এতিয়া আৰু কেৱল জলপথৰ ওপৰত নিৰ্ভৰ কৰিব নালাগিব। আন বিপদৰ শংকাৰ পৰাও হাত সাৰিব পৰা যাব। এইবাৰ ৰাছিয়াই ভাৰতৰ সৈতে ৰে’ল সংযোগৰ বাবে এক সুদূৰপ্ৰসাৰী প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী মাৰাট খুছনুলিনে টাছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনে সম্ভাৱনাৰ বিষয়ে জানিবলৈ দিছে।
ৰাছিয়াৰ বিষয়াসকলে বছফৰাছ প্ৰণালী আৰু হৰমুজ প্ৰণালীৰ দৰে গুৰুত্বপূৰ্ণ জলপথৰ ভূ-ৰাজনৈতিক বিপদ হ্ৰাস কৰিবলৈ বিকল্প স্থল বা ৰে’ল পথ বিচাৰি উলিওৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
বিশেষকৈ হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম প্ৰধান জলপথ, যাৰ মাজেৰে বিশ্ব বাণিজ্যৰ প্ৰায় ২৫ শতাংশ তেল আৰু ২০ শতাংশ এলএনজি নিয়মীয়াকৈ পৰিবহণ কৰা হয়। এই পথসমূহৰ বিকল্প হিচাপে মস্কোৱে ৰে’ল সংযোগৰ কথা বিবেচনা কৰিছে।
ৰাছিয়া চৰকাৰে প্ৰস্তাৱ কৰা এই পথটো ৰাছিয়াৰ পৰা আৰম্ভ কৰি তুৰ্কমেনিস্তান, ইৰাণ, আফগানিস্তান আৰু পাকিস্তান হৈ পোনপটীয়াকৈ ভাৰতলৈ আহিব। অৱশ্যে এয়া এই মুহূৰ্তত মাত্ৰ এটা প্ৰস্তাৱহে আৰু ই প্ৰাৰম্ভিক পৰ্যায়তে আছে।
ৰাছিয়া বা ভাৰতৰ মাজত কোনো ধৰণৰ ৰে’ল সংযোগ, নিৰ্দিষ্ট পথ, টিকটৰ মূল্য বা ৰে’ল মুকলিৰ তাৰিখ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। এই সন্দৰ্ভত কোনো চৰকাৰী নিশ্চয়তা দিয়া হোৱা নাই।
এই প্ৰস্তাৱিত ৰে’ল কৰিড’ৰ কাৰ্যকৰী হ’লে ৰাছিয়াই সম্পূৰ্ণৰূপে জলপথৰ ওপৰত নিৰ্ভৰ নকৰাকৈ পোনপটীয়াকৈ সামগ্ৰী পৰিবহণ কৰিব পাৰিব।
যদি এই ৰে’লপথ মুকলি কৰা হয়, তেন্তে ভাৰতৰ ক্ষেত্ৰত ৰাছিয়া তথা মধ্য আৰু দক্ষিণ এছিয়াৰ বাকী দেশসমূহৰ সৈতে প্ৰত্যক্ষ স্থল সংযোগ শক্তিশালী হ’ব। ভৱিষ্যতে যদি এই দেশসমূহৰ মাজত পথ বা ৰে’ল সংযোগ স্থাপন কৰা হয়, তেন্তে সাধাৰণ জনতাৰ বাবে যাতায়ত আৰু পৰ্যটনৰ ক্ষেত্ৰতো নতুন দিশ মুকলি হ’ব।





