• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

পিতৃৰ মৃত্যুৰ প্ৰায় ২০ দিন পূৰ্বে কন্যাকেইগৰাকীক পিতৃৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বিষয়ে অৱগত কৰা হৈছিল। তথাপিও তেওঁলোকে তেওঁক চাবলৈ অহা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2026 9:53 am
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ নিজৰ ছোৱালীকেইজনীক মানুহ কৰি তুলিব বিচাৰিছিল। তাৰ বাবে তেওঁ গোটেই জীৱন অক্লান্তভাৱে কাম কৰিছিল। কিন্তু পিতৃৰ শেষকৃত্যৰ সময়ত কোনো কন্যা তেওঁৰ কাষত নাথাকিল। ইয়াৰ বিপৰীতে তেওঁৰ তিনিগৰাকী কন্যাই নেপাল, উত্তৰ প্ৰদেশ আৰু মুম্বাইৰ পৰা ভিডিঅ’ কলৰ জৰিয়তে তেওঁৰ পিতৃৰ শেষকৃত্য চাইছিল। এনে এক অন্তৰ ব্যথিত কৰা ঘটনাৰ সাক্ষী হৈছে হাৰিয়ানা।

মুম্বাইৰ বাসিন্দা তথা প্ৰাক্তন বস্ত্ৰ ব্যৱসায়ী শিৱচৰণ ৰামৰতন গুপ্তাই বিগত ডেৰ বছৰ ধৰি শোনিপটৰ পশ্চিম ৰামনগৰত সমাজ কল্যাণ শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত বৃদ্ধাশ্ৰমত বাস কৰিছিল। পত্নী মীনা গুপ্তাৰ সৈতে তেওঁ তালৈ আহিছিল। অৱশ্যে পূৰ্বে তেওঁৰ পত্নীৰ মৃত্যু হয়।

Apply Now

দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত মঙলবাৰে পুৱা ৩:৩০ বজাত শিৱচৰণৰো মৃত্যু হয়। ইয়াৰ পিছত বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই তেওঁৰ তিনিগৰাকী কন্যাৰ সৈতে যোগাযোগ কৰে।

বৃদ্ধাশ্ৰমৰ প্ৰশাসক আনন্দ কুমাৰে ছোৱালীকেইজনীৰ অদ্ভুত আচৰণৰ বিষয়ে মুকলিকৈ কৈছে। তেওঁ কয় যে শিৱচৰণৰ হাতত এটা মোবাইল ফোন আছিল। ইয়াৰ জৰিয়তে তেওঁ নিজৰ ছোৱালীকেইজনীৰ লগত নিয়মিতভাৱে কথা পাতিছিল। কিন্তু তেওঁ অসুস্থ হোৱাৰ পিছত সেই সংস্পৰ্শ ক্ৰমান্বয়ে কমি আহিল।

আনন্দ কুমাৰে দাবী কৰা মতে, পিতৃৰ মৃত্যুৰ প্ৰায় ২০ দিন পূৰ্বে কন্যাকেইগৰাকীক পিতৃৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বিষয়ে অৱগত কৰা হৈছিল। তথাপিও তেওঁলোকে তেওঁক চাবলৈ অহা নাছিল।

তাৰ পিছত শিৱচৰণৰ মৃত্যুৰ পিছত কন্যা সন্তানক পুনৰ খবৰ দিয়া হ’ল। শোণিপটত আহি শেষকৃত্যত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হয়। কিন্তু সময়ৰ অভাৱত আহিব নোৱাৰিম বুলি ক’লে।

শেষত বৃদ্ধাশ্ৰমৰ কৰ্তৃপক্ষ আৰু স্থানীয় বাসিন্দাসকলে শিৱচৰণ ৰামৰতন গুপ্তাৰ শেষকৃত্য সম্পন্ন কৰে। আৰু তেওঁৰ তিনিগৰাকী কন্যাই দেশৰ বিভিন্ন প্ৰান্ত আৰু নেপালৰ পৰা ভিডিঅ’ কলৰ জৰিয়তে শেষ বিদায়ৰ সাক্ষী হয়।

জানিব পৰা মতে নেপালত বাস কৰা পেছাত শিক্ষয়িত্ৰী ডাঙৰ কন্যা অনিতাই অনলাইনযোগে ৫১০০ টকা পঠিয়াইছিল। ইয়াৰ জৰিয়তে তাই পিতৃৰ শেষ ৰীতি-নীতি পালন কৰিবলৈ অনুৰোধ জনায়।

শেষকৃত্য সমাপ্ত হোৱাৰ পিছত কন্যা সন্তানসকলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষক সমগ্ৰ অনুষ্ঠানটোৰ ভিডিঅ’ প্ৰেৰণ কৰিবলৈও অনুৰোধ জনায়। ভিডিঅ’ কলটোত এজনী ছোৱালীয়ে কোৱা শুনা যায়, ‘আৰু কিমান সময় লাগিব?’ আমি খাব লাগিব, গা ধুব লাগিব।’

বৃদ্ধাশ্ৰমৰ সূত্ৰ অনুসৰি শিৱচৰণে তিনিজনী কন্যাৰ পঢ়া-শুনাৰ বাবে গোটেই জীৱন কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁ তেওঁলোকৰ বাবে ভাল শিক্ষাৰ ব্যৱস্থা কৰিছিল। কন্যা সন্তানৰ সফলতাক লৈ তেওঁ গৌৰৱ কৰিছিল। তেওঁৰ দুগৰাকী কন্যা বৰ্তমান শিক্ষয়িত্ৰী।

ডাঙৰ কন্যা অনিতা নেপালত থাকে। দ্বিতীয় কন্যা নিশা উত্তৰ প্ৰদেশৰ আজমগড়ত থাকে। সৰু কন্যা প্ৰিয়া থাকে মুম্বাইত। তিনিওজনেই বিবাহিতা। তেওঁলোকৰ নিজা পৰিয়াল আছে।

প্ৰথম অৱস্থাত পৰিয়ালটোৱে শিৱচৰণৰ অস্থি সংৰক্ষণ কৰিবলৈ কয়। পিছত তেওঁলোকে ক’লে যে শোনিপটলৈ আহিবলৈ সময় নাই। সেয়ে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষক তেওঁৰ অস্থি গংগাত বিসৰ্জন দিয়াৰ দায়িত্ব দিয়া হয়। আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা চৌদিশে নিন্দাৰ জোৱাৰ উঠিছে। ছ’চিয়েল মিডিয়াত ছোৱালীকেইজনীৰ কৰ্তব্যবোধক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে।

What’s even the point of life if you can’t be there for your parents’ last rites ? video from Sonipat Imagine attending the funeral of the people who raised you stood by you your whole life through a video call. No one should ever have to go through this. pic.twitter.com/qrAqOYFWzT

— Nikhil saini (@iNikhilsaini) August 5, 2026

ইপিনে, শিৱচৰণৰ মৃত্যুৰ পিছত পৰিয়ালৰ ইচ্ছামতে তেওঁৰ চকুও দান কৰা হয়। ফলত তেওঁৰ চকু দুটাই আন কাৰোবাৰ জীৱনলৈ পোহৰ ওভতাই আনিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

August 7, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd