• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

১৮৮৮ চনতে শিমলাত আৰম্ভ হোৱা এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয়খন পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৫সংখ্যক সংস্কৰণত এইবাৰ সৰ্বমুঠ ২৪টা দলে অংশগ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2026 12:47 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ফুটবলৰ গৌৰৱোজ্জ্বল ইতিহাসৰ প্ৰতীক ডুৰাণ্ড কাপৰ ১৩৫সংখ্যক সংস্কৰণ অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ’ব। এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয়খন পুৰণি ফুটবল প্ৰতিযোগিতা হিচাপে স্বীকৃত এই সন্মানীয় প্ৰতিযোগিতাখন এইবাৰ দেশৰ পাঁচখন চহৰ ক্ৰমে কলকাতা, গুৱাহাটী, শ্বিলং, ইম্ফল আৰু ৰাঁচীত অনুষ্ঠিত হ’ব। এইবাৰৰ প্ৰতিযোগিতাখনত সৰ্বমুঠ ২৪টা দলে অংশগ্ৰহণ কৰাটো নিশ্চিত হৈছে, যাৰ ভিতৰত ৭টা নতুন দলে পোনপ্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে। প্ৰতিযোগিতাখনৰ উদ্বোধনী আৰু চূড়ান্ত খেলখন কলকাতাত অনুষ্ঠিত হ’ব।

 

Apply Now

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপৰ সৈতে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ গভীৰ আৱেগ জড়িত হৈ আছে। ১৮৮৮ চনত শিমলাত তদানীন্তন ব্ৰিটিছ ভাৰতৰ বৈদেশিক সচিব ছাৰ হেনৰী মৰ্টিমাৰ ডুৰাণ্ডৰ উদ্যোগত এই প্ৰতিযোগিতাৰ পাতনি মেলা হৈছিল। প্ৰথম অৱস্থাত এইখন কেৱল ব্ৰিটিছ আৰু নেটিভ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ৰেজিমেণ্টসমূহৰ মাজত অনুষ্ঠিত একচেটিয়া প্ৰতিযোগিতা আছিল। প্ৰথম বিশ্বযুদ্ধ আৰু পৰৱৰ্তী সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে মাজতে কেইবাবছৰো স্থগিত ৰাখিবলগীয়া হোৱা প্ৰতিযোগিতাখনে ১৯৪০ চনত দিল্লীলৈ স্থানান্তৰিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অসামৰিক দলক অংশগ্ৰহণৰ সুযোগ দিছিল। সেই বছৰেই মহমেডান স্প’ৰ্টিং ক্লাৱে প্ৰথমটো অসামৰিক দল হিচাপে খিতাপ জয় কৰি ইতিহাস ৰচনা কৰিছিল।

Durand Cup

স্বাধীনতাৰ পিছত দেশ বিভাজনৰ সময়ত প্ৰতিযোগিতাখন লাহোৰলৈ স্থানান্তৰিত কৰাৰ দাবী উঠিছিল যদিও তদানীন্তন প্ৰতিৰক্ষা সচিব এইচ এম পেটেলৰ হস্তক্ষেপত ই ভাৰততে থাকি যায়। ১৯৫০ চনৰ পৰা ২০১৩ চনলৈকে ধাৰাবাহিকভাৱে দিল্লীতে অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপ পৰৱৰ্তী সময়ত গোৱা আৰু শেহতীয়াকৈ ২০১৯ চনৰ পৰা কলকাতা তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। বৰ্তমান সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (AIFF) তত্ত্বাৱধানত আৰু সশস্ত্ৰ বাহিনীৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন পৰিচালনাৰ বাবে ১৯৫৮ চনত ‘ডুৰাণ্ড ফুটবল টুৰ্ণামেণ্ট ছ’চাইটি’ গঠন কৰা হৈছিল।

 

এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ২৪টা দলক মুঠ ৬টা গ্ৰুপত ভগোৱা হৈছে। ‘গ্ৰুপ এ’ আৰু ‘গ্ৰুপ বি’ৰ খেলসমূহ কলকাতাত, ‘গ্ৰুপ চি’ৰ খেলসমূহ ৰাঁচীত, ‘গ্ৰুপ ডি’ ইম্ফলত, ‘গ্ৰুপ ই’ শ্বিলঙত আৰু ‘গ্ৰুপ এফ’ৰ খেলসমূহ গুৱাহাটীত অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘গ্ৰুপ এফ’ত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এফ চি ওৱানৰ লগতে অসমৰ দুটা দল— বড়োলেণ্ড এফ চি আৰু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চিয়ে অংশগ্ৰহণ কৰিব। আনহাতে, প্ৰতিযোগিতাখনত চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ ডিফেন্দাৰ্ছ এফ চিয়েও ‘গ্ৰুপ চি’ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

ভাৰতীয় ফুটবলৰ অন্যতম মেৰুদণ্ডস্বৰূপ ডুৰাণ্ড কাপৰ এই ১৩৫সংখ্যক সংস্কৰণে ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক উৎকণ্ঠা আৰু উন্মাদনাৰ সৃষ্টি কৰিছে। দেশৰ নতুন প্ৰতিভা বিকাশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চহৰসমূহত খেলসমূহ অনুষ্ঠিত কৰাৰ পদক্ষেপে অঞ্চলটোত ফুটবলৰ জনপ্ৰিয়তা অধিক বৃদ্ধি কৰিব বুলি ক্ৰীড়া সংগঠকসকলে আশা প্ৰকাশ কৰিছে। ২৫ জুলাইৰ উদ্বোধনী খেলখনৰ জৰিয়তে এছিয়াৰ এই প্ৰাচীনতম ফুটবল সমৰৰ পৰ্দা উন্মোচন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd