কেন্দ্ৰীয় চৰকাৰৰ চাইবাৰ সুৰক্ষা সংস্থা চাৰ্ট-ইনে পিএইচপি প্ৰগ্ৰেমিং ভাষাত ধৰা পৰা এক ভয়ংকৰ সুৰক্ষা ত্ৰুটিৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, এই ত্ৰুটিৰ সুযোগ লৈ দূৰৈৰ পৰাই হেকাৰে যিকোনো ৱেবছাইটৰ স্পৰ্শকাতৰ তথ্যত প্ৰৱেশ কৰাৰ লগতে আক্ৰান্ত চিষ্টেমত ক্ষতিকাৰক ক’ড কাৰ্যকৰী কৰিব পাৰে। ডাইনামিক ৱেবছাইট আৰু ৱেব এপ্লিকেশ্যন নিৰ্মাণৰ বাবে বহুলভাৱে ব্যৱহৃত এই প্ৰগ্ৰেমিং ভাষাত ধৰা পৰা দুৰ্বলতাই এতিয়া সমগ্ৰ ইণ্টাৰনেট জগতলৈ এক বৃহৎ ভাবুকি কঢ়িয়াই আনিছে। পিএইচপিৰ জৰিয়তে সাধাৰণতে ৱেবছাইটসমূহে ব্যৱহাৰকাৰীৰ অনুৰোধ প্ৰক্ৰিয়াকৰণ কৰা আৰু তথ্য প্ৰদৰ্শন কৰাৰ দৰে গুৰুত্বপূৰ্ণ কামবোৰ সম্পাদন কৰে।
ইয়াৰ পূৰ্বে যোৱা ২২ অক্টোবৰত অ’পেনএআইৰ জিপিটি-৫.৬ ছ’লে পিএইচপিত দুটাকৈ জটিল সুৰক্ষা ত্ৰুটি আৱিষ্কাৰ কৰাৰ লগে লগে বিশ্বৰ কেইবাখনো ৱেবছাইট সতৰ্কতামূলক ব্যৱস্থা হিচাপে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল। উইজ ৰিচাৰ্চৰ এক অধ্যয়নত পোহৰলৈ আহিছে যে বৰ্তমান বিশ্বৰ প্ৰায় ৭০ শতাংশ ৱেবছাইটে পিএইচপি ভাষা ব্যৱহাৰ কৰে। ইয়াৰ অৰ্থ হ’ল ইণ্টাৰনেটৰ আধাভাগতকৈয়ো অধিক ৱেবছাইট এতিয়া হেকিঙৰ আশংকাত ভুগিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চাৰ্ট-ইনে ৱেবছাইটৰ গৰাকী আৰু প্ৰশাসকসকলক চফ্টৱেৰ নিৰ্মাতাই আগবঢ়োৱা নিৰাপত্তা উন্নীতকৰণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ তাৎক্ষণিকভাৱে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। ৱেবছাইটসমূহত চলি থকা পিএইচপিৰ সংস্কৰণ পৰীক্ষা কৰি উপযুক্ত সুৰক্ষা আপডেট ইনষ্টল কৰা, হোষ্টিং প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰি আপডেটেড সংস্কৰণ ব্যৱহাৰ কৰাটো নিশ্চিত কৰা আৰু পিএইচপিৰ আনুষ্ঠানিক নিৰাপত্তা নিৰ্দেশনাসমূহ মানি চলাটো বৰ্তমান অপৰিহাৰ্য হৈ পৰিছে বুলি কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে।





