• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

বৰ্তমান সময়ত কম তেল ব্যৱহাৰ কৰি স্বাস্থ্যসন্মতভাৱে খাদ্য প্ৰস্তুত কৰাৰ বাবে এয়াৰ ফ্ৰায়াৰৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। কাবাবৰ পৰা আৰম্ভ কৰি ফ্ৰেন্স ফ্ৰাইলৈকে বিভিন্ন খাদ্যসামগ্ৰী নামমাত্ৰ তেলত প্ৰস্তুত কৰিব পৰা এই আধুনিক সঁজুলিবিধ আৰু পৰম্পৰাগত গেছ ষ্ট'ভৰ মাজত পুষ্টিগুণ অটুট ৰখাৰ দিশত কোনবিধ অধিক ফলপ্ৰসূ, তাক লৈ শেহতীয়াকৈ এক বিশ্লেষণাত্মক তথ্য পোহৰলৈ আহিছে। পুষ্টিবিদসকলৰ মতে, দুয়োবিধ সঁজুলিৰে নিজা নিজা সুবিধা আছে যদিও সঁজুলিতকৈ ৰন্ধনৰ পদ্ধতিয়েহে খাদ্যৰ গুণাগুণ নিৰ্ধাৰণ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে।

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 15, 2026 7:27 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত কম তেল ব্যৱহাৰ কৰি স্বাস্থ্যসন্মতভাৱে খাদ্য প্ৰস্তুত কৰাৰ বাবে এয়াৰ ফ্ৰায়াৰৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। কাবাবৰ পৰা আৰম্ভ কৰি ফ্ৰেন্স ফ্ৰাইলৈকে বিভিন্ন খাদ্যসামগ্ৰী নামমাত্ৰ তেলত প্ৰস্তুত কৰিব পৰা এই আধুনিক সঁজুলিবিধ আৰু পৰম্পৰাগত গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণ অটুট ৰখাৰ দিশত কোনবিধ অধিক ফলপ্ৰসূ, তাক লৈ শেহতীয়াকৈ এক বিশ্লেষণাত্মক তথ্য পোহৰলৈ আহিছে। পুষ্টিবিদসকলৰ মতে, দুয়োবিধ সঁজুলিৰে নিজা নিজা সুবিধা আছে যদিও সঁজুলিতকৈ ৰন্ধনৰ পদ্ধতিয়েহে খাদ্যৰ গুণাগুণ নিৰ্ধাৰণ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, এয়াৰ ফ্ৰায়াৰত গৰম বতাহৰ জৰিয়তে খাদ্য সিজোৱা হয়, যাৰ ফলত জুইৰ প্ৰত্যক্ষ স্পৰ্শ নোহোৱাকৈয়ে খাদ্য বাহিৰৰ পৰা মৰমৰীয়া আৰু ভিতৰৰ পৰা কোমল হৈ পৰে। পুষ্টিবিদ অনন্যা ভৌমিকে জানিবলৈ দিয়া মতে, এই পদ্ধতিত তেলৰ ব্যৱহাৰ যথেষ্ট কম হোৱাৰ বাবে খাদ্যত কেল’ৰিৰ পৰিমাণো স্বাভাৱিকতেই হ্ৰাস পায়। আনকি একাংশ গৱেষণাত প্ৰকাশ পোৱা অনুসৰি, কম তেলত লৰাই ভজাতকৈ এয়াৰ ফ্ৰায়াৰত শাক-পাচলি ৰান্ধিলে তাত থকা এণ্টি-অক্সিডেণ্টৰ পৰিমাণ অধিক সুৰক্ষিত হৈ থাকে।

Apply Now

আনহাতে, পৰম্পৰাগত গেছ ষ্ট’ভত বিভিন্ন ধৰণে, যেনে- ভাপত সিজাই, কম তেলত ভাজি বা মছলাৰে খাদ্য প্ৰস্তুত কৰা হয়। গেছ ষ্ট’ভত ৰান্ধিলে খাদ্যৰ পুষ্টিগুণ সম্পূৰ্ণৰূপে নষ্ট হয় বুলি ভবাটো ভুল ধাৰণা। পুষ্টিবিদগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, খাদ্যৰ পুষ্টিগুণ ৰন্ধনৰ ধৰণ আৰু তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, শাক-পাচলি ভাপত সিজালে সৰ্বাধিক পৰিমাণৰ ভিটামিন চি অটুট থাকে, কিন্তু পানীত উতলালে ইয়াৰ মাত্ৰা হ্ৰাস পায়। পানীত দ্ৰৱীভূত হোৱা ভিটামিনসমূহ সিজোৱা পানীৰ সৈতে ওলাই যোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে, ব্ৰকলি বা পালেং শাক সঠিক পদ্ধতিৰে ৰান্ধিলে ভিটামিন ইৰ পৰিমাণ বৃদ্ধি পায়, যদিও গাজৰ বা মিঠা আলুৰ ক্ষেত্ৰত ৰন্ধনৰ পাছত কিছু পৰিমাণে ভিটামিন হ্ৰাস পোৱা দেখা যায়।

গেছ ষ্ট’ভ আৰু এয়াৰ ফ্ৰায়াৰ, দুয়োটা পদ্ধতিতেই খাদ্যৰ পুষ্টিগুণ বজাই ৰাখিব পাৰি। পুষ্টিবিদ ভৌমিকে স্পষ্ট কৰি দিয়ে যে খাদ্য কি সঁজুলিত ৰন্ধা হৈছে, তাতকৈ কেনেকৈ ৰন্ধা হৈছে সেয়াহে বেছি গুৰুত্বপূৰ্ণ। এয়াৰ ফ্ৰায়াৰত কম সময়ৰ ভিতৰতে গৰম বতাহত ৰন্ধা হয় বাবে বহুতো ভিটামিন সঠিক মাত্ৰাত অটুট থাকে, যিটো সৰহ তেলত ডুবাই ভজা খাদ্যৰ ক্ষেত্ৰত সম্ভৱ নহয়। ইপিনে, গেছ ষ্ট’ভত জুইৰ তাপ সমানে পোৱা যায় যদিও বেছি সময় লগাৰ বাবে তাপ সহ্য কৰিব নোৱাৰা কিছুমান ভিটামিনৰ মাত্ৰা হ্ৰাস পাব পাৰে। অৱশ্যে, এই পদ্ধতিত প্ৰ’টিন, খনিজ পদাৰ্থ আৰু ফাইবাৰ নষ্ট নহয় বৰঞ্চ পুষ্টিগুণ বহুলাংশে সঠিক হৈয়ে থাকে।

খাদ্যৰ সঠিক পুষ্টিগুণ আৰু গুণমান অটুট ৰাখিবলৈ কম জুইত, কম তেলত আৰু কম সময়ৰ ভিতৰত ৰন্ধাটোৱেই হৈছে সৰ্বোত্তম উপায়। পুষ্টিবিদগৰাকীয়ে পৰামৰ্শ দিয়ে যে খাদ্য সম্পূৰ্ণৰূপে সুন্দৰভাৱে সিজাটো প্ৰয়োজনীয়, কিন্তু একে সময়তে ই যাতে পুৰি নাযায় বা অতিৰিক্তভাৱে ভজা নহয়, তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাটো বাঞ্চনীয়।

 

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd