• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

বাইশ গজত থিয় হৈ থাকি মেচৰ ভাগ্য সলনি কৰাৰ তেওঁৰ অলৌকিক ক্ষমতাই ভৱিষ্যতৰ সকলো অলৰাউণ্ডাৰৰ বাবে শেষ শব্দ হৈ পৰিল। কপিল দেৱৰ পৰা জেক কালিছলৈকে - এই বাৰ্বাডোছৰ ৰাজকুমাৰেই আছিল একমাত্ৰ মাপকাঠী যাৰ দ্বাৰা যিকোনো অল-ৰাউণ্ডাৰক বিচাৰ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2026 8:01 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকাশৰ পৰা ক্ৰিকেট ইতিহাসৰ অন্যতম উজ্জ্বল নক্ষত্ৰটো খহি পৰিল। ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ ক্ৰিকেট জগতৰ জীৱন্ত কিংবদন্তি ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ আৰু নাই। ৮৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। তেওঁৰ মৃত্যুৰ লগে লগে অন্ত পৰিল ক্ৰিকেট মহাকাব্যৰ এক সোণালী অধ্যায়ৰ। ক্ৰিকেটৰ খেলপথাৰত তেওঁ যি কৰি দেখুৱাইছে সেয়া আধুনিক ক্ৰিকেটৰ যুগতো সাধুকথাৰ দৰে শুনা যায়।

১৯৩৬ চনৰ ২৮ জুলাইত বাৰ্বাডোছত জন্মগ্ৰহণ কৰা এই ক্ৰিকেট কিংবদন্তিয়ে খেলপথাৰত অল-ৰাউণ্ডাৰৰ সংজ্ঞা সলনি কৰিছিল। দমনীয় বাওঁহতীয়া বেটিঙেৰে যিদৰে বিপক্ষৰ বলিং লাইনআপ ধ্বংস কৰি দিছিল, সেইদৰে বলিঙৰ ক্ষেত্ৰতো তেওঁ সমানেই মাৰাত্মক আছিল।

Apply Now

কেতিয়াবা একেখন মেচতে তেওঁ বাওঁহাতেৰে নিখুঁত মধ্যমীয়া গতিৰে বলিং কৰিছিল আৰু তাৰ খন্তেক পিছতে আঙুলিৰ পাকেৰে স্পীন বলিং কৰিছিল – দুয়োটা অৱতাৰতে তেওঁ বিপক্ষৰ বেটছমেনৰ বুকু কঁপাই তুলিছিল। কেৱল বেটিং বা বলিং নহয়, ফিল্ডাৰ হিচাপেও তেওঁৰ চিতা বাঘৰ দৰে ক্ষিপ্ৰতাই তেওঁক ক্ৰিকেটৰ ইতিহাসৰ প্ৰথমজন ‘সম্পূৰ্ণ ক্ৰিকেটাৰ’ৰ মৰ্যাদা প্ৰদান কৰিছিল।

মাত্ৰ ১৭ বছৰ বয়সতে ৱেষ্ট ইণ্ডিজৰ মেৰুণ জাৰ্চি পিন্ধি টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল এই বিস্ময় বালকৰ। তাৰ পিছত তেওঁ নিজৰ কেৰিয়াৰত দেশৰ হৈ ৯৩খন টেষ্ট মেচ খেলিছিল। তেওঁ ৫৭.৭৮ ৰানৰ চকু কপালত তুলিব পৰা গড়েৰে ৮,০৩২ ৰান সংগ্ৰহ কৰে, য’ত আছে ২৬টা নান্দনিক শতক। আৰু তেওঁ বলিঙতো ২৩৫টা উইকেট দখল কৰে। স্লিপ বা ক্ল’জ ইন ফিল্ডিঙত তেওঁৰ নিপুন দুখন হাতে ১০৯টা কেচ কৰায়ত্ত কৰিছিল। আধুনিক ক্ৰিকেটত এজন ক্ৰিকেটাৰে তিনিওটা ফৰ্মেটতে খেলিবলৈ সংগ্ৰাম কৰিবলগীয়া হোৱাৰ বিপৰীতে ছয় দশক পূৰ্বে গেৰী ছ’বাৰ্ছে তিনিওটা শাখাতে বিশ্ব ক্ৰিকেটত শাসন কৰিছিল।

ছ’বাৰ্ছৰ কেৰিয়াৰৰ দুটা ঘটনা চিৰদিনৰ বাবে ক্ৰিকেট অনুৰাগীৰ মনত খোদিত হৈ থাকিব। প্ৰথমটো আছিল ১৯৫৮ চনত পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ নট আউট ৩৬৫ ৰানৰ মহাকাব্যিক ইনিংছ। সেই সময়ত এইটোৱেই আছিল টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ।

আৰু দ্বিতীয়টো ঘটনা ঘটিছিল ঠিক এদশক পিছত, ১৯৬৮ চনত। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত নটিংহামশ্বাৰৰ হৈ খেলি থকাৰ সময়ত তেওঁ গ্লেমাৰগনৰ বলাৰ মেলকম নেছৰ অভাৰত ছটা বলত ৬টা ছয় মাৰিছিল। সেইটোৱেই আছিল এটা অভাৰত প্ৰথম ৩৬ ৰানৰ বিশ্ব অভিলেখ। সেই মুহূৰ্তটো আজিও ক্ৰিকেট জগতৰ অন্যতম বিৰল দৃশ্য বুলি গণ্য কৰা হয়।

দীৰ্ঘদিন ধৰি ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটোক সফলতাৰে নেতৃত্ব দি আহিছে ছাৰ গেৰীয়ে। কেৱল কেৰিবিয়ান দ্বীপপুঞ্জৰ নহয়, সমগ্ৰ বিশ্বৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰসকলৰ বাবেও তেওঁ আছিল এক প্ৰেৰণা। তেওঁৰ পৰিসংখ্যাৰ দ্বাৰা তেওঁক বিচাৰ কৰাটো অসম্ভৱ। কেৱল বাইশ গজত থিয় হৈ থাকি মেচৰ ভাগ্য সলনি কৰাৰ তেওঁৰ অলৌকিক ক্ষমতাই ভৱিষ্যতৰ সকলো অলৰাউণ্ডাৰৰ বাবে শেষ শব্দ হৈ পৰিল। কপিল দেৱৰ পৰা জেক কালিছলৈকে – এই বাৰ্বাডোছৰ ৰাজকুমাৰেই আছিল একমাত্ৰ মাপকাঠী যাৰ দ্বাৰা যিকোনো অল-ৰাউণ্ডাৰক বিচাৰ কৰা হয়।

ক্ৰিকেটত তেওঁৰ অবিস্মৰণীয় অৱদানৰ বাবে তেওঁক ব্ৰিটিছ ৰাজ পৰিয়ালে ‘নাইটহুড’ উপাধিৰে সন্মানিত কৰিছিল। উইজডেনৰ ‘ক্ৰিকেটাৰ্ছ অৱ দ্য চেঞ্চুৰী’ৰ তালিকাতো তেওঁৰ নাম জিলিকি উঠিছিল। আই চি চিৰ ‘হল অৱ ফেম’তো সন্মানেৰে নিজৰ স্থান দখল কৰে।

আজি ছাৰ গেৰী ছ’বাৰ্ছে কায়িক জীৱনৰ পৰা বিদায় মাগিলেও ক্ৰিকেটৰ অস্তিত্ব থকালৈকে ডন ব্ৰেডমেনৰ সৈতে ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছৰ নাম ক্ৰিকেট বাইবেলত অমৰ হৈ থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd