অযোধ্যাৰ ৰাম মন্দিৰ আৰু উত্তৰাখণ্ডৰ বদ্ৰীনাথ মন্দিৰত ভক্তৰ বৰঙণিৰ ধন চুৰি হোৱাৰ পিছত এইবাৰ একেই ঘটনা সংঘটিত হৈছে গুজৰাটৰ বিখ্যাত অম্বাজী মন্দিৰত। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পুৰণি ভিডিঅ’ক লৈ নতুনকৈ চৰ্চা আৰম্ভ হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মন্দিৰৰ বৰঙণিৰ ধন গণনা কৰি থকাৰ সময়তে এজন কৰ্মচাৰীয়ে ধন লুকুৱাবলৈ চেষ্টা কৰিছে। অৱশ্যে মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, এই ঘটনা নতুন নহয়। চলিত বৰ্ষৰ মে’ মাহতেই এই ঘটনাৰ তদন্ত কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে, চিৰাগ ঠাকোৰ নামৰ এজন ঠিকাভিত্তিক কৰ্মচাৰীয়ে ধন গণনা কৰাৰ সময়ত প্ৰায় এক লাখ টকাৰ এটা বান্দিল নিজৰ লগত লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল। অভিযোগ অনুসৰি, ধন গণনা কৰা কোঠাৰ পৰা শৌচাগাৰলৈ যোৱাৰ অজুহাতত ওলাই আহোঁতে তেওঁৰ জেপৰ পৰা টকাৰ বান্দিলটো মজিয়াত পৰি যায়। সেইটো দেখি আন কৰ্মচাৰীসকলৰ সন্দেহ হয় আৰু তাৰ পিছতেই আৰম্ভ হয় তদন্ত।
এই তদন্তত আন দুজন ঠিকাভিত্তিক কৰ্মচাৰীৰ নামো পোহৰলৈ আহে। অভিযোগৰ ভিত্তিত তিনিওজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে আৰু একে সময়তে তিনিওজন অভিযুক্তক চাকৰিৰ পৰা তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা হয়।
এই ঘটনাৰ পিছত মন্দিৰ পৰিচালনা কৰা ট্ৰাষ্টে নিৰাপত্তা আৰু স্বচ্ছতা অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে। ট্ৰাষ্টৰ পৰিচালনা সমিতিৰ মুৰব্বী তথা বানাস্কান্থা জিলাৰ জিলা উপায়ুক্ত মিহিৰ পেটেলে জানিবলৈ দিছে যে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত নহয়, তাৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।
নতুন ব্যৱস্থা অনুসৰি, বৰঙণিৰ ধন গণনা কৰা সমগ্ৰ প্ৰক্ৰিয়াটো কঠোৰ নিৰীক্ষণৰ অধীনত থাকিব। গণনা কৰা কোঠাটোত ২০ টাতকৈয়ো অধিক চিচিটিভি কেমেৰা লগোৱা হৈছে। প্ৰতিটো দৃশ্য কমেও ছমাহৰ বাবে সংৰক্ষণ কৰি ৰখা হ’ব, যাতে ভৱিষ্যতে কোনো অভিযোগ উত্থাপন হ’লে সেই ভিডিঅ’ পৰীক্ষা কৰিব পৰা যায়।
ইয়াৰ উপৰিও, বৰঙণিৰ ধন গণনাৰ লগত জড়িত প্ৰতিজন কৰ্মচাৰীক কোঠাত সোমোৱাৰ আগতে আৰু ওলাই অহাৰ পিছত আৰক্ষীৰ উপস্থিতিত মেটেল ডিটেক্টৰৰ জৰিয়তে পৰীক্ষা কৰা হ’ব। ডাঙৰ জেপ থকা কাপোৰ পিন্ধি সেই কোঠাত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ’ব। এই নিয়মৰ জৰিয়তে ধন আত্মসাৎ কৰাৰ সম্ভাৱনা হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছে বুলি ট্ৰাষ্টে প্ৰকাশ কৰিছে।
গুজৰাটৰ বানাস্কান্থা জিলাত ৰাজস্থানৰ সীমান্তৰ সমীপত অৱস্থিত এই অম্বাজী মন্দিৰ দেশৰ অন্যতম প্ৰাচীন শক্তিপীঠ হিচাপে পৰিচিত। দেৱী অম্বাৰ প্ৰতি উচৰ্গিত এই মন্দিৰলৈ প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই পূজা দিবলৈ আহে। সেইবাবেই মন্দিৰৰ বৰঙণিৰ ধনৰ নিৰাপত্তা আৰু ইয়াৰ সঠিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰশাসনে এতিয়া অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে।





