প্ৰস্তাৱ অনুসৰি সংগঠনটোৰ কাৰ্যনিৰ্বাহক আৰু পৰিচালনা সমিতিয়ে এই সন্মান প্ৰদানত অনুমোদন জনাইছে। ৩০ জুলাইৰ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে এই উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। অনুষ্ঠানত সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাৰ লগতে প্ৰয়াত শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী ড° পামী বৰঠাকুৰকে ধৰি পৰিয়ালৰ অন্যান্য সদস্যসকল উপস্থিত থাকিব।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অংশ হিচাপে জুবিন গাৰ্গৰ অনুৰাগীসকলে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক সামৰি সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শন সম্বলিত এক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ উপৰিও সাহিত্য সভাই প্ৰয়াত শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰাজি, তেওঁৰ সৃষ্টিশীল অৱদান, মানৱীয় প্ৰমূল্যবোধ আৰু অসমীয়া সমাজ তথা সংস্কৃতিত তেওঁৰ প্ৰভাৱক লৈ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব। এই আলোচনা চক্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ একত্ৰিত কৰি গ্ৰন্থ ৰূপত প্ৰকাশ কৰা হ’ব বুলিও সাহিত্য সভাই জানিবলৈ দিছে। শিল্পীগৰাকীৰ কালজয়ী সৃষ্টিসমূহক বহল শ্ৰোতাৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে তেওঁৰ নিৰ্বাচিত গীতসমূহ ইংৰাজী, হিন্দী আৰু বঙালী ভাষালৈ অনুবাদ কৰাৰ পৰিকল্পনা কৰা হৈছে।

উল্লেখযোগ্য যে, যোৱা ৭ জুলাইত অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নেতৃত্বত এটি প্ৰতিনিধি দলে জোনালীস্থিত জুবিন গাৰ্গৰ ষ্টুডিঅ’ত পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। সাহিত্য সভাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পৰিয়ালৰ লোকসকলে সাহিত্য সভাৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Apply Now
এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd