• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বৰ্তমানৰ বান পৰিস্থিতিৰ সুযোগ লৈ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰা শিশুসকল মানৱ সৰবৰাহ, উৎপীড়ন আৰু শোষণৰ বলি হোৱাৰ তীব্ৰ সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনস্থ ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে এক গুৰুত্বপূৰ্ণ সজাগতামূলক নিৰ্দেশনা জাৰি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2026 2:54 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানৰ বান পৰিস্থিতিৰ সুযোগ লৈ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰা শিশুসকল মানৱ সৰবৰাহ, উৎপীড়ন আৰু শোষণৰ বলি হোৱাৰ তীব্ৰ সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনস্থ ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে এক গুৰুত্বপূৰ্ণ সজাগতামূলক নিৰ্দেশনা জাৰি কৰিছে। ‘মিছন বাৎসল্য’ৰ অধীনত প্ৰকাশিত এই পৰামৰ্শৱলীত ৰাজ্যৰ বানাক্ৰান্ত অঞ্চলসমূহত শিশুসকলৰ সুৰক্ষা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ নাগৰিক, স্বেচ্ছাসেৱক, সাহায্যকৰ্মী, সংবাদ মাধ্যম আৰু জনপ্ৰতিনিধিসকলক সন্মিলিতভাৱে সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে। বানৰ বাবে ঘৰ-বাৰু হেৰুৱাই আশ্ৰয়হীন বা পৰিয়ালৰ পৰা আঁতৰি যোৱা শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰাই এই পৰামৰ্শৱলীৰ মূল উদ্দেশ্য বুলি  সদৰী কৰিছে।

 

Apply Now

চৰকাৰী নিৰ্দেশনা অনুসৰি, সাধাৰণ নাগৰিক বা স্বেচ্ছাসেৱকসকলে কোনো পৰিত্যক্ত বা অকলশৰীয়া শিশু পাই নিজৰ ঘৰলৈ লৈ যোৱা, দত্তক লোৱাৰ প্ৰস্তাৱ দিয়া বা ছ’চিয়েল মিডিয়াত দত্তক গ্ৰহণ সম্পৰ্কে কোনো আহ্বান জনোৱাৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকিবলৈ কোৱা হৈছে। শিশু কল্যাণ সমিতিৰ অনুমোদন অবিহনে এনে কোনো শিশুকে কোনো ব্যক্তি বা সংগঠনৰ হাতত তুলি নিব নোৱাৰিব। প্ৰায়ে দেখা যায় যে অকলশৰীয়া যেন লগা শিশুসকলৰো অভিভাৱক বা আত্মীয়ই তেওঁলোকক বিচাৰি থাকে। এই ক্ষেত্ৰত শিশুসকলৰ যত্ন, পুনৰুদ্ধাৰ বা আইনগত প্ৰক্ৰিয়া কেৱল কিশোৰ ন্যায় (যত্ন আৰু সুৰক্ষা) আইন, ২০১৫-ৰ নিয়ম অনুসৰিহে পৰিচালিত হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

 

শিশুসকলৰ আইনী সুৰক্ষা আৰু গোপনীয়তা ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ বা ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কোনো দুৰ্ভগীয়া শিশুৰ ফটো, ভিডিঅ’ বা ব্যক্তিগত তথ্য আপলোড কৰাটো সম্পূৰ্ণ নিষেধ কৰা হৈছে। কিশোৰ ন্যায় আইন, ২০১৫-ৰ ধাৰা ৭৪ অনুসৰি যিকোনো শিশুৰ পৰিচয় প্ৰকাশ কৰাটো দণ্ডনীয় অপৰাধ। ইয়াৰোপৰি সাহায্য শিবিৰ, আশ্ৰয়স্থল বা শিশু যত্ন প্ৰতিষ্ঠানত আশ্ৰয় লোৱা শিশুসকলৰ কাষত ভিৰ নকৰিবলৈ, তেওঁলোকৰ ভিডিঅ’ বা সাক্ষাৎকাৰ গ্ৰহণ নকৰিবলৈও সকীয়াই দিয়া হৈছে, যাতে শিশুসকলে মানসিক শান্তি আৰু নিৰাপদ পৰিৱেশ লাভ কৰিব পাৰে।

 

যিকোনো স্থানত পৰিয়ালৰ পৰা বিচ্ছিন্ন, আঘাতপ্ৰাপ্ত বা দুৰ্দশাগ্ৰস্ত শিশু পোৱা গ’লে তাৎক্ষণিকভাৱে নিকটৱৰ্তী থানাত খবৰ দিবলৈ অথবা জৰিয়তে ১১২ নম্বৰ বা শিশু সাহায্য হেল্পলাইন ১০৯ৰ-ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাৰ জিলা শিশু সুৰক্ষা ইউনিট আৰু শিশু কল্যাণ সমিতিক অৱগত কৰাটো বাধ্যতামূলক কৰা হৈছে। ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ এই সময়োপযোগী পদক্ষেপক প্ৰশংসা কৰি জনসাধাৰণৰ সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে বিভিন্ন অসামৰিক সংস্থাই।

 

নাগৰিক সমাজৰ নেটৱৰ্ক ‘জাস্ট ৰাইটছ ফৰ চিড্ৰেন’ৰ ৰাষ্ট্ৰীয় সম্পাদক ঋষি কান্টে প্ৰকাশ কৰা মতে, বানাক্ৰান্ত পৰিস্থিতিত মহিলা আৰু শিশুসকল অতিশয় সংবেদনশীল অৱস্থাত থাকে আৰু এই সুযোগতে সৰবৰাহকাৰীয়ে বিশেষকৈ ৰেলপথসমূহ ব্যৱহাৰ কৰি অপৰাধ সংঘটিত কৰাৰ আশংকাক নুই কৰিব নোৱাৰি। সেয়েহে অসম আৰু পশ্চিম বংগৰ ৰেৱে ষ্টেচন তথা ৰে’লগাড়ীসমূহত ৰে’লৱে সুৰক্ষা বাহিনী, চৰকাৰী ৰে’ল আৰক্ষী আৰু শিশু সুৰক্ষা অংশীদাৰসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰি  তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁলোকৰ ফালৰ পৰাও দাবী উত্থাপন কৰিছে। বৰ্তমান ৰাজ্যজুৰি শিশু সুৰক্ষা আৰু সজাগতা নিশ্চিত কৰাৰ দিশত প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কতামূলক ব্যৱস্থাৱলী কঠোৰভাৱে অব্যাহত ৰখা হৈছে বুলি জানিবলৈ  দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm
বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026 2:44 pm
AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm
বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd